পৃষ্ঠা:ৰ’দ জিলমিল.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
ৰ’দ জিলমিল


সুদীপৰ হাত। লাহে লাহে মানুহবোৰৰ আৰু সুদীপৰ মাজৰ ঠাইখিনি বহল হই গ'ই থাকিল। চকুৰে নেদেখা হোৱালইকে মানুহবোৰে সুদীপলই চাই থাকিল।

 সুদীপৰ চকুত নতুন দীপিতি। এইদৰেই এখন গাঁৱৰ পৰা আন এখন গাঁৱলই সি যাব। আন্ধাৰ গুচাই পোহৰৰ ন-ঢল বোৱাবলই যতন কৰিব। সুদীপে মূৰ তুলি আকাশলই চালে। বেলিটো ওলাই আহিছে। সেউজীয়া গছ-পাতবোৰ ৰ’দ পৰি জিল্‌মিলাই উঠিছে। এজাক শুধ বগা বগলী নাহৰকলি গাঁৱৰ পূব ফাললই উৰি গইছে। সুদীপে ভাবিলে হয়তো বগলীজাক গই নাহৰকলিৰ বৰপুখুৰীৰ পাৰত পৰিব।

—: অন্ত :—