এদিন সুদীপে নিজেই গ’ই সেই ডেকাসকলক লগ ধৰিলে।
সকলো কথা ভাঙি-পাতি সোধাৰ পিচত ডেকাকেইজনে নিজৰ
দোষৰ বাবে ক্ষমা বিচাৰিলে। সুদীপে সিহঁতক নিজৰ ভাইৰ
দৰে মৰমেৰে সাৱটি ধৰিলে আৰু সেৱক দলত ভৰাই ল'লে।
সেই সুবিধাতে সুদীপে তেওঁলোকৰ কেইজনমানে নিচা কৰা
কথাটোও উলিয়ালে। আওপথে যোৱা ডেকা কেইজনে লাজত
তলমূৰ কৰিলে আৰু কেতিয়াও নিচা নকৰে বুলি শপত
খালে। ৰাগীয়াল বস্তুৱে কেনেকই শৰীৰটো তিল তিল্কই
খাই নিয়ে, সাহ-বুধি নোহোৱা কৰে সেইকথা সুদীপেতো
ক'লেই, বিনয় ডাক্তৰেও এদিন মেলত বুজালে। মেলত
বিনোদ মিচ্তিৰীয়েও নিচা কৰিবল'ই এৰিব বুলি ৰাইজৰ
আগত আঁঠুল’ই শপত খালে। এইদৰে সুদীপে সন্ধিৰ
বাঁহ বুধিৰে কাটিলে।
গাঁৱৰ ৰাইজে সমবায় পদ্ ধতিত খেতি কৰা কাৰণে হিৰণ দোকানী চিন্তাত পৰিল। ইমান দিনে ৰাইজক কণা হাঁহক পতান দি ভুৰুকিওৱাৰ দৰে ভুৰুকাইছিল। এতিয়া গাঁৱৰ ডেকাদলেই নহয়—বুঢ়া-মেথা সকলো সজাগ হ'ল। বাকী খোৱা মানুহবোৰৰ নামত টকাৰ পৰিমাণতো বঢ়াই লিখি থোৱা তো পয়মান হ’ল। সৰহভাগ ৰাইজেই আখৰ চিনি পায়। পঢ়িব জানে। ইফালে বন্ধকীৰ মাটিখিনিও হাতৰ পৰা যোৱাত দোকানীৰ তালুৰ চুলি থিয় হই গ'ল। খঙতে তেওঁ গাঁৱৰ ৰাইজক বাকী নিদিয়া হ'ল। বস্তুৰ দামো চৰা কৰি দিলে। গাঁৱৰ মানুহ কিছুমানে অথাই সাগৰত পৰি সুদীপক বেঢ়ি ধৰিলে। সেৱক দলৰ মেল বহিল। মেলত থিৰাঙ্ কৰা হ'ল যে গাঁৱত সমবায়ৰ ভেটিত এখন সুলভ মূইলৰ দোকান পতা হ’ব। সমবায়ে যি খেতি কৰে সেই সকলোবোৰৰ বিতৰণও এই দোকানৰ যোগেৰে হ'ব। ৰাহি হোৱা ধানখিনিৰে নিতউ লাগিয়েই থকা আন