সুদীপে ক'লে—‘আমি কিৰিষি বিষয়াৰ ওচৰলই গই
পানী যোগানৰ কথাও পাতিম। বছৰে বছৰে বান আহি
শইচৰ হানি কৰি মানুহক হাঁহাকাৰ লগোৱা কথাটোও
আৰু সহি থাকিব নোৱাৰি। তাৰো কিবা এটা গতি লগাব।
লাগিব।'
টিকেনে উঠো-নুঠোকই উঠি ক'লে—বাইজে দায় নধৰে যদি মইও এটা কথা সোধো।’ চাৰিওফালৰ পৰা ‘বাৰু, বাৰু বুলি কোৱাত টিকেনে ক'লে—‘ৰাইজে বিচাৰিলে কিৰিষি নিগমৰ পৰা কিবা টেৰেক্টৰো দিয়ে বোলে। গাঁৱৰ গৰু- বোৰো বানত পৰি, বেমাৰত পৰি, মৰি-হাজি আইধা হই আহিছে। আমাৰো আক’ সেই লেৰেলা পৰা লৰু, চেৰেলা পৰা গৰুহে! ভাত মুঠিৰ যোগাৰ কৰিব নোৱাৰা মানুহেনো হালৰ গৰু লয় কেনেক’ই? গতিকে কম সময়তে মাটি চহাব পৰা টেৰেক্টৰহে ৰাইজে অনাব লাগে।’
টিকেনৰ কথাখিনি নেউলা, কেনাহঁতে বৰ উত্তম বুলিলে। হালৰ গৰু নোহোৱাত আটাইতকই অধিক অসু- বিধা হইছে সিহঁতৰে। টেৰেক্টৰখন হ'লে তেওঁ মাটিখিনি চহাবলই বেছি দিন আনৰ মুখলই চাই বহি নাথাকিলেও হ'ব।
খেতিৰ বিষয়ে ভালেমান পৰ আলোচনা কৰাৰ পাছত সুদীপে পিচৰ আঁচনিটোলই আহিল। থিয় হই কবলই ধৰিলে, ‘ৰাইজ, পেটৰ ভাত মুঠিৰ দিহা কৰিবৰ কাৰণে ভালেমান পৰ আলচ কৰা হ'ল। এতিয়া চহৰলই গই আমি কি দিহা কৰিব পাৰোঁ চাওঁ। কিন্তু এটা কথা মনত ৰাখিব ৰাইজ, খোৱা মুঠিৰ যোগাৰ হ'লেই গাঁওখনৰ উন্নতি নহয়। আমাক গিয়ানৰ পোহৰো লাগে। আজি চাৰিওফালে গিয়ানৰ পোহৰ—অথচ আমাৰ গাঁৱত এটা পঢ়াশালি নহ'ল। ফলত আমাৰ ল'ৰা-ছোৱালীবোৰ গিয়ানৰ পৰা বন্চিত