সোণতৰাৰ ভাবিয়েই ভাল লাগি গ'ল—সুদীপ আহিয়ে- ইতো গোটেই গাঁওখনক বহুদিনীয়া টোপনিৰ পৰা জগাই তুলিলে। ইমানদিনে সকলোৱে নিজৰ কাম, নিজৰ সুখ-দুখ, মান-অভিমান ল'য়েই মগন অছিল। সমূহীয়া কামবোৰৰ কাৰণে কাণ-সাৰেই নাছিল। এতিয়া সুদীপেহে সেই ভেদ ভাঙি দিলে। সকলোৱে নতুন সপোন লই গাঁওখনক অধিক বিতোপন কৰিবলই কঁকালত গামোছা বান্ধি লাগি গইছে। দিগেন, ইৰছাদক লই সুদীপ দুবাৰো চহৰৰ পৰা আহিল- গই। খেতিৰ পানী আৰু উন্নত বীজৰ কাৰণে কিৰিষি বিষয়াক লগ ধৰিছে। গাঁৱৰ গৰু-ম'হৰ চিকিত্সাৰ কাৰণে পশু চিকিত্সালয় এখন পাতিবৰ কাৰণেও সুদীপৰ লৰা- ঢপৰাৰ শেষ নাই।
মালতী, সুৱলা, আবিদা সকলোকে লই সোণতৰাই মহিলা- মেল পাতি সেৱিকা দল গঠন কৰিলে। পিতাক গাঁওবুঢ়াই পোনতে কথাটো বৰ ভাল পোৱা নাছিল। গাঁৱৰ জীয়ৰী- বোৱাৰীয়েনো কি দেশখন উদ্ধাৰ কৰিব! ককায়েক কমলেও সোণতৰা এইবোৰ কামত লগাটোত ওজৰ উলিয়ালে। সোণতৰা হ'লে নাছোৰ-বান্দা। তাই অলৰ-অচৰ মনোভাৱ দেখি পিতা-পুতেক দুয়ো তাপ মাৰিলে। পিছে, সোণতৰাই মন কৰিলে খামখেয়ালি মনৰ ককায়েক কমলে সুদীপৰ সু-কামবোৰ সমূলি ভাল পোৱা নাই। সুদীপৰ লগত দেখা- দেখিকইয়ে মাত-বোল নকৰে। উপলুঙা কৰে বোলে সাতাম- পুৰুষীয়া নীতি-নিয়মত চলি থকা গাঁওখনৰ নো সুদীপহঁতে কি সলনি কৰিবগই? সুদীপে পিচে এইবোৰ তল খোঁচৰা কথা সমূলি আওকাণ কৰি নিজৰ কামত আগবাঢ়ি যায়। সোণতৰাহঁতকো আগবঢ়াই দিয়ে।
চহৰৰ পৰা ঘূৰি আহি সুদীপে সেৱকদল, সেৱিকাদলৰ সভা এখন পাতিলে। বায়নৰ আগচোতালত পতা মেলৰ