কুৱা গাঁও গঢ়াৰ সপোন বেলে তেওঁৰো আছিল। সাতে
পাঁচে সুদীপে ঠিক কৰিলে গাঁৱত এখন চিকিত্সালয়ৰ
দিহা কৰিব, তাত বিনয় ডাক্তৰ থাকিব৷ কথাটোত
সকলোৰে ৰঙ পালে।
গাঁওখনৰ পৰিবেশে ডাক্ তৰক বৰ মুগ্ধ কৰিছে। অপলক চাৱনিৰে তেওঁ চাৰিও ফালে চাইছে। সোণতৰা- হঁতৰ সেৱিকা দলটোৱে কৰা মহিলা আৰু শিশু কইলাণৰ কামবোৰ দেখি তেওঁ তবধ মানিছে। সুদীপৰ আদৰশই বিনয়কো ভবাই তুলিছে আমাৰ বিশাল ভাৰত- বৰষখনৰ গাঁওবোৰৰ বাবে সকলো ধৰণৰ লোকৰে কৰিব লগা কাম আছে। গাঁৱৰ লোক সকলৰ শৰীৰ নিৰোগী হ'লেহে দেশখন আগবাঢ়িব পাৰিব। গাঁও বোৰতহে খেতি কৰিব পৰাকই মাটি থাকে, য'ত বিবিধ শইচ হয়, সোণালী ধান হয়, সেউজীয়া শাক-পাচলি হয়। কিন্তু এটা কথাই ডাক্তৰক চিন্তিত কৰি তুলিছে। তেওঁ মন কৰিছে। ঘৰে ঘৰে ল'ৰা-ছোৱালীৰ পৰিমাণ সৰহ। সেয়ে সকলোকে সমান ভাবে যতন ল’ব নোৱাৰে। পঢ়া-শিকাব নোৱাৰে। আজিৰ শিশু কাইলই দেশৰ নাগৰিক হ'ব৷ সেয়ে যদি ভালদৰে যতন ল'ব নোৱাৰে সেইবোৰ শিশু নিৰোগী হ’ব কেনেকই? পঢ়া-শুনা কৰি গিয়ানী হ’ব কেনেকই? যদি হ’ব নোৱাৰে, দেশৰ অনাগত দিনবোৰ কি হ'ব গই? বিনয় ডাক্তৰে ভাবি গ'ল। পৰিয়াল সৰু কৰিব নোৱাৰিলে সকলো মিছা।
সেৱক দলৰ সহায়ত বায়নৰ আগ চোতালত আক’উ ৰাইজ গোট খালে। সেৱিকা দলৰ সহায়ত জীয়ৰী সকলকো অনা হইছে। বিনয় ডাক্তৰ সুদীপৰ কাষতে থিয় দি আছে। সকলোৱে বিনয় ডাক্তৰলই চেনেহ আৰু শলাগৰ চকুৰে চাই আছে। তেৱেঁইহে আপদীয়া মহামাৰীৰ গৰাহৰ পৰা ৰাইজখনক বচালে।