হিৰণ দোকানীৰ দোকানৰ আগত বহি এতিয়াও কিছুমান
ডেকাই তাছ খেলিয়েই সময় কটায়। সুদীপে ভাবিলে
কেনেকই সিহঁতক কামত লগাই সিহঁতৰ সময়খিনি,
শকতিখিনি সজ কামত লগাই তাছ খেলৰ পৰা বিৰত কৰিব
পাৰি। কাম নাথাকিলে মানুহৰ মন বিমৰিষ হয় আৰু মনত
কু-ভাবৰ উদয় হয়। শকতিৰো অপচয় হয়। সিহঁতে সেৱক
দলতো যোগ দিয়া নাই। সুদীপহঁতে যে কিবা নতুন কাম
কৰিব পাৰিব সিহঁতে ভাবিবই নোৱাৰে। বিশেষকই কমলৰ
অনুগত কেইটাই।
বিনোদ মিচ্তীৰিৰ কথাটোৱেও সুদীপক বিমোৰত পেলাইছে৷ মানুহটোৱে ৰাতি নিচা কৰি আহি ঘইণীয়েকক বৰ মাৰ-ধৰ কৰে। নিচা কৰিবলই টকা পালে হ’লে সাত খুন্ মাফ্। ঘইণীয়েক বিমলাই কেবাদিনো আহি সুদীপক ধৰিছে কিবা এটা কৰি দিবলই। তাইৰ বেচেৰী ঘৰ কৰি থকাই অসহনি হই পৰিছে। বিনোদৰ লগত পৰি গাঁৱৰ ছয় সাতজন ডেকাইও নিচা কৰিবলই লইছে। সুদীপে ভাবে ইয়ো সমাজৰ এটা ৰোগেই।
সুদীপে ঘৰৰ পিৰালীত বহি এইবোৰ কথা ভাবি থাকোতেই হঠাতে সোণতৰা সোমাই আহিল। সুদীপে সোণতৰালই চালে—সেৱিকা দলৰ মুখীয়াল সোণতৰাই বৰ উত্সাহেৰে গাঁওখনৰ হাঁহি ফুলাবৰ যতন কৰিছে।
‘ইমান আমন জিমনকই বহি আছা কিয় ককাইদেউ? চহৰৰ কথা মনত পৰিছে নেকি? তাত কাৰোবাক এৰি আহিলা নেকি?'—সোণতৰাই ধেমালি কৰি সুধিলে।
‘ধেত্, আঁকৰীজনী, কি যে কথাবোৰ কৱ...'বুলি কই সুদীপে সোণতৰাৰ চকুযুৰিলই চালে। বহুদিন শুই থকা গাঁও এখনক টোপনিৰ পৰা জগাই, নতুনকই সজাই পৰাই তুলি তাত সফলতাৰ ফুল ফুলোৱাৰ শকতি যেন সোণতৰাৰ চকু- যুৰিতে আছে। সোণতৰালই চাই থাকোতে সুদীপৰ দুই ওঁঠৰ মাজত এডাল হাঁহিৰ ৰেখা খেলি গ'ল।