পৃষ্ঠা:ৰ’দ জিলমিল.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
ৰ’দ জিলমিল


কোনোবা এজনে আনজনক ৰঙেৰে মূৰ দুপিয়াই ক'লে। ভোজৰ কথা শুনি ল'ৰা-ছোৱালীবোৰৰ গাত তত্‌, নোহোৱা হ’ল৷

 নাহৰকলি গাঁৱত বিজুলি-বাতিৰ পোহৰ হ'ল। বাট- পথবোৰ বিজুলীৰ পোহৰে পোহৰাই তুলিলে। আন্‌ধাৰ শেষ হ’ল। পোহৰৰ ন-ঢল নামি আহিল গাঁৱৰ বুকুল’ই। সেই পোহৰে ৰাইজৰ মনবোৰো পোহৰাই তুলিলে।

 পৰম উলাহেৰে গাঁৱৰ ডেকা-ডেকেৰী, বুঢ়া-বুঢ়ী, ল'ৰা- ছোৱালীয়ে ভোজৰ আয়োজন কৰিছে। বৰ আঁহতজোপাৰ কাষৰ মুকলি ঠাইখিনিত ৰভা তৰা হইছে। অতুল-ৰজনী হঁতে বৰ পুখুৰীৰ পৰা দহোটা ডাঙৰ ডাঙৰ ৰউ মাছ তুলি আনিছে। সৰু-সুৰা মাছও ভালেমান আনিছে। ভঁৰালৰ ধান গাভৰুহঁতে মিলি জুলি ঢেকীত বানি, জাৰি, বাচি ঠিক কৰি দিছে। ডেকাহঁতে বাৰীৰ শাক-পাচলি আনি বয়সীয়াল তিৰোতাসকলক কুটা-মেলাত সহায় কৰি দিছে। ল'ৰাবোৰে পাত কাটিছে। খোল সজাই খোল সাজিছে। পটুৱা কৰাই পটুৱা কৰিছে। বিধে বিধে সকলোৱে কৰা কামবোৰ সুদীপ, বিনয় আৰু দিগেনে তদাৰক কৰিছে। ন'ইৰ পাৰত কৰা গছৰে খৰি ডেকাহঁতে কান্‌ধত দাঙি আনি আগদিনাই কুঠাৰেৰে ফালি ৰ'দাই থ'ইছে। সেইবোৰ ভৰ্‌ ভৰ্‌ কই চউকাত জলি উঠিছে। ৰন্‌ধা-বঢ়াৰ সুগন্‌ধ কেউপিনে বিয়পি পৰিছে। বয়সীয়ালসকলে বহি হাঁহি হাঁহি কাম কৰিছে। ডেকাহঁতৰ মুখতো হাঁহি। নিজৰ ভৰিৰ ওপৰত থিয় দিব পৰা, পৰৰ ওচৰত কোনো কাৰণত হাত পাতিব নলগা মুকলি হাঁহি। ৰভাৰ খুটা এটাত ধৰি সুদীপে সকলোৰে মুখবোৰ এখন এখন ক’ই চাই গ'ল।

 ভোজল'ই পশু-চিকিত্‌সক, ডাকঘৰৰ বিষয়াজন, পণ্‌ডিত কেইজন—সকলো আহিছে। কেৱল গাঁওবুঢ়া, ভদো, জয়বাপু