॥দুই॥
নিশাটো কোনোমতে পাৰ কৰি পুৱাতে সুদীপে মণি পণ্ডিতৰ ঘৰলই খোজ ল'লে। নাহৰকলি গাঁৱৰ পৰা দুমাইল নিলগৰ চোমতলা গাঁৱত তেওঁৰ ঘৰ। চটাই গাঁৱৰ পাঠ- শালাৰ পণ্ডিত। সুদীপক তেওঁ বৰ চেনেহ কৰিছিল। তেওঁৰ এখন পুৰণিকলীয়া চাইকেল আছে। চলালে কেৰ্কেৰাই উঠে। চাইকেলৰ এই শৱদ শুনিলেই সকলোৱে বুজি পায় পণ্ডিত আহিছে। সুদীপহঁতৰ কিছুমান সহপাঠীয়ে সেই কাৰণে তেঁওৰ কেৰ্কেৰীয়া পণ্ডিত বুলিয়েই নামাকৰণ কৰিছিল। কিন্তু কোনোদিনে সুদীপে পণ্ডিতক অৱমাননা কৰা নাছিল। আনতকই অলপ বেছিহে সমীহ কৰি চলিছিল। পঢ়াতো বেয়া নাছিল বাবেই নেকি পণডিতে সুদীপক অলপ বেলেগ চকুৰে চাইছিল। মৰমেৰে মাত কথা দিছিল। চহৰলই যোৱাৰ আগতে মাত লগাবলই অহাৰ কথা মনত পৰাত সুদীপৰ মনটো মুকলি মুকলি লাগিল। সেইদিনা পণ্ডিতে তাক শিৰত হাত ফুৰাই আশীৰবাদ দি এসাজ ভাত খুৱাই বিদায় দিছিল। তেওঁ কৈছিল–সততা আৰু সাধনাৰ অবিহনে জীৱনত সফলতা লাভ কৰিব নোৱাৰি।
দূৰইৰ পৰাই সুদীপে দেখিলে পণ্ডিতে বাৰীত কিবা খুচৰি আছে। বোধহয় সণ্মুখৰ বাৰীখনত কিবা শাক-পাচলিৰ খেতি কৰিছে। মানুহজন বৰ কামিলা। অবাবত সময় নকটায় কেতিয়াও। হঠাতে তেওঁ সুদীপক দেখি অলপ আচৰিতে হ’ল। ভিতৰত বহিবলই কই নিজে হাত-মুখ ধুবলই গ’ল। পণ্ডিতৰ জীয়েক পমিলীয়ে সুদীপক চ'ৰাঘৰত বহিবলই দি মাকক বতৰা দিবলই ভিতৰলই গ'ল।
পণ্ডিতক সেৱা এটা জনাই সুদীপে পৰীক্ষাৰ ফলাফলটো জনালে। কশল বাতৰি সোধাৰ পাছত পণ্ডিতে সুদীপৰ