মানুহবোৰৰ শৰীৰতো নানা বেমাৰে বাহ লইছে। আমি সময়
থাকোঁতেই তাক ৰোধ কৰিব লাগে।’
নিতাল মাৰি কথাবোৰ শুনি থকা মানুহখিনিৰ মুখবোৰত এবাৰ চকু ফুৰাই সুদীপে আক’উ কই গ'ল—‘বেমাৰ ৰোধ কৰিবলই হ'লে—ঘৰবোৰ চাফ্-চিকুণকই ৰাখিব লাগে। জাবৰ-জোথৰবোৰ ঘৰৰ পৰা নিলগত গাঁত এটা কৰি পেলাব লাগে। মানুহ-পশু-পখী কাকোৱেই ঘৰৰ কাষত লেতেৰা কাম কৰিবলই দিব নালাগে। তেতিয়া মহ-মাখি কমিব আৰু বেমাৰৰ পৰাও হাত সাৰিব পাৰিব। তদুপৰি থকা ঘৰটো অলপ আহল-বহল কৰি ৰ'দ-বতাহ সোমাব পৰাকই খিৰিকী- বোৰ কাটিব লাগে। তেতিয়া অসুখ-বিসুখে চল নাপায়। ৰাইজ, বিশেষভাৱে মন কৰিব লেতেৰা পানী খোৱাৰ পৰা ৰোগ বাঢ়ে। গতিকে পানীটুপি উতলাই নিৰ্মল কৰি খাব লাগে। যিটো পুখুৰীৰ পানী খোৱা-লোৱাত লগোৱা হয়, সেই পুখুৰীত কেতিয়াও কাপোৰ ধুব বা কাঁহি-বাটি ধুব নালাগে। পহিলাতে আমাক লাগে এটা নিৰোগী দেহা। দেহা থাকিলেহে বেহা।’
ভকতপাৰৰ নদীয়াল ৰাইজে এই নতুন কথাবোৰ শুনি বৰ ভাল পাইছে। গমি-পিতিও চাইছে। হয়তো, আগতে কোনেও এনেবোৰ কথা কোৱা নাই। সিহঁতে নিজেও গমি চোৱা নাই।
যিখন গাঁৱলইকে গইছে তাতেই দেখিছে একেই ভাৱে জীয়াতু ভুগি মানুহবোৰ হাড়ে ছলে লাগি জীয়াই আছে। এইবোৰ কথা সুদীপে বুজাই কোৱাৰ পাছত ৰাইজে নতুন জীৱন এটাহে যেন পাইছে। ভকতপাৰা, হীৰাপাৰা, বনিয়াপাৰা আৰু ইছলামপাৰাৰ ৰাইজে সেৱক-সেৱিকা দলৰ সইতে লগ লাগি শিকি লোৱা কথাবোৰ কামত লগালে। ঘৰবাৰী চাফ- চিকুণকই ৰাখিবলই ল'লে। খিৰিকী নথকা ঘৰবোৰত সেৱক দলৰ ডেকাই খিৰিকী কাটি দি বতাহ পোহৰ সোমোৱাৰ সুচল কৰি দিলে। কিছুমান লোকৰ ভগা পঁজা বাৰীৰ বাঁহ-