ভোজ খাই ল'ৰা-ছোৱালীবোৰ, মহিলাবোৰ ঘৰা-ঘৰি গ’ল গই। শেষত সেৱক দলৰ ডেকাবোৰ আৰু দুই-চাৰিজন বয়সীয়াল লোকহে ৰ'ল গই। সুদীপে সকলোৰে আগত নিজৰ মনৰ ভাব উজাৰি দি ক'লে—‘মই আৰু এতিয়া এইখন গাঁও এৰি যাব খুজিছোঁ৷’ সকলোৱে চক্ খাই সুদীপৰ মুখল'ই চালে। সুদীপে কই গ'ল—‘এতিয়া সেৱক-সেৱিকা দলেই সকলোপিনে চকু ৰাখিব পাৰিব। ৰাইজে এনক'ই মিলি-জুলি থাকিলে কোনোদিনে আৰু কোনো অভাৱ-অভিযোগ নাথা- কিব। আমি কেৱল নিজৰ গাঁওখনৰ কাম কৰিলেই নহ'ব— ভাৰতবৰষত এনে বহুতো গাঁও আছে। সেইবোৰৰ উন্নতিও কৰিব লাগিব।'
সুদীপৰ কথা শেষ হোৱাত কাঁহ পৰি জীন্ যোৱা নিৰৱতা বিৰাজ কৰিলে। কাৰো মুখত মাত নাই। সুদীপক বাদ দি নাহৰকলিকছোন ভাবিবই নোৱাৰি। সকলোৰে মনবোৰ গোমা হই গ'ল। সুদীপক অনুনয় বিনয় কৰি ৰখাবল'ই চেষ্টা কৰিও বিফল হ'ল। অৱশেষত গাঁৱৰ ৰাইজে ভাবিলে সুদীপ যাওক—এনেক’ই দেশৰ আন আন গাঁৱতো পোহৰ বিলাওক। নাহৰকলিৰ পৰ্তি ধূলি-কণা, আকাশ-বতাহ গছ-গছনি, ন’ই-পুখুৰীৰ মাজত সকলোৱে সুদীপক পাম।
পিচদিনা পূবে ধলফাঁট দিয়াৰ লগে লগে গাঁৱৰ ৰাইজ আহি সুদীপহঁতৰ পদূলিত গোট খালে। নাহৰকলি এৰি সুদীপ আন গাঁৱল’ই যাব। ইমানবোৰ মানুহ, অথচ ইমান নিজান! কাৰো মুখত মাত নাই। সকলোৰে চকুত চকুলো। বিনয় ডাক্তৰে সুদীপৰ পৰা মুখ লুকুৱাই বাৰে বাৰে চকু দুটা মচিছে।
পদূলিয়েদি সুদীপ আগবাঢ়ি গ'ই আলিবাটত ভৰি দিলে। সুদীপৰ কেউপিনে নাহৰকলি, ভকতপাৰা, ইছলাম পাৰাৰ ৰাইজ। সকলো নিৰৱ। সৰু সৰু ল'ৰা-ছোৱালীবোৰেও