সমললৈ যাওক

পৃষ্ঠা:ৰ’দ জিলমিল.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
ৰ’দ জিলমিল


 সুদীপে কই গ'ল—“ৰাইজ, আজি জগতখন আগৰ দৰে হই থকা নাই। বিগ্‌গানৰ বলত বহুতো আগবাঢ়িছে। জোনত মানুহে ভৰি দিছে। খেতি-বাতিৰ কাৰণে নতুন নতুন পদ্ধতি ওলাইছে। পথাৰত পানী নহ'লেও মানুহে পানী বোৱাই খেতি কৰিছে। কম সময়তে হোৱা নতুন ধৰণৰ বীজ উলিয়াইছে। আনকি বানপানীও ৰোধ কৰিছে।...... '

 ‘উ-ৱা, বানপানীকো ভেটিব পাৰেনে?' আচৰিত হোৱা টকউৰ মাতটো ডাঙৰকইয়ে ওলাল। ‘ৰবাছোন্‌ ৰ’বা জপৰাই মাজতে মাত দি উঠিল, ‘সুদীপ বোপায়ে কিবা জোনৰ কথা ক’লি। ৰাম-হৰি! গোঁসাইৰ গাত মানুহে ভৰি দিয়েনে?”

 হাঁহি হাঁহি ইৰছাদে ক'লে, “হয় চাচা, সুদীপে কথাটো মিছা কোৱা নাই। চহৰলই যাওঁতে ময়ো কথাটো শুনিছিলো। বাতৰি কাকতত ছবিও ওলাইছিল নহয়। তোমালোকেহে গম পোৱা নাই হবলা।’

 ‘এ বোপাই, আদাৰ বেপাৰীয়েনো জাহাজৰ খবৰ কেলেই ৰাখিছো? আমি দুবেলা খোৱাৰ কথা ভাবিব লগা দুখীয়া মানুহ। আমাক খেতিৰ কথাকে কোৱা। পিছে, পানী নহলেনো খেতি হয় ক'ৰ পৰা? কথাতে কয় বোলে—মেঘক দেখি হালক বায়। জানা শইচ তাৰ অধিক পায়। ডাকৰ বচননো ক'ত অথলে যোৱা দেখিছা?’ টিলউৱে গহীনভাৱে কথাখিনি কই ৰাইজৰ ফালে চালে।

 এইবাৰ জুমন থিয় হই গলগলীয়া মাতটোৰে কবলই ধৰিলে—'ৰাইজ, দোষ নধৰিলে এই অভাজনেও দুআষাৰ কওঁ বুলিছোঁ৷ হওঁতে সুদীপ বোপায়ে গাঁওখনৰ বাবে মঙ্‌গল হোৱা কথাই কৈছে। শুনিছোঁ। আমাৰ আহু, শালি-লাহী ধানতকইও কম সময়তে হোৱা কিছুমান নতুন ধান ওলাইছে। সিবেলি মই চহৰলই যাওঁতে বলেন বোপাৰ ঘৰত শুনিছিলোঁ কিবা আই-আৰ, পুছা আৰু কিবা বোলেনে আইজঙ, ধান