নামৰ সুৰে পথাৰ খল্ক লগালে। আপোন পাহৰা কৰা
ধানৰ গন্ধ বতাহে বহু দূৰল’ইকে উৰাই ল'ই গ'ল। ইমান
ধান আগতে কোনেও দেখা নাছিল। এতিয়া এই ধান ৰাইজে
লগাখিনি ল'ই চৰকাৰক বেচিবহে পাৰিব। সেই ধনেৰে আক’
সমবায়ৰ সুলভ মূলীয়া দোকানল'ই হৰেক ৰকমৰ বস্তু
আহিব। মুখত এমোকোৰা হাঁহিৰে সকলোৱে কামত লাগি
গল।
বায়নৰ আগচোতালত আজি ৰঙৰ মেলা বহিল। ৰাইজ হিল্দল ভাঙি আহিল। ঠিক গধূলি হোৱাৰ লগে লগে বায়নে ভাটিয়ালী ৰাগত বৰগীত এটা জুৰিলে—
কিৰিষি কৰা আলো মনাই—
হৰি চৰণৰ সেৱা পৰম সুখে।
যতন কৰিয়া হৰিৰ নাম সদায় ভাব মুখে॥•••
বৰগীতটো শুনি সকলোৰে দেহ-মন শাঁত পৰি গ'ল। ৰাইজৰ অনুৰোধত এইবাৰ চেলিমে জিকিৰ এটা গালে—
ৰহমৰ গিৰিহঁত
তুমি আল্লা চাহাব ঐ,
যদি কৰা দৰিয়াৰ পাৰ॥ • • • • • •
চেলিমৰ জিকিৰ শেষ হোৱাৰ পাচতো সুৰটো সকলোৰে কাণত বাজি থাকিল •••৷ খন্তেক নিৰৱতাৰ পাচত আঘোণাই ক'লে—'ৰাইজ, এই অভাজনে ভাবি থকা কথা এটা বেকত কৰিব খুজিছোঁ। পৰহিল’ই পূৰণিমাৰ ৰাতি সমূহ ৰাইজে লগে ভাগে ন-খাওঁ বুলিছোঁ—কথাটো কেনে হয়?’
‘বঢ়িয়াটি হ'ব। তুমি কথাৰ কথা এটা ক'লা হ'লে দেই।’ চাৰিওফালৰ পৰা ৰঙতে হাত চাপৰি বজাই উঠিল। ‘সকলোৱে দেখা-দেখিক’ই ৰঙ্মনে এসাজ খাম তাতোক’ই কিবা লাগিছেনে? মনৰ সুখ পৰ্কাশ কৰাৰ এয়াহে ছেগ।’