পৃষ্ঠা:ৰ’দ জিলমিল.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
ৰ’দ জিলমিল


নোৱাৰিলে। ৰাইজৰ মাটি ৰাইজেই পালে। গাঁওবুঢ়াহঁতৰ খঙ্‌ আটাইতই বেছি হ'ল সুদীপৰ ওপৰত। সিহে আহি গাঁওখনক মতলীয়া কৰি তুলিলে। সাপে কঁকালৰ কোব নাপাহৰাৰ দৰে তেওঁলোকেও লোকচানৰ কথা জীন্‌ নিয়া- বলই টান পালে।

 এদিন গাঁৱৰ এঘৰৰ অসুখত পৰ দি নিশা ঘৰলই ঘূৰি অহা সুদীপক এডোখৰ আন্‌ধাৰ ঠাইত হঠাতে তিনিজনমান মানুহে বেঢ়ি ধৰিলে। সুদীপে তৰ্‌কিব নোৱাৰাতে দুজনে মুখত সোপা দি গবা মাৰি ধৰাৰ লগে লগে আনজনে মূৰত এডাল মোটা টাঙোনেৰে টঙনিয়াই দিলে। মাজ মূৰতে মাৰটো পৰাত সুদীপ বাগৰি পৰিল। মানুহ কেইটাই যধে মধে কোবাই সুদীপক অচেতন কৰি বাটতে পেলাই গ'ল।

 লাহে লাহে চকু মেলি চাই সুদীপ আচৰিত হ'ল। সেৱক দলৰ ডেকাহঁতে কেউকাষে বেৰি ধৰি বহি আছে। ওচৰত বিনয় ডাক্‌তৰে মুখলই একেথৰে চাই আছে। সুদীপে চকু মেলাত আটাইৰে জীউ আহিল। এটা পূৰা দিন অচেতন হই, থকাৰ পাছতহে চকু মেলিছে। মালতীয়ে পানী এচামুচ মুখত দিলে। সুদীপে অনুভৱ কৰিলে মূৰটোত পটি বান্‌ধী থোৱা আছে। গা আৰু মূৰটোত বৰকই বিষ অনুভৱ কৰিলে। হাত-ভৰিবোৰও অৱস লাগিল। কিবা এটা কব খুজি সুদীপে ওঁঠ দুখন লৰালে। বিনয়ে কৰুণ ভাৱে চাই নিজৰ ওঁঠৰ ওপৰত আঙুলি এটা দি মনে মনে থাকিবলই সকিয়ালে। দিগেনে কাষ চাপি মুখখনত মৰমেৰে হাত ফুৰাই দিলে।

 সকলোৱে বুজিলে এয়া কমলহঁতৰেই কাম। সিহঁত দুদিনো ঘৰত নাই। সেৱক দলৰ সকলোৱে মনে মনে খঙত গুমৰি থাকিল। কিন্‌তু সুদীপৰ পৰা অনুমতি নোপোৱা কাৰণে সকলো সহি নিমাতে ৰ'ল।