পৃষ্ঠা:ৰ’দ জিলমিল.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
ৰ’দ জিলমিল


গাঁৱৰ ৰাইজক বৰ উছাহ যোগালে। পিছদিনাৰ পৰাই সকলোৱে দল বান্‌ধি, পাল পাতি বাকৰি মাটি আৰু নইৰ দাঁতিত বিধে বিধে গছ-পুলি ৰুবলই উচল-পাচল কই লাগি গ’ল। যতন আৰু মৰমৰ ছাঁত গছ-পুলিবোৰ ঠন্ ধৰি উঠি দিনে দিনে বাঢ়ি আহি কেউপিনে সেউজৰ পোহাৰ মেলি দিলে এনেকইয়ে সকলোৱে বনানিকৰণৰ অভিযানত ৰঙ্‌মনে সহযোগ কৰিলে।

 ৰাইজৰ কামতে সেৱক-সেৱিকা দলৰ আহৰি নাই। এটাৰ পিচত এটা কাম কৰিয়েই আছে। নিতউ তেওঁলোকৰ নতুন উত্‌সাহ। বনানিকৰণৰ পিচত দুটা নতুন কাম হাতত ল’লে। গাঁওখনলই বিজুলীবাঁতিৰ খুটা অনা আৰু পথাৰলই নলেৰে পানী অনা। দুয়োটাৰে গাঁওখনৰ উন্‌নতিত বিশেষ ভূমিকা আছে। নাহৰকলিত আৰু বহুতো নতুন মুখৰ মানুহ দেখা গ'ল। এই দুটা কামতে চহৰৰ পৰা অহা মানুহ। সুদীপে এই কামবোৰৰ পৰাখিনি গাঁৱৰ ল'ৰাবোৰকে দিবৰ কাৰণে অনুৰোধ কৰিলে। কাম শিকাও হ'ব আৰু জীৱিকাও ওলাব। তেওলোক মান্‌তি হ'ল।

 গোটেই নাহৰকলি গাঁওখনেই যেন উলহৰ মাদলি। সেৱক-দলৰ লগত লগ লাগি ৰাইজে বিজুলীবাঁতিৰ কাৰণে গাঁৱৰ আলিবাটৰ দাঁতিয়ে দাঁতিয়ে খুটাবোৰ পুতিলে। বিজুলী বিভাগৰ লোকেই তাঁৰ টানিলে। ল'ৰাবোৰে তেওঁলোকৰ কাম চাই-সুধি বহুত কথা শিকি ল'লে। আন কিছুমান লোক লগ হই নইৰ পাৰৰ পৰা নলী খান্‌দি পথাৰলই পানী আনিবৰ কাৰণে ডাঙৰ ডাঙৰ নলীবোৰ বহুওৱাৰ কামত লাগিল। ৰাইজৰ হাতত পা-পইচাও পৰিল। বৰুণ দেৱতাক চিন্‌তি কপাল ধিয়াই আৰু বহি থাকিব নালাগিব কাৰণে সুদীপৰ কামৰ বুধি শলাগি বয়সীয়াল সকলে চুলি ছিঙি আশীৰ্‌বাদ দিলে। সমনীয়াবোৰে চেনেহ ভৰা হিয়াৰে সুদীপক