আজি মনে মনে আছে। সিহঁতে সুদীপৰ মুখৰফালে চাই
কথাটো বুজিব খুজিছে। হঠাতে কাৰোবাৰ খৰটকীয়া ভৰিৰ
শৱদত সকলোৱে পাছল'ই ঘূৰি চালে। সোণতৰা ঢপলিয়াই
আহিছে। মানুহবোৰে বাট এৰি দিলে। সুদীপক সাৱটি ধৰি
সোণতৰাই জোৰেৰে উচুপি উঠিল। কমলে অবাক হই ভনী-
য়েকলই চাই ৰ'ল। সুদীপে তাইৰ মূৰত হাত ফুৰাই
লাহে লাহে ক'লে—‘নাকান্দিবি তৰা! তহঁতৰ চকুত চকুলো
চাব মই নোখোজোঁ। মই চাব খোজোঁ তহঁতৰ চকুত পোৱা
আৰু লোৱাৰ হাঁহি। এই হাঁহি চাবৰ কাৰণেই মই ইমান
দিন বাট চাই আছিলোঁ। তহঁতে এই হাঁহি শেষ হবল’ই
নিদিবিদেই! তৰা, তই এই গাঁৱতেই থাকিব লাগিব।
সেৱিকা দলৰ হ'ই ৰাইজক সেৱা কৰিবি। মৰম কৰিবি।
চেনেহ যাচিলেছে চেনেহ পায়। মোক হাঁহি বিদায় দেছোন।
মই যাবই লাগিব অ’! আন্ধাৰত শুই থকা গাঁও ভাৰতত
আৰু বহুত আছে। সেইবোৰতো অকণমান পোহৰৰ শিখা
জলাবলই তই জানো তোৰ দীপ কাইদেউক যাবল’ই
নিদিবি?' শেষল’ই সুদীপৰ মাতটো সেমেকি আহিল।
কথাখিনি শেষ হওঁতেই ন’উ হওঁতেই গাঁওবুঢ়াই জুমটো ঠেলি গ’ই সুদীপৰ কাষত থিয় দিলে। সোণতৰা দেউতাকৰ কাষলই গ'ল। সকলোৱে অবাক হ’ই গাঁও বুঢ়াৰ মুখলই চাই থাকিল৷ কাৰোফালে নোচোৱাকই গাঁওবুঢ়াই সুদীপক সাৱটি ধৰি ক'লে—‘মোক খেমা কৰিবা বোপাই। আমি অগিয়ানীয়ে সোণ যেন তোমাক হাততে পাইও কাঁচ বুলি দলিয়াই পেলাই- ছিলোঁ। তুমিয়েই আমাৰ গাঁৱত হাঁহিৰ ফুল ফুলালা। আৰু আমি নাদৰ ভেকুলিয়ে আক’উ ...।'
‘বৰপিতাই'—কথাখিনি শেষ কৰিবলই নিদি সুদীপে মাজতে ক'লে, ‘তেনেকই নক’ব। মই কাৰো বাবে অকণো ৰোষ ৰখা নাই। মইতো গাঁৱৰ কাৰণে অকলে একো কৰা