আন বস্তু আনিব। চৰকাৰে সমবায়ৰ দোকানবোৰকো। কম বেচতে বহু বস্তু দিয়ে। আনকি কাপোৰ-কানি, কিতাপ- বহীও দিয়ে। ৰাইজে কথাটো শুনি পাৰ পোৱাদি পালে। সেই মেলতে বায়নক সভাপতি হিচাবে লই ‘নাহৰকলি সমবায় সমিতি’ গঠন কৰাৰ ঠিক হ’ল।
অলপ দিনৰ পিচতে চৰকাৰৰ লগত যোগাযোগ কৰি, লাগতিয়াল অনুমোদন লই বায়নৰ চ’ৰা ঘৰৰ কোঠা এটাতে সমবায় সমিতিৰ সুলভ মূইলৰ দোকান এখন হ'ল। ৰাইজে এতিয়া কম দামতে খোৱা বস্তুৰ উপৰিও কাপোৰ-কানি, কিতাপ-বহী আদি সকলোখিনি লাগতিয়াল বসতু পোৱা হ'ল। ৰাইজৰ একতা আৰু বুধি কউশলৰ আগত হিৰণ দোকানীৰ ফিটাহি ভেচভেচীয়া হই গ'ল।
সমবায় সমিতিৰ কামফেৰা শেষ কৰাৰ পাচত সেৱক- দলে ডাকঘৰ এটা সজাৰ কামো কৰিব লগাত পৰিল। সুদীপে নিয়াৰিকই সকলো কামৰ আঁত ধৰি গ'ল। আগতে ঠিক কৰি থই অহা মতে এদিন ডাকঘৰৰ কাগজ আদি লই চহৰৰ পৰা দুজন মান মানুহ আহিল। তাৰে এজনে ডাকঘৰ চলাব। দুজন পিয়নৰ বাবে সুদীপে গাঁৱৰে দুজন ল'ৰাক ঠিক কৰি দিলে। সেই কেইজন ল'ৰাই এনেবোৰ কাম কৰি ভাল পায়। ডাকঘৰ চলাবলই লোৱা মানুহ- জনেই পিয়নৰ কাম দিয়া বকুল আৰু মধুক শিকাই মেলি ল'লে। পঢ়া-শুনা শিকিছিল কাৰণে ঠিকনা পঢ়াত সিহঁতৰ অসুবিধা নহ'ল। চাইকেল চলাব জনা বকুলে চটাই গাঁৱৰ পৰা ডাক আনে আৰু মধুৱে গাঁৱত ডাক বিলি কৰে। তেওঁ- লোকৰ দৰমহাৰ টকা চৰকাৰেই দিয়ে। এদিন ডাকত এটা শুভ বাতৰি আহিল সুদীপল’ই। চৰকাৰে নাহৰকলিৰ পাঠ- শালাটো ল'লে। দুজন পণ্ডিতো নিয়োগ কৰিছে। মণি পণ্ডিততো থাকিবই।