পৃষ্ঠা:ৰ’দ জিলমিল.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
ৰ’দ জিলমিল


আলাই-আথানি হইছে ৰাইজখনে জানিলেহে ভাল। গাঁওখনৰ নামও আটায়ে জানিব।’  ইৰছাদে এমোকোৰা হাঁহি ভৰা মুখেৰে ক'লে—‘ৰাইজ, আমি গাঁৱৰ গৰু-গাই, হাঁহ-কুকুৰাৰ বেমাৰ হ'লে চিকিত্‌সা কৰিবৰ কাৰণে এখন পশু-চিকিত্‌সাল য়ৰ কাৰণেও আবেদন কৰি আহিছোঁ। গাঁৱত এটা ডাকঘৰো লাগে নহয়। সুদীপে সেইবাবে কেইজনমান বিশেষ বিষয়কো লগ ধৰি আহিছে। ডাকঘৰ এটা হ'লে ৰাইজৰ যে কিমান সুবিধা হ’ব। আৰু এটা ভাল খবৰ, গাঁৱলই বাতৰি কাগজ অনোৱাৰো দিহা কৰি অহা হইছে।’

 সভাত গুণ-গুণনি গুনা গ'ল। ডেকহঁতে কম সময়ৰ ভিতৰতে বহুতো কাম সমাধা কৰি আহিল।

 সুদীপ আক’উ এবাৰ থিয় হ’ল। ক'লে—‘আমি কৰি অহা কামখিনি হবলই অলপ দিন লাগিব। আক’উ এবাৰ যাবও লাগিব। এতিয়া আমি সেৱক দলে আন কাম দুই এটাহে কৰিব লাগে।' সোণতৰাই উঠি ক'লে—সেৱক দলৰ লগত এইবাৰৰ পৰা সেৱিকা দলেও লগ হই কাম কৰিব খুজিছোঁ। গতিকে সেৱক দলৰ হই সুদীপ ককাইদেৱে অনুমতি দিব। লাগে।’

 সুদীপে পৰাণভৰা হাঁহিৰে অনুমতি দিলে৷ মনটো তাৰ ভাল লাগি গ'ল। এতিয়া আৰু গাঁৱৰ জীয়ৰী-বোৱাৰী লাজ কৰি ঘৰৰ চুকত সোমাই নাথাকে। অকল ঘৰ চলোৱা, পানী অনাৰ বাহিৰেও আৰু বহুত কিবাকিবি কৰিবলই শিকিছে। গাঁওখন শুৱনী কৰিবলই তেওঁলোকৰ পৰাণতো নতুন উছাহ।

 বায়নৰ চোতালৰ মেলত এই কথাও থিৰ কৰা হ'ল যে পিছদিনাখনৰ পৰাই সেৱক দলে অতুল-ৰজনীহঁতৰ ভকত- পাৰা আৰু চেলিম-নাছিৰতহঁতৰ ইছ লামপাৰাৰ গাঁৱলই গই কামৰ পাতনি মেলিব।