এতিয়া আমাৰ দায়-দোষ ৰাইজে খেমিবহে লাগে! •••'
মেথো ককাই মাজতে ক'ই উঠিল—‘এঃ কিহৰ দোষ হে? কিহৰ দোষখন কৰিলা আক' তুমি। তুমিয়েই আমাক নাদৰ ভেকুলীক সাগৰ দেখুৱালা। আজি আমি এই পোহৰ, এই শিক্ষা, এই সম্পদ কাৰ পৰা পালো—হয় নে? ৰাইজেই কওঁকছোন!'
সকলোৱে একেলগে মাত দিলে—'সুদীপৰ পৰা।' মিচি- কিয়াই সুদীপে ক'লে—‘তেনেহ'লে ৰাইজ, আপোনালোকৰ আশীষকে শিৰত লই এই ৰঙৰ দিনতে আৰু এটা ৰঙ্ কৰা যাওক। এই ৰভাতলীতে আমি টিকেন-পখিলী আৰু ইৰ্ছাদ- ৰেহেনাৰ বিয়াখন পাতি দিওঁ। ৰাইজে উৰুলি এজোলোকাৰে দুই হালকে আশীৰ্বাদ কৰক।'
দিগেনে পখিলী-টিকেন আৰু ৰেহেনা-ইৰছাদক মাতি ৰাইজৰ আগল'ই আনিলে। সকলো অবাক হ'ল। এনেক’ইনো বিয়া পাতেনে বাৰু?
ৰাইজৰ মাজত গুণ্গুণনি শুনি সুদীপে ক'লে—'ৰাইজ, টিকেন-পখিলী, ইৰ্ছাদ-ৰেহানাৰ মন মিলিছে। দুয়ো দুয়োৰো বাবেই যোইগ। গতিকে পিচত হ'লেও হোৱা, এতিয়া হ’লেও বিয়াখন হোৱা। ৰাইজে ভুল নুবুজিব—ঢোল ডগৰৰ ধুম- ধামৰ বিয়াতক’ই ৰাইজৰ আশীষহে ডাঙৰ। আজিকালি আৰু বিয়া-সবাহত অপৰিমিত খৰচ কৰিব নোৱাৰি। সময়ৰ লগত ঢউতে খৰ মাৰি যাব লাগিব। তেওঁলোকৰ যুটীয়া জীৱনৰ সুখ-শান্তি আপোনালোকেও জানো কামনা নকৰে?’
টিকেন-পখিলী, ইৰ্ছাদ-ৰেহানাই লাজতে তলমূৰ কৰি থাকিল। ক'ব নোৱাৰাকইয়ে উৰুলি এজোলোকা আইসকলৰ মুখৰ পৰা ওলাই গোটেইখন মুখৰ কৰি দিলে। ৰাইজে ন- জোৰা দুটিক হিয়া ভৰি আশীৰ্বাদ দি পৰম আনন্দেৰে ভোজ খালে।