ফোপাই আহি ক'লেহি—‘কথা এটা হ'ল নহয় বোপাইহঁত।
বোলে আইৰ ঘৰলই যাম দুয়ো হাতেৰে খাম, বিধাতাই
বোলে মইও পাছে পাছে যাম। ইমানখন চাফ্ চিকুণতাৰে
সাৱধান হোৱাতোচোন ভকতপাৰাত মহামাৰী হাইজা নে
কিবা সোমাল। তেজহাগনি হই আৰু বতিয়াই ৰাতিৰ
ভিতৰতে দুটা ফুঁকলীয়া ল'ৰা মাৰিলেই হেৰ'। মই আক’
সেইফালৰে আহোঁতে হুৱা-দুৱাখন শুনি কথাটোৰ তত্ লই আহিলোঁ। অতুল-ৰজনীহঁতে উধাতু খাই ফুৰিছে।
তহঁতক খবৰ এটা দিবলই মোকে পাই কই পঠালে।’
সেইদিনা আৰু মেল সিমানতে ভাগিল। ডেকাসকল উঠি ততাতয়াকই ভকতপাৰাৰ ফাললই খোজ ল'লে। বাটত সুদীপে কই গলঃ সময়খিনি বৰ বেয়া। পানী, মাছ-গাখীৰৰ পৰা এনেবোৰ ৰোগ বিয়পে। তেওঁলোক গই পায়েই ৰোগ নিবাৰণৰ উপায়বোৰ বুজাই দিব লাগিব যাতে বেছিকই বিয়পিবলই নাপায়। কাষৰ গাঁও কেইখনৰ লগত বস্তু-বাহানি অনা-নিয়া কৰা বন্ধ কৰি দিব লাগিব। ইফালে জয় বাপুৱে জনাজনি কৰি ফুৰিছে বোলে গাঁওখনত অপদেৱতা সোমাইছে। সোমাইছে যেতিয়া সক লোকে ধাঁহি-মুহি নিব। ৰাজহুৱাকই পূজা এভাগহে আগবঢ়াব লাগে। আন একোৱে বোলে এই ৰোগ ৰোধ কৰিব নোৱাৰে।
নাহৰকলিলই ঘূৰি আহি জয়বাপুৰ কথাবোৰ শুনি সুদীপৰ হাঁহি উঠিল। জয়বাপুৰ দৰে পুৰণিকলীয়া মিছা ধৰম ভাবত ভয়াতুৰ মানুহে পূজা-সেৱা কৰিয়েই এনে বিয়পা ৰোগ ভাল কৰিব খোজে। ডেকা কেইজনক ভকত- পাৰাতেই অকল নহয় নাহৰকলি আদি কাষৰীয়া গোটেই গাঁওকেইখনতে মাছ-গাখীৰ বন্ধ কৰিছে নে নাই চকু দিবলই কই সুদীপ বেগাবেগিকই নগৰলই গ'ল। ডাক্তৰ এজন নহ'লেই নহ'ব। যেনে তেনে অনিব লাগিব।