খেৰেৰে নতুনকই সুবিধা কৰি সাজি দিলে। সোণতৰা, ৰেহেনা,
মালতী, আবিদাহঁতে ল'ৰা-ছোৱালীৰ যতন লোৱা আৰু
খোৱা-বোৱাৰ চাফ্-চিকুণতাৰ বিষয়েও নিজে হাত লাগি
শিকাই দিলে। গাঁৱৰ জীয়ৰী-বোৱাৰীবোৰেও মন ঢালি কাম
শিকিছে আৰু কৰিছেও। চাফ্-চিকুণতাই মনবোৰো শুচি
কৰিছে,—ৰঙিয়াল কৰিছে, সবল কৰিছে।
মলিয়ন পানীৰ পৰা যে বেমাৰ বাঢ়ে এইকথা এতিয়া গোটেই কেইখন গাঁৱৰ ৰাইজে ভালদৰে বুজিছে। পানীত থকা বীজাণুৱে যে কেঁচুৱাবোৰ পঁয়া লগা কৰে, ল’ৰা-ছোৱালী- বোৰৰ পেট ফুলাই অভঁজা কৰি চিৰি-বিধি নোহোৱা কৰে, সেই কথা বুজি ঘৰতে পানী নিৰ্মল কৰাৰ উপায় কৰি লইছে। চাৰিটা মাটিৰ কলহ লই পানী নিৰ্মল কৰা বুধিটো এতিয়া সকলোৱে শিকিছে। বাঁহৰে চাৰিটা ফেৰেঙনি কৰি ইটোৰ ওপৰত সিটোকই চাৰিটা কলহ থোৱা হয়। পৰথম তিনিটা কলহৰ তলিত ফুটা কৰি তলত খৰিকা ভৰাই দিয়া হয়। মাজৰ দুটা কলহৰ এটাত এঙাৰ আৰু আনটোত বালি দিয়ে। একেবাৰে তলৰটোৰ মুখত এখন কাপোৰ বান্ধি দিয়া হয়। ওপৰৰ কলহটোত পানী ঢালি দিলে নিজৰি নিজৰি নিৰ্মল পানী তলৰ কলহটোত জমা হয়। সেই পানী খাই সকলোৱে উপকাৰ পাইছে। কিছুমানে খোৱা পানীখিনি তপত কৰিও খবলই লইছে। সোণতৰাহঁতে শিকোৱা মতে খোৱা বস্তুবোৰ সকলোৱে ঢাকি থবলই লইছে। মাখিয়ে কণী পৰা কমাত অসুখ-বিসুখৰ লেখও কমিছে।
আগতে গাঁৱৰ ৰাইজে জাবৰ-জোথৰবোৰ য'তে ত’তে পেলাই মহ-মাখিৰ লেখ বঢ়াই বেমাৰৰ বীজাণুও বঢ়াইছিল। এতিয়া আৰু তেনে নকৰে। এতিয়া সকলোৱে বাৰীৰ চুকত এটা ডাঙৰ গাঁত কৰি তাতে পেলাই কল-মাৰলিৰ ঢাকনিৰে ঢাকি থই আহে। কাউৰী-কুকুৰেও এতিয়া অ'ৰ পৰা ত’লই,