পৃষ্ঠা:ৰ’দ জিলমিল.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
ৰ’দ জিলমিল


পঢ়াশালিলই আহি পঢ়া-শুনা কৰে। সকলোৰে হাতে হাতে ফলি-পুথি। আগৰ দৰে নাকত সেঙু নলই, মুখত তামোল চোবাই আৰু কোনো নাথাকে। সিহঁতৰ মনবোৰো ৰঙিয়াল হই পৰা বাবে দেহবোৰো সৱল হই মৰম লগা একোটা হই পৰিছে। বুঢ়া-মেথাবোৰেও গধূলি আহি বায়নৰ আগচোতালত গোট খায় আৰু তাতে আলাপ-আলোচনাও চলে, পঢ়া-শুনাও শিকে। মণি পণডিতে বৰ যতনেৰে পাঠ দিছে। জুৰমন, ভদো, তিলউ, কলীয়াহঁতে মনপুতি শিকিবলই লইছে। নিৰাশা আৰু লাজৰ ভাব সকলোৰে আঁতৰিল। শিকি-লিখি বৰ অমোদহে পাইছে। সেয়ে মনবোৰো উছাহেৰে ভৰা।

 সোণতৰাই বৰ খৰধৰকই মালতীৰ ঘৰলই আগবাঢ়িল। সুদীপ, দিগেনহঁত দুদিন পাছতে চহৰৰ পৰা উলটি আহিব। সোণতৰাক তেওঁলোকে এটা গধুৰ ভাৰ দি গইছে। জীয়ৰী- বোৱাৰীসকলক লই এটা মহিলা দল গঠন কৰিব লাগে। এয়া সেৱিকা দল হ’ব। ডেকাহঁতৰ সেৱক দলৰ দৰেই। সুদীপে কইছে গাঁৱৰ জীয়ৰী-বোৱাৰীও পিছ পৰি থাকিব নালাগে। থকা ঘৰখন কেনেকই ৰাখিব লাগে, ল'ৰা-ছোৱালীৰ যতন কেনেকই লব লাগে, ৰনধা-বঢ়া কেনেকই চাফ্‌চিকুণ কই আৰু শৰীৰৰ উপকাৰ হোৱাকই ৰান্‌ধিব লাগে আদি কথাবোৰ সকলোৱে জানিব লাগে। সোণতৰাই সেয়ে মালতী, ৰেহেনা, ৰঙিলী, আবিদা, পখিলী, তগৰক লই সোনকালেই মেল এখন পাতি আন আন জীয়ৰী-বোৱাৰীকো গোটাই আলচ কৰি এইবোৰ শিকাব লাগে। যোৱা বহাগত বিয়া হই নতুনকই এইখন গাঁৱৰ বোৱাৰী হই অহা সুৱলাৰ এইবোৰত বৰ মন। জানেও তেওঁ বহুত কথা। ডেকাবোৰৰ সেৱক দলটো দিগেন- টিকেন-হঁতৰ পৰিচালনাত বেছ লায়ক হই উঠিছে। গাঁৱৰ ভিন্‌ ভিন্ কাম আগবঢ়াই নিছে। জীয়ৰী-বোৱাৰীৰ মাজতো সেয়ে তেনেকই আগবাঢ়ি যাবলই উথপ্‌থপ লাগিছে।