সুদীপৰ লগত পিছদিনা ডাক্তৰ এজন আহিল৷
সুদীপৰে সমনীয়া। নামটো বিনয়। বাটে বাটে সুদীপে ডাক্-
তৰক ৰোগৰ সকলো বিৱৰণ দিয়েই আহিছে। আহি পায়েই
তেওঁ সেৱকদলৰ সহায়ত ৰোগীবোৰক এজন এজন কই
চিকিত্সা কৰিবলই ল'লে। দৰব-পাতি দিলে। নিৰোগী-
বোৰকো পৰতিষেধক ছিতা, বেজী দিয়ালে। তেওঁ মোনাতে
লাগতিয়াল সকলো দৰব আৰু যন্তৰ পাতি ভৰাই আনি-
ছিলেই। ডাক্তৰৰ অশেষ যতন আৰু দুখ কৰি কৰা
কামৰ ফলত লাহে লাহে ৰোগ নিৰাময় হবলই ধৰিলে।
ডেকা ডাক্তৰ বিনয়ে ইমান আপোন মনে নিজকে বিলাই
দি কৰা ঘতন দেখি সদউ গাঁওবাসীৰ তেওঁলই বৰ মৰম
আৰু চৰধা হ'ল। ডাক্তৰৰো সেৱক দলৰ সেৱা আৰু
কাম দেখি অবাক হোৱাৰ লগতে বৰ ভালও লাগিল।
এইবোৰহে আদৰ্শ গাঁৱৰ আদৰ্শ মানুহ। ডাক্তৰৰ
যহতে গাঁওখনে আপদীয়া বেমাৰটোৰ পৰা সাৰিল। জয়-
বাপুৰ অপদেবতা কেনিবা পলাল। পূজাভাগৰ আয়োজন
নকৰাত আৰু তেওঁৰ কথাও কাণ নিদিয়াত জয়বাপুৱে
হ'লে মনে মনে বৰ বেজাৰ পালে।
এই সময়তে সেৱক দলে আলচ কৰিলে, গাঁওখনত থকাকই ডাক্তৰ এজন নহ'লে নহয়। কেতিয়া কি ৰোগে দেখা দিয়ে তাৰতো ঠিক নাই। বাৰে বাৰে ৰাতি বিয়লি ইমান দূৰৰ চহৰৰ পৰা ডাক্ তৰ অনিবলই যোৱা ধেমালিৰ কথানে? বিনয় ডাক্তৰৰ দৰে মৰমিয়াল ডাক্তৰ এজন লাগে। সকলোৱে একমুখে জনালে। সুদীপে মোনাত সা-সৰন্জাম ভৰাই যাবলই ওলোৱা বিনয়ক এবাৰ কথাটো অনুৰোধ কৰি চালে। বিনয় ডাক্তৰ একেবাৰতে মান্তি হই গ'ল। তেওঁৰো বোলে গাঁওখন আৰু সুদীপহঁতক বৰ ভাল লাগিছে। নতুন কই ডাক্তৰ হই ওলাইছে। এনে-