কিন্তু বিতৰণৰ দিহা এটা কৰিবৰ কাৰণে সুদীপে কেইবা-
দিনো ভাবিছে। এটা নতুন কথা সুদীপৰ মনত খেলিছে—
সমবায় পদ্ধতিত খেতি কৰা। ইয়াৰ কাৰণে সমূহীয়া
মাটি লাগে।
সৰহ মাটি হলে টেৰেক্টৰেৰে চহাবলই সুচল
হয়। গাঁওখনত কিছুমানৰ মাটিয়েই নাই। কিছুমানৰ আক’
লগাতক'ই বেছিহে আছে। গাঁওবুঢ়া, ভদো, হিৰণ দোকানী
আৰু জয়বাপুৰ মাটি আটাইতকই সৰহ। বন্ধকীত দি দি
গাঁৱৰ সৰহভাগ লোকেই মাটি হেৰুৱালে। দুই-চাৰি
বিঘাকই বহুতৰে আছে যদিও সৰহ ভাগে গাঁওবুঢ়াৰ মাটি-
তহে আধি কৰে। সেইবোৰ মানুহে কোনোমতে কড়া মাৰি
কড়া খাইহে জীয়াই থাকে। সুদীপে জানে সমবায় খেতিৰ
কৰিণে কিবা এটা কৰিব খুজিলে কমলহঁতৰ দলটোৱে বাধা
দিব। হিৰণ দোকানী, জয়বাপুহঁতেও বা কি কয়! পিচে,
চাপৰিলে মেঘ নেৰায়। সেৱক দলে সদউ গঁয়া ৰাইজৰ হকে
ইয়াৰ চয়-নিচয় এটা কৰিব লাগিব।
সেৱক দলৰ আলোচনাত থিৰ কৰা হ'ল যে—বন্ধকীত যোৱা মাটিবোৰ গাঁওবুঢ়া, হিৰণ দোকানীহঁতে এৰি দিয়ক। তাতে ৰাইজে সমূহীয়া ভাবে খেতি কৰিব। সেয়া সমূহৰ হ'ব। গোটেই গাঁওখনই এটা পৰিয়ালৰ নিচিনাকই সমিল- মিলেৰে চলিছে। গতিকে লঘোণে থাকিব লগা হোৱা মাটিহীন সকলেও সমূহীয়া খেতিৰ সমানে ভাগ পাব। কিন্তু হিতে বিপৰীতহে হ’ল গই। গাঁওবুঢ়া, হিৰণ দোকানী, ভদো, জয়- বাপুৱে দেখা দেখিকই বিৰোধ কৰিলে। আনুৰোধ কৰিবলই যোৱা সেৱক দলক গালি-শপনি পাৰি খেদি দিলে। কমলে এটা চেলু পালে। এই ছেগতে সি সুদীপহঁতৰ ব'ইৰীতা আচৰণ কৰাত লাগিল। সোণতৰাক ওলোৱা সোমোৱাত বাধা দিয়া কমলক এইবাৰ দেউতাক গাঁওবুঢ়াইও একো নক'লে। ফলত সোণতৰা ঘৰতে বন্দী হই থাকিব লগা হ'ল।