সমললৈ যাওক

পৃষ্ঠা:ৰ’দ জিলমিল.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰ’দ জিলমিল

২৩
ৰ'দ জিলমিল


আহু-কাল সদায় আছে—থাকিবই। সেইবুলি চাপৰিলে মেঘ নেৰায় নহয়। এটা এটা কই সকলো সমাধান কৰিব লাগিব৷ পিছে পণ্‌ডিত, তুমি জানো নিতউ আহিব পাৰিবা?’ পণ্‌ডিতে সন্‌তোষৰ হাঁহি মাৰি ক'লে—‘হ’ব বাৰু। দিনত সইদহতে সুদীপেই শিকোৱাৰ ভাৰখন লওক৷ গধূলি গধূলি মই পাক একোটা মাৰিম।’

 ‘বৰ উত্‌তম কথা হ’ব'—ৰাইজ ৰঙত অধীৰ হ’ল। সকলোৱে জয় বাপুলই চালে। এতিয়া শুভ খেন এটা চোৱাহে কথা। শৰাই এখন দি নাম এষাৰ গাই পঢ়াশালিখন আৰম্ভ কৰিব লাগে।

 সুদীপে আগতে শিকাই থোৱাৰ দৰে দিগেনে উঠি কবলই ধৰিলে—‘ৰাইজ, অকল জানো ল'ৰা-ছোৱালীয়ে পঢ়িলেই হ'ব? আমাৰ বুঢ়া মেথাবোৰেও ক-খ শিকিব লাগে। শিকিব পঢ়িব জনা হলে ভালেমান কথা জানিব পাৰি— নাতি-পুতিহঁতক শিকাব পাৰি। কীৰ্‌তন, দশম পঢ়িব পাৰি আৰু দেখোন তেতিয়া মনটোও ভাল লাগিব।’

 এ, থ, থ, বোপাই, তহঁত সৰু ল'ৰা-ছোৱালী, ডেকা- গাভৰু সোপাই পঢ়ি-শুনি যি পাৰ কৰ—বুঢ়া মেথাবোৰক- নো টানিছ কেলেই? বোলো উদৰ সাত পুৰুষ গল কেঁচা মঙহ খাওঁতেই, এতিয়ানো আমি লেখা-পঢ়া শিকি কি কৰিম? গাঁওবুঢ়াই উচাত্‌ মাৰি কই উঠিল। জপৰা আৰু আঘোণায়ো গাঁওবুঢ়াৰ কথাতে হয়ভৰ দিলে।‘বোলো ৰাইজ, দিগেনে একো বেয়া কথা কোৱা নাই। বুঢ়ী শালিকীয়ে মাত নল'ব পাৰে। পিছে দেশ-কাল সলনি হইছে। ক-খ কেইটা শিকিলে লোকচানতো নহয়েই, উপকাৰহে হয়। এতিয়া চিঠি এখন লিখিবলই পঢ়িবলই দেখোন আনকহে কাকুতি কৰিব লাগে। নিজে জানিলে কিমান সুচল হয়। পৰৰ কথা চৰ্‌চি অবাবত সময় কটোৱাতকই আখৰ কেইটা