পথাৰৰ লখিমী চপাবৰ নউ হয় এথোন। ডেৰ মাহমান
সময় আৰু লাগিব। সেৱক দলৰ পুথি-ভড়ালত পুথি পঢ়াৰ
বাহিৰে বিশেষ কাম হাতত একো নাই। সুদীপে ভাবিলে
এই সময়খিনিৰ ভিতৰত কিবা কাম কৰিব পৰা যায় নেকি।
দূৰৰ শাৰী শাৰী শিমলু আৰু শাল গছবোৰলই চাই থাকোতে
সুদীপৰ এটা বিতোপন কামৰ কথা মনলই আহিল। গধূলি
সেৱক দলৰ মেলতে সুদীপে কথাটো উলিয়ালে। গাঁৱৰ
ৰাইজক চাহ-ভাত কৰিবলইকেনো কমখিনি খৰি লাগেনে?
নিজৰ নিজৰ বাৰীৰ ডাঙৰ ডাঙৰ গছবোৰৰ উপৰিও গাঁৱৰ
আশে-পাশে থকা গছবোৰো কাটি কাটি শেষেই হই আহিছে।
আন ঠাইৰ পৰা খৰি কিনাৰ শকতিনো আছে কিমানজনৰ?
সুদীপে ৰাইজক কথাবোৰ ফাঁহিয়াই বুজালে যে গছ-বন-
বোৰ লাহে লাহে শেষ হই অহা কাৰণেহে মাটিৰ সাৰ কমি
গ’ইছে, বৰষুণ অনিয়মীয়া হই পৰিছে। তদুপৰি সুদীপে এটা
নতুন কথা ক'লে। বায়ুত নানান ধৰণৰ ধূলি-বালি, ধোঁৱা,
বিষাক্ত গেচ আদি থাকে। সেইবোৰে মানুহৰ শৰীৰৰ ভিত-
ৰত সোমাই বেমাৰ বঢ়ায়। কেৱল গছ-গছনিয়েহে সেই
গেচ, মলিবোৰ নিজে শুহি লই বতাহ নিৰ্মল কৰিব পাৰে।
নিৰ্মল বতাহে শৰীৰত শকতি যোগায়। সুদীপে আৰু এটা
কথা ক'লে যে নইৰ পাৰৰ এঢলীয়া ঠাইত গছ ৰুলে মাটি
খহি নাযায়। তেতিয়া দুয়োটা উপকাৰেই হয়। নাহৰকলিৰ
ৰাইজে শাল, চেগুন, বনচোম আদি গছ যদি ৰোৱে তেনেহ'লে
সময়ত সেইবোৰ ঘৰৰ তক্টা, আচবাব আদিতো লগাব পৰা
হ'ব আৰু বেচিলে সমবায় সমিতিয়ে ভালেমান টকাও পাব।
তেতিয়াওতো ৰাইজৰে উপকাৰ। জুইশলাৰ কাৰণে ৰোৱা
গছবোৰেও গাঁওখনলই সম্পদ অহাৰ বাট মুকলি কৰিব।
ইয়াৰ উপৰিও নিজৰ খৰিৰ কাৰণে গাঁৱৰ মানুহখিনিয়ে এই
গছবোৰ পাব। সুদীপৰ এনে সুন্দৰ গঠনমূলক চিন্তাই
পৃষ্ঠা:ৰ’দ জিলমিল.pdf/৫৮
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
ৰ’দ জিলমিল