সুদীপক নিৰলে থাকিবল’ই দি লাহে লাহে এজন দুজন- ক’ই মানুহবোৰ আঁতৰি গ'ল। কপাহী আইতা আৰু সুদীপৰ মাক কাষতে বহি থাকিল। আইতাই বিচনিখন ল'ই বিচি বিচি সুদীপক পৰাণ ভৰি আশীৰ্বাদ দি মুখেৰে ভোৰভোৰাই থাকিল—দহৰ কাৰণে কাম কৰা সুদীপৰ এই দশাহে কৰিলে পাষণ্ডহঁতে। মাকৰ চকুৰ পতা কেইটা তেতিয়াও তিতি আছিল। সুদীপৰ চিল্মিল্কই টোপনি অহা দেখি দুয়ো লাহেকই ভিতৰলই উঠি গ'ল।
ধুমুহাৰ দৰে কোনোবা সোমাই অহাত সুদীপৰ অৱশ চকুৰ পতা আক’উ মেল খাই গ'ল। আউলী-বাউলী হই সোণতৰা সোমাই আহিছে। পিন্ধ নত সাধাৰণ কাপোৰ। চকু দুটা ফুলি আছে। হয়তো কালিৰে পৰা কান্দি আছিল।
সোণতৰা আহি সুদীপৰ কাষতে লাহেকই বহিল। মূৰৰ পাটি বন্ধা জখমখিনিলই চালে। তেতিয়াও তেজ বিৰিঙি আছে। লাহে লাহে সুদীপৰ গালে মুখে হাতখন আল্ফুলকই ফুৰাই দিলে সোণতৰাই।
সুদীপে ওঁঠ দুখন লৰাই সেহাই সেহাই কোনোমতে সুধিলে,-‘তৰা! তই কিয় আহিলি? কেনেকই আহিলি?”
‘ককাইদেউ!’ বুলি সোণতৰাই মুখখন সুদীপৰ বুকুত গুজি দি হুক্হুকাই কান্দি উঠিল।