আয়োজন দেখি বয়সীয়াল সকলেও আহি যোগ দিলেহি।
নাহিল কেৱল কমল আৰু কেইটামান তাৰ ধিতিঙালি কৰি
ফুৰা সহচৰ।
চহৰৰ পৰা সুদীপে কেইবাটাও নতুন বতৰা লই আহিছে। সুদীপে ক'লে—'ৰাইজ, দুটামান শুভ বাতৰি আপোনা- লোকক দিবৰ বাবেই সকলো গোট খাইছো। আমি কিৰিষি বিষয়াক লগ ধৰি গাঁৱৰ আলাই-আথানিৰ কথা ক'লো, বছৰি বানপানীয়ে জুৰুলা কৰা ৰাইজৰ অভাৱ-অনাটনৰ কথাও ক'লো। এতিয়া চৰকাৰৰ ফালৰ পৰা আমাক ৰবি খেতিৰ কাৰণে বিনামূলীয়াকই বীজ দিবলই গাত লইছে। সাৰও দিব বুলি কইছে। টেৰেক্টৰ দুখন অলপ বেয়া হই আছে—ভাল হোৱাৰ পাছত তাৰে এখন আমাৰ গাঁৱেও পাব।’
টেৰেক্টৰৰ কথা শুনি নেউলা, কেনাই ৰঙতে কিৰি- লিয়ায়েই দিলে। হওক তেও মাটি ডৰা চহাব পৰা হ'লেও যহন-তহন। কিমান আৰু লোকৰ হাললই হাত মেলি ৰ'ব।
গাঁওবুঢ়া, কমলা বায়ন, আঘোণাকাইয়ে সুদীপহঁতৰ কাম শলাগিলে। ইমান দিনে নোপোৱা সা-সুবিধা গাঁওখনে পাব —কম কথানে? ভদোৱে মতি দিলে —‘এৰাতো! আমি খা-খবৰ নলওঁ বুলিহে। চৰকাৰে এনেকই কিমানক সা- সুবিধা দিব লাগিছে! নতুন ধৰণৰ বীজ, সাৰ, পোক-পৰুৱা মৰা দৰৱ পালে আমাৰ গাঁৱত নো ভাল খেতি নোহোৱাৰ কি কাৰণটো আছে?’
এইবাৰ দিগেনে উঠি কবলই ধৰিলে—‘ৰাইজ, আৰু এটা ভাল বাতৰি। সুদীপে আমাৰ গাঁৱৰ কথাবোৰ লিখি বাতৰি কাগজত দিছে। সেইবোৰ কথা ওলালে সকলোৱে আমাৰ গাঁৱৰ কথা জানিব পাৰিব।’
জেতুকী পেহীয়ে মাজতে কই উঠিল—‘বেপায়ে সজ কামেই কৰিছে। দুবেলা দুমুঠিৰ অভাৱত গাঁওখনত কি