॥ তিনি॥
দুৰইৰ পৰাই ম'হৰ শিঙৰ পেঁপাৰ মন কেনেবা কৰা সুৰটো শুনি সোণতৰাই ঠিক বুজি পালে সেয়া কলীয়াই হ'ব। লগে লগে সুৰীয়া মাতেৰে গোৱা বন-ঘোষাৰ কলি কেইটা কাণত পৰাত তাইৰ মনটোও থউকি-বাথউ লাগিল—
বাৰীৰে আম গছ
তিনি ফেৰেঙীয়া
তাতে বহি মাতিলে কুলি,
গধূলি বেলিকা আহিবা লাহৰী
চালনী অনোগই বুলি॥
গছবোৰত ন-কুঁহিপাত। গছৰ ডালে ডালে ডেও দি দি নচা চৰাইৰ বিতোপন খেল। মাজে মাজে দুই এজাক পছোৱাই কঢ়িয়াই অনা বিবিধ ফুলৰ সুবাসে মনত পেলাই দিয়ে—এয়া বসন্তৰ আগমনি। সোণতৰাই আকাশলই মূৰ তুলি চালে। সুনীল আকাশখন দেখি তাইৰ মনটোও ফৰ্কাল ফৰ্কাল। লাগি গ'ল।
সুদীপ গাঁৱলই অহা তিনি মাহ হই গ'ল। এই কম সময়ৰ ভিতৰতে গাঁওখনৰ ভালেমান সলনি হ'ল। বিশেষকই ল'ৰা- ছোৱালী ডেকা-গাভৰুবোৰ নিজৰ কামত মগন। ল'ৰা- ছোৱালীবোৰে আৰু আগৰ দৰে পুৱাৰেপৰা খেল-ধেমালি হাই-কাজিয়া কৰি নকটায়। ৰাতিপুৱা সকলো আহি বৰ আঁহত জোপাৰ তলত গোট খায়। তাতে টিকেনৰ পৰিচালনাত কছৰত্ কৰে। সুদীপে সাধুকথাৰ ছলেৰে নানান জানিব- লগীয়া কথা শিকায়। বাৰীৰ ফল মূলবোৰ ধুই-পখালি খাবলই শিকায়। ল'ৰা-ছোৱালীবোৰৰ চেহেৰাও সলনি হইছে। এতিয়া সিহঁতে গা-পা ধুই চাফ্-চিকুণ কাপোৰ পিন্ধি থাকে। ভাত পানী খাই দহমান বজাত আক’উ কমলা বায়নৰ চ'ৰা ঘৰৰ