সমললৈ যাওক

পৃষ্ঠা:ৰ’দ জিলমিল.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰ’দ জিলমিল


লয়। সঁচাকইয়ে বাৰু সুদীপহঁতৰ এই নাহৰকলি গাঁওখনৰ কিবা উদ্‌গতি হইছেনে? এনেবোৰ কথাই সুদীপৰ মনটোত তোলপাৰ লগায়।

 গা-পা ধুই চাহ বাটিত চুমুক দিয়াৰ লগে লগে দিগেনে নগুলামুখৰ পৰাই মাত লগালে,-“সুদীপ ঐ, আছ নহয়? পখিলীৰ পৰা বতৰা পায়েই লৱৰি আহিছোঁ।

 সুদীপে ওলাই আহি দিগেনক সাৱটি ধৰিলে। সৰুৰে পৰা এক গল এক নল হই গাঁৱত ঘূৰি ফুৰা দিগেনক বহু দিনৰ মূৰত লগ পাই সুদীপৰ বুকুখন এবেগেত এমুঠন ফুলি উঠিল। দিগেনলইও এবাটি চাহ আহিল। পিৰালীতে বহি দুয়ো দুয়োৰে বা-বতৰা ল'লে। দিগেন আৰু আগৰ দৰে নাই। বিমৰিষ হই থাকে। খিনাইছেও। পঢ়া-শুনা সৰহ কৰিব নোৱাৰাত গাঁৱতে টুক-টাককই দুই চাৰিটা কাম কৰে। অলপ অচৰপ খেতি-বাতিও চোৱা-চিতা কৰে। গাঁৱত বিহু পতা, ভাওনা সবাহ পতাত দিগেন হ’লে আগৰণুৱা। গাঁৱৰ সক- লোৱে দিগেন, চিকেনহঁতক সমীহৰ চকুৰে চায়। সত্ স্বভাৱৰ বাবেই ডেকা ল'ৰা যদিও বুঢ়া মেথাইও সিহঁতৰ কথাত কান দিয়ে। সহায়-সহযোগ কৰে।

 চাহ বাটিত শেষ সোহাটো মাৰি দিগেনে ক'লে—“গ’লি যে গ’লিয়েই, আজি তিনি বছৰে এবাৰতো আহি যাব পাৰ! গাঁওখনৰ কিমান আলাই-অথানি গ’ল!

 ‘দিগেন, তই নুবুজিবি। মোক পলুৱাওঁতে পিতাইৰ ৰূপিত মাটি কেইডৰাও গ'ল। নগৰ-চহৰত থকা-খোৱা, পঢ়া-শুনাৰ খৰচতো জানই। ওলালেই টকা লাগে। পঢ়া-শুনাৰ ফাঁকে ফাঁকে এখন বাতৰি কাগজত কাম কৰিছিলোঁ। যিখিনি পা-পইচা ৰাহি হয়, ঘৰলই পঠিয়াও। আৰু ঘৰলই আহিনো কি কৰিম! আই-পিতাইক চাবলই তহঁতবোৰতো আছই!’ সুদীপে একে উশাহতে কথাখিনি কই সকলো ভৰসা কৰিব পৰা দিগেনৰ চকুযুৰিলই চালে।