নাহৰকলি গাঁৱত সেৱক দলে ৰাইজৰ পৰা খেৰ-বাঁহ গোটাই আনি মতি ককাৰ ঘৰৰ কাষৰ মুকলি ঠাইখিনিতে পঢ়াশালিৰ বাবে ঘৰ এটা সাজি উলিয়ালে। এতিয়া তাত নাহৰকলি গাঁৱৰ ল'ৰা-ছোৱালীবোৰৰ উপৰিও দাঁতি-পাজৰৰ ল'ৰা-ছোৱালীবোৰে ফলি-পুথি লই আহি নিয়মিত ভাবে পঢ়া-শুনা কৰে।
সেৱক দলে নাহৰকলি গাঁৱৰ পদুম পুখুৰীৰ পাৰৰ চাৰিও কাষে জেওৰাৰে বেৰি অহা যোৱা কৰা বাটটোত এখন
জপনা দি দিলে। দাঁতিৰ গছবোৰ কাটি পেলোৱা হ'ল, যাতে গছৰ পাতবোৰ পুখুৰীত পৰি গেলি নাযায়। পুখুৰীৰ পানীত এতিয়া বেছ ৰ’দ পৰে। পুখুৰীৰ পাৰটো চিকুণাই বিধে বিধে চম্পা, তগৰ, গোলাপ, খৰিকাজাই ৰুই দিয়া হ'ল। এতিয়া পুখুৰীৰ পাৰত খন্তেক জিৰালেও সুবাসিত বতাহে মনটো নচুৱাই যায়। চহৰৰ পৰা অনাই পটাচ, ফিটকিৰি আদিও কেবাবাৰো পুখুৰীত দিয়া হ'ল। পানীবোৰ নিৰ্মল হই পৰিল। কোনেও ইয়াত গা-পা তো নোধোৱেই, হাত-মুখও নোধোৱে। ফলত বেমাৰ-আজাৰ সমূলি নোহোৱাই হ'ল। দেহ-মন সকলোৰে ফৰকাল হই থকা হ'ল।
সুদীপ এতিয়া চাৰিওফালে টাকুৰি ঘূৰাদি ঘৰি ফুৰিব লাগে। কেইদিনমানৰ পৰা সুদীপৰ এটা চিন্তা হইছে—