অঞ্জলি
অঞ্জলি
(কবিতা)
শ্ৰীদুর্গেশ্বৰ শৰ্ম্মা প্রণীত
প্ৰকাশক
সাহিত্য প্ৰকাশ
ট্ৰিবিউন বিল্ডিং
গুৱাহাটী
চতুৰ্থ তাঙ্গৰণ
১৮৭০ শঁক
বেচ ১৷৷৹
স্বৰ্গীয়
ৰায় জগন্নাথ বৰুৱা বাহাদুৰ ডাঙৰীয়াৰ
পৱিত্ৰ স্মৃতিৰ
উদ্দেশে
এই ক্ষুদ্ৰ
। অৰ্পণ কৰা হ’ল ।
নিৰ্ঘণ্ট
⸻•⸻
বিষয় | … | … | পিঠি |
জীৱন | … | … | ১ |
ৰিজনি | … | … | ২ |
ভিতৰ | … | … | ৪ |
সীতা-সয়ম্বৰ | … | … | ৪ |
আকৌ | … | … | ৫ |
ফুল-কুঁৱৰী | … | … | ৬ |
সপোন | … | … | ৮ |
কবি প্ৰিয়া | … | … | ৯ |
হিয়া | … | … | ১২ |
জাগৰণ | … | … | ১৩ |
মালতী | … | … | ১৪ |
প্ৰণয় বাতৰি | … | … | ১৫ |
তুমি দেৱ পাৰিজাত | … | … | ১৯ |
অপ্সৰী | … | … | ২২ |
গিৰি-কুমাৰী | … | … | ২৪ |
মনৰ কথা | … | … | ২৬ |
বিষয় | … | … | পিঠি |
আশাৰ সপোন | … | … | ২৭ |
যৌৱন | … | … | ২৯ |
মইনা | … | … | ৩০ |
কিবা যেন নাই নাই | … | … | ৩১ |
সৌন্দৰ্য্য | … | … | ৩২ |
সংসাৰী | … | … | ৩৩ |
লাহৰী | … | … | ৩৪ |
উৰণীয়া পখী | … | … | ৩৫ |
দুৰাশা | … | … | ৩৭ |
আক্ষেপ | … | … | ৩৯ |
বলিয়া | … | … | ৪১ |
মোৰ প্ৰেম | … | … | ৪৫ |
চিত্ৰ | … | … | ৪৫ |
লাজুকী | … | … | ৪৮ |
হাঁহিটি | … | … | ৫১ |
সাদৰী | … | … | ৫২ |
প্ৰকৃতিলৈ | … | … | ৫৫ |
প্ৰতিদান | … | … | ৫৬ |
প্ৰকৃতি কোলাত | … | … | ৫৭ |
পুৰণী সপোন | … | … | ৫৮ |
বাণীদেৱী | … | … | ৬০ |
৶৹
বিষয় | … | … | পিঠি |
শকুন্তলা | … | … | ৬৩ |
মাইকেল | … | … | ৬৪ |
ৰাম মোহন | … | … | ৬৫ |
চিত্ৰলেখা | … | … | ৬৬ |
আকাশ | … | … | ৬৭ |
মহাস্বপ্ন | … | … | ৬৮ |
বসন্ত বিষাদ | … | … | ৭১ |
স্বাৰ্থ | … | … | ৭৪ |
জননী | … | … | ৭৫ |
ল'ৰাকাল | … | … | ৭৬ |
দুখকাৰী | … | … | ৭৮ |
সেই মাতটি | … | … | ৮০ |
ভুমুকি | … | … | ৮১ |
বিভোল | … | … | ৮২ |
পুৰণি স্মৃতি | … | … | ৮৩ |
পুখুৰী | … | … | ৮৪ |
বিচ্ছেদ | … | … | ৮৫ |
দেবী | … | … | ৮৬ |
জোনবাই | … | … | ৮৭ |
কেতেকী | … | … | ৮৯ |
ভাৰত জননী | … | … | ৯১ |
৷৹
বিষয় | … | … | পিঠি |
উমানন্দ | … | … | ৯২ |
মানুহ | … | … | ৯৩ |
আত্মা | … | … | ৯৫ |
আশা | … | … | ৯৬ |
ফুলক | … | … | ৯৭ |
তৰা | … | … | ৯৮ |
ঊষা | … | … | ১০১ |
বন্ধুলৈ | … | … | ১০৩ |
নৱ জীৱন | … | … | ১০৪ |
দেহ আৰু মন | … | … | ১০৫ |
প্ৰাণ | … | … | ১০৬ |
নৈ | … | … | ১০৭ |
সৰস্বতী | … | … | ১০৭ |
শেহ নিশা | … | … | ১০৯ |
দিনৰ সপোন | … | … | ১১০ |
পুৱাৰ জগত | … | … | ১১১ |
হেৰোৱা লাহৰী | … | … | ১১২ |
বিদায় | … | … | ১১৭ |
কবিতা | … | … | ১১৮ |
জগন্নাথ বৰুৱা | … | … | ১২০ |
⸻⸻
অঞ্জলি
জীৱন
⸺৹⸺
দীঘল জখলা এই মানুহ-জীৱন,
খোপে খোপে উঠি আমি আহিছোঁ উধাই;
নেজানো,—কিমান খোপ উঠিলেনো আৰু
পাম গই অনন্তৰ নিৰজন ঠাই;
নাইবা, কিমান ওখ এই কালাধাৰ,
নতুবা নপৰে ওৰ অসীম অপাৰ।
ঈশ্বৰৰে মায়া মাথোঁ—তেওঁৰে সকলো,
ব্ৰহ্মাণ্ড-লীলাৰ এই অমিয়া সংসাৰ;
যিদিনা লভিম গই এৰি অহা ঠাই
সিদিনাহে মায়া শেষ হ‘ব আপোনাৰ।
জানৰ জিৰণি নই, নইৰ সাগৰ,
অনন্ত জিৰণি কিন্তু নৰ-জীৱনৰ।
সকলো মানুহে গই লভিব ঈশ্বৰ,—
যিজনে সাজিছে এই মায়াৰ সংসাৰ;
দেখা দিব নিজে তেওঁ যেতিয়া আপুনি
তেতিয়াহে পাম আমি জিৰণি আমাৰ।
একে মন, একে প্ৰাণ, একে গঢ মিলি,
একে স্বৰ্গ সাজি দুখ নাশিব সমুলি।
ৰিজনি
⸺:৹:⸺
সন্ধিয়াৰ সৰু তৰা লাহে লাহে নিজিলিকে,
পুৱা লয় নগ‘লে পূবত,
ধাৰাসাৰ জীৱনতো একো দুখ নেথাকিলে
শান্তি গুণ নেথাকে সুখত;
পূণিমা জোনাক নিশা নুঠে নাচি মন প্ৰাণ
আঁউসীয়ে নথ‘লে লুকাই;
খৰালি ৰদ‘ত যদি নেথাকে শুকাই ধৰা
বাৰিষাই নিদিয়ে ধুৱাই;
নিমাত তাপত যদি নুশুকায় হাবি-বন
নাই শোভা বসন্ত-কুলিত;
জনম-মৰণ গ‘লে জীৱনৰ হাবিলাষ
নেথাকিব এই পৃথিবীত;
নিয়ৰত একো ফুল নধৰে নধৰে ঠন
দুপৰীয়া নপৰিলে জঁয়;
সাদৰৰ স্বাৰ্থ ফেৰি নেথাকিলে মৰমত
সিও আৰু হ‘ব তমোময়;—
লাগ বুলি পালে যেনে একোতে নেথাকে ৰাপ,
সেয়ে—যদি পায় বিচৰাটো;
টোকা নাই চকু-পানী এদিনো বেজাৰ পাই
তাৰ তৃপ্তি নাই মৰমতো।
⸻
ভিতৰ
⸺:৹:⸺
মনে কৰে ছিঙো যেন গছৰ গোলাপ,
ছিঙিলে সিমান কিন্তু নেলাগে সন্তোষ;
তেনেকৈয়ে মনোহৰ বাহিৰ পদূলি,
ভিতৰ সোমালে পাবা পৰিমাণে দোষ।
বাহিৰে দেখিবা ঘৰ জক্-মক্ কৰে,
সোমাহি সোমাহি বুলি মাতিছে ঠাৰত;
তেনেই পাহৰি যাবা পালেহি ভিতৰ,
আগৰ জেউতি আৰু নৰ‘ব মনত।
সীতা-সয়ম্বৰ
⸺:৹:⸺
হৰধনু ভাঙি ৰামে সীতাক লভিলে,
উঠিল গৌৰৱ-বাণী ৰাজ-সমাজত,
জয় জয় শৱদিলে অন্তেষপুৰত,
সীতাক সম্বাদ তাৰ দূতী আহি দিলে।
ভানুমতী সখীয়েকে বুলিলে বচন,—
‘স্বামী পালা সীতা তুমি কত তপ কৰি,
বজ্ৰময় হাত দুটি ধনু ভাঙ্গে ধৰি;’—
শুনি হাঁহি জানকীয়ে ঘূৰালে বদন।
লাজ পাই সখীয়েকে মাতিলে আকউ,—
‘কিয় কৰা সীতা দেৱি, বিষাদ মনত,
নহয় ৰামৰ হাত শিলৰ নিচিনা,
যেনে লাগে তেনে হয় কাৰ্য্যৰ গুণত।
ৰ‘দত পৃথিবী ফাটি হয় ছিটাছিট,
কোমল পদুমো কিন্তু ৰ‘দৰে নিৰ্ম্মিত।’
আকৌ
⸺:৹:⸺
সংসাৰ মহিমা চোৱা কেনে বিতোপন,—
যেনি চোৱাঁ তেনিৱেই স্বৰ্গীয় মিলন;
ডাৱৰত বিজুলীয়ে নিজে মোহ গই
কেতিয়াবা চকুমেলি চায় অকলই;
ঢিমিকি-টিমিকি সেই চন্দ্ৰৰ পোহৰ
বিস্তাৰি নিজৰ তেনে শোভা মনোহৰ
তাকো ভেদি পৰে আহি এই জগতত,—
ইমান দুয়োৰ প্ৰেম দুয়োৰ লগত।
বাৰেপতি বাগি দিওঁ তাকেই এৰাই,
সিয়েই উলটি আহি ধৰেহি মেৰাই;
ইমানতো নুবুজিলোঁ তাৰ দুখ-সুখ,
নেচালোঁ এবাৰো তাৰ মধুময় মুখ;
নাহিবি নাহিবি বুলি বাৰে বাৰে কওঁ
নুশুনিলে হাক মোক ধৰিলে আকউ।
ফুল-কুঁৱৰী
⸺•⸺
শুৱাই ফুলনি খনি ঠন ধৰি ধৰি,
দেখা দিলে ফুলে আহি বসন্ত কালত,
লাহধৰা ফুল মোৰ জোনৰ নিচিনা
প্ৰকাশ কৰিছে চোৱাঁ নীল আকাশত।
এনেই ফুলিছ ফুল, কোনে আহি তোক
তুলিলই পিদ্ধিবহি শুৱনি খোপাত?
পাৰ যদি জাপ মাৰি উঠ মূৰল‘ই
তেহে ফুল মিলি তই যাবি আপোনাত।
নমজে বতাহ তোৰ লাৱণ্য মধুত,
নুসুঙে কোনেও তই গোন্ধত অসাৰ;
জাঁটলী মাৰৰ তই জঁটলা চুলিত
কেলেই লুকাই থৱ ৰূপ আপোনাৰ?
আহ হেৰ ফুল মোৰ, নিচেই আজলী,
বহ মোৰ কোলাখন শুৱাই পৰক,
ধৰ মোক, ধৰ তই, গোন্ধেৰে সাৱটি,
জলি থকা হিয়া মোৰ তোতেই জুৰক।
[ ১৮ ]
সপোন
—০—
নীলৰ মাজেদি বিৰিঙিছে ৰঙা আঁহ,
মাৰ যায় সূৰ্য্যদেৱ লোহিত-মোহিত,
পচিম আকাশ খনি গোটেই ৰাঙলী
সন্ধিয়া বেলিকা, আহা, কিনো আচৰিত।
বহুল পথাৰ খনি ঘাহেৰে শুৱনি,
বলিছে ওপৰে তাৰ মৃদু সমীৰণ;
ৰাঙলী শ্যামলী দুয়ো ওপৰ তলত
বিস্তাৰিছে আপোনাৰ বিদায় কিৰণ।
হেঁপাহেৰে আছোঁ চাই পচিমৰ পিনে—
কতনো দুৰাশা মোৰ উদিছে মনত,
দেখিছো তাতেই যেন বিশ্বৰ মূৰতি,
উদিছে ভক্তিৰ ভাৱ মোৰ হৃদয়ত।
এনে সময়তে যেন কোমল মাতেৰে,
মাতিলেহি কোনোবাই আহি ওপৰত,
কোন বুলি মূৰ দাঙি লৰা-লৰিকই
চাওঁমানে অন্তৰ্হিত হ'ল বতাহত।
চাওঁতেই পালো সাৰ, নাহিল টোপনি,
ভাবিলো ইটোনো বাৰু কেনুৱা সপোন,
মাত মাতি বতাহত কিয়নো লুকাল,
চাওঁমানে তিলমানো নৰ'ল দেখোন!
⸻
কবি-প্ৰিয়া
⸺০⸺
নেলাগে তোমাৰ মোক একোকে, লাগেহে
চাবলই হাঁহিটি ওঁঠৰ,
নেলাগে মাতিব মোক শুনো যদি মই
মিঠা মাত কোমল মুখৰ।
দেখোঁ যদি বতাহত নচা ঠেৱে ঠেৱে
গোৱা যদি কুলিৰ মাতত,
সকলোতে সেও হই যদি খোজ কাঢ়া
ডাৱৰৰ গহীন খোজত।
নেলাগে চাবও মোক চোৱা যদি তুমি
প্ৰকৃতিৰ হবি লগৰীয়া,
নেলাগে কৰিব একো মোৰ বাৰে তুমি
কৰা যদি কৰিবলগীয়া।
শুই উঠি চোৱা যদি সৰু সৰু তৰা
মাৰ যোৱা আকাশৰ গাত,
পুৱা বনৰীয়া ফুল ছিঙোতে ছিঙোতে
নিয়ঁৰত তিতে যদি হাত।
লৌৱালপা বতৰৰ ৰ’দ পৰি যদি
বোল ধৰে নিমজ গালত,
নিৰজু বহে যদি মচি দিয়ে ঘাম
ছাঁ দিয়ে ডাৱৰে তপত।
কোঁচ খাই পৰে ছাঁটি যেতিয়া গছৰ
দুপৰীয়া থিয় ৰ'দ পাই,
দূৰণিত একেষাৰ চৰাই গীতত
ঠৰ লাগি থাকা চাই।
জিৰোৱা ভাগৰ লাগি ফুলনি তলত
সৰে যদি এটি ফুলো গাত,—
পৰি ৰোৱা তাৰে যদি পাওঁ এটি পাহি
সেয়ে মোৰ দেৱ-পাৰিজাত।
সন্ধিয়া নেথাকা যদি ভিতৰ সোমাই
চোৱা যদি বেলিৰ মেলানি;
নিশা চোৱা ব্ৰহ্মাণ্ডৰ অতীত বুৰঞ্জী
ওপৰৰ পিনে মূৰ দাঙি।
যায় যদি উৰি চুলি, ৰিহাৰ আঁচল,
শীতল পচোৱা বতাহত,
চোৱা যদি ঘৰমুৱা গৰুৰ ঢাপলি,
গৰখীয়া এছাৰি হাতত।
বৰষুণ শুনি যদি টোপনি অহোৱা
নিঘিণোৱা থুৰুতি বিজুলী,
ধুমুহাত তুমি যদি যাব খোজা উৰি,
নিৰভয়ে ফুৰা বাট বুলি।
সেয়েই সকলো বিশ্ব-মিলনৰ চিন,
নেলাগে বিশেষ দেখুৱাব,
কেৱল ফুৰিবা তুমি প্ৰকৃতি লগত,
প্ৰকৃতিয়ে সকলো শিকাব।
⸻
হিয়া
⸻
মোৰ এই বুকু খনি ছবিৰ ভঁৰাল,
ছবি তোলা পেৰা,- ততালিকে ৰয় এটি
হিয়াত পৰিলে ছঁয়া,-মনোমোহা চাব।
নহ’লে কিয়নো বাৰু সেই দিনা দেখা
এখনি আকৃতি-ইমানৰ ভিতৰত-
আউলি-বাউলী চুলি, ফুলি' পৰা ভাৱ,
হঁহা মুখ, গাৰ ঠেও, চকুৰ ভাঙতি
নেপাহৰোঁ,- বহি ল’লে হিয়াৰ-মাজত।
দুটি এটি ৰঙা ফুল, আলসুৱা মাত,
দেখিছিলোঁ, শুনিছিলো, পাহৰিলোঁ তাকো,
এতিয়াও তাৰ সেই পুৰণি চিন্তাত
আঁউজিলে জুৰ বাই ভুলায় মনকো;
মন মোৰ চ’ৰা ঘৰ ছবিৰে সজোৱা,
তাত থকা বহু চিত্ৰ উৰি মাৰ যায়;
কিন্তু হলে এই ছবি একো নাই হোৱা
বহুদিন,বহুদিন উৰিও নেযায়।
⸻
জাগৰণ
⸻
যিদিনা পোনেই দেখোঁ,অলপ.গহীন,
আধা ফুটা আধা হাঁহি বিৰিঙে ওঁঠত,
চকুত চিনাকি খোজা পাইছিলোঁ চিন,
আছিল মাধুৰী কিবা ভৰিৰ খোজত;
নাছিল ওৰণি,—কৰা পূৰ্ণ জ্যোতিহীন
পূৰ্ণিমাতো আকাশৰ ৰাহুৰ আঁৰত,-
এতিয়া সকলো গ’ল, নতুন আকৃতি,
নৱ-সাজ, নৱ-গুণ জলিছে দেহত।
কথা কবল’কে ভয়, লাজুকী প্ৰকৃতি,—
ৰঙচুৱা ওঁঠ-জুৰি, ৰিহা আঁচলৰ
এমুৰ কামুৰি ধৰা, চোৱা বেঁকা কৰি
ফুলা গোলাপৰ দৰে পাতৰ আঁৰৰ;
লৰা বয়সৰ ভাৱ আছিলোঁ পাহৰি,
পালোঁ ভাৱ, কিন্তু ঠাই নাই ৰাখিবৰ।
⸻
মালতী
⸺০⸺
সন্ধিয়া ৰঙা বেলি মাৰ যায় যায়,
কামাখ্যাৰ পিচ পিনে প্ৰকৃতি-কোলাত,
শোভিছে পৰ্ব্বতে, যেনে শোভে তিৰোতাই
ফুল পিন্ধি পিচ পিনে ধুনীয়া খোপাত।
নাও খনি যায় উটি সোঁতৰ লগত,
নিজৰ ছঁয়াটি পানী ধাৰত কঁপাই,
গই গই নাও খনি কামাখ্যা ঘাটত
বান্ধিলেহি পৰ্ব্বতৰ ওচৰ চপাই।
আছেহি আঁউজি বগা খুটাত ঘাটতে
মালতী, কলহ লই কোমল কাষত;
উটুৱাই দিছে, বহি চকু থই তাতে
বনৰীয়া ফুল ছিঙি সোঁতৰ লগত;
আকাশ ঢাকনি সৰি পৰিল তলত,
ওপৰ মুকলি হল তল আন্ধাৰত।
প্ৰণয়-বাতৰি
⸺::⸺
গাৱঁৰ মূৰত থকা বিলৰ মাজত
কত ফুল ফুলে আরু তাতে মাৰ যায় ,
কোনে শুনে, কোনে কয় তাৰ ইতিহাস
নাচি হাঁহি আপুনি লুকা
এদিন পাৰতে তাৰ অৰুণ পমিলা।
দুয়ো সাজিছিলে মেজি লৰা বয়সত;
বয়স হ’লতো দুয়ো তাৰ পাৰতেই
বহিছিলে গধূলি জুৰত।
সাধু-কথা সাজি-পাৰি কত পমিলাক
কইছিলে মৰমেৰে অৰুণে তেতিয়া,
শুনিছিলে পমিলাই শলাগি-শুলাগি
পান কৰি সাদৰি অমিয়া।
আমনি লাগিলে দুয়ো একেটি সুৰতে,
স্বগীয় শুৱলা আৰু কোমল মাতৰ,
নাই তাল, নাই মান, বহুগীত গাই,
প্ৰকৃতিকে তোৰে ওচৰৰ।
দিনতো ঘৰত আহি দুয়ো ভাবি থাকে,
কিহেৰেনো সিজনক তুষিব পাৰিব,
কেতিয়া গধূলি হয়, বিলৰ পাৰত
দুয়ো গই বহিব পাৰিব।
নিশা পমিলাই মাথোঁ দেখে অকণক
সাধু-কথা কই থকা পাৰত বিলৰ;
মাজে মাজে একোবাৰ সাৱটি নিজৰ
পৰিচয় দিয়া মৰমৰ!
অকণৰ চিন্তা মাথোঁ কেতিয়ানো আহে,
মেজি সাজিবৰ কাল বিলৰ দাঁতিত,
কেতিয়া পদুম ফুলে; বেলি-সূতা আনি
পমিলাৰ পিন্ধায় ডিঙিত!
দুইৰো বয়স হ’ল,চেনেহো বাঢ়িল,
কিয়নো দুইকো দুয়ো এনে ভাল পায়,
যদিও প্ৰৈমতে কিন্তু প্ৰেমৰ বিলত
নামিছেনে তাকো জানা নাই।
নেজানে লেখিব প্ৰেম-কাব্য পমিলাই,
নেজানে লেখিব চিঠি লনি কথা কই;
এবাৰ মুখৰ চিনে,চকুৰ সঙ্কেতে
হেজাৰো চিঠিৰ কথা কয়।
অন্ত গ'ল সূৰ্য্যদেৱ পছিম পিনেদি,
পমিলা পদুম লয় পালে প্ৰকৃতিত,
আন্ধাৰে পেলালে ছেদ অৰুণ পলাল;
লীল-খেলা সকলো অতীত।
আহে যায় মাঘ-বিহু, আগৰ দৰেই;
ৰ’দ-কাঁচিয়লি’জলে পদুম-পাতত,
ফুলৰো সুগন্ধ বয় সন্ধিয়া বায়ুত
মহ-যুঁজো পাতে ওচৰত।
হাবি উই-হাফলুৱে ছাটিলে তেনেই
এতিয়া সকলো চিন গ’ল, তেতিয়াৰ,
অৰুণ পমিলা আহি নেভাঙে তবধ
যুগ-যুগান্তৰল’কে তাৰ।
কেৱল বিহুৰ দিনা প্ৰত্যেক বছৰে,
কতনো সাজত কত শত ভেদ ধৰি,
কোনে ‘আহি স্নান কৰি.প্ৰকৃতি জগায়
গীত গাই প্ৰণয় বাতৰি!
গাঁৱৰ মূৰত থকা বিলৰ মাজত
কত ফুল ফুলে আৰু তাতে মৰি যায়,
নুশুনে নভণে কেৱে তাৰ ইতিহাস,—
নাচি-হাঁহি আপুনি লুকায়।
⸻
তুমি দেৱ পাৰিজাত
ফুলিলা অকলশৰে,
হাবিৰ ফুলৰ দৰে,
তুলিবৰ মনে কেৱে
নিনিছিলে হাত;
সমাজ-ৰান্ধনি ৰ'দ
নাই পৰা গাত।
পৰ্ব্বতৰ ওপৰত
নাচিছিলা উশাহত
সংসাৰৰ মায়া মোহ
.
নাছিলে তোমাত,
বসতি ল’লাহি দেৱি,
কিয়নো ইয়াত?
শুনি জৰণাৰ গীত
তোমাৰ কোমল চিত
উঠিছিল পৰিছিল
ঠেৱে ঠেৱে তাত;
তোমাৰ নুফুৰা নাই
পৰ্ব্বতীয়া বাট।
সৰু নৈৰ ওপৰত,
চন্দ্ৰমাৰ পোহৰত,
ৰূপালী কিৰণ পৰা
দেখিছিলা তাত;
শিল ধৰি ফেন তোলা,
শুনিছিলা মাত
গধুলি পাৰতে ৰই
গীত গোৱা অকলই,
প্ৰতিধ্বনি হাঁহি মাৰে
তোমাৰ কথাত;
ভাবা যেন তোমাকেহে
দিছে কেৱেঁ মাত।
অকলই গাইছিলা,
য'তে ত’তে ফুৰিছিলা,
লভিছিলা নিজা সুখ
নিজে আপোনাত;
মন গ'লে বহিছিলা
পৰ্ব্বতৰ ছাত।
কোনোবা কঠুৱা নৈয়ে
বুকত তোমাক লৈয়ে,
পলাই পৰ্ব্বত এৰি
থ'লেহি ইয়াত;
কিন্তু হলে দেৱি তুমি,
—দেৱ পাৰিজাত।
⸻
অপ্সৰী
—০—
দেখা নাই দেখা নাই এনুৱা লাৱণি
কোনো দিনে সৌন্দৰ্য্যৰ গাত;
এনেকুৱা সুমধুৰ কোমল বান্ধনি
পোৱা নাই মোৰ আতমাত;
গছৰ আগত থকা কোনেও নোচোৱা
আলসুৱা নিচেই কোমল,
চুবলই হাত নিলে জঁয় পৰি যোৱা
অতি কুমলীয়া কুঁহি মল।
তোমাৰ হৃদয় খনি নিচেই কোমল,
আনিছোঁ নোকোৱাকৈয়ে মই,
মুখতে চিনিব পাৰি কিমান সৰল;
কথা কবল'কে লাগে ভয়।
পৱিত্ৰতা সাহ লই ফুৰিছা আপুনি,
—ভয় মাথোঁ নিজেহে নিজৰ,
দেখিলেই ভক্তি হয়, মধু-মাত শুনি
ইচ্ছা মোৰ যায় পূজিবৰ।
স্বৰগৰ দেৱী তুমি বায়ু পথগামী,
ইয়ালই আহিলানো কিয়?
তোমাৰ লাৱণি গুণ কি বুজিম আমি-
আমি পাপ পৃথিবীৰ জীৱ।
নোহোৱা নোহোৱা তুমি এই পৃথিবীৰ,
নাই তুল্য তোমাৰ ৰূপৰ;
দেৱৰো দুৰ্ল্লভ তুমি, অমৰাৱতীৰ
এপাহি কুসুম মৰমৰ।
খোজেপতি বুজ দিয়া, মৰম, সাদৰি!
কয় বহু একোষাৰ মাতে;
সন্দেহ মনত মোৰ-আহিলা পাহৰি
অপেস্বৰি ক’ৰবাৰ বাটে!
গিৰি-কুমাৰী
—:*:—
লোকে বোলে তুমি হেনো একোকে নেজানা-
আজলী সৰল স্বভাৱৰ;
মই দেখোঁ তুমি হ'লে সকলোকে বুজা
যত কথা মোৰ অন্তৰৰ।
একোকে নেজানা যদি কিয় বাৰু আহি
ৰই থাকা গছৰ তলত,—
কোনেও নেদেখা কই মোৰ গীত শুনি
স্তব্ধ হই নিৰল ভাৱত!
লোকে হেনো দেখা নাই তোমাৰ মুখৰ
হাঁহি এটি প্ৰাণ শীতলোৱা,
মই হ'লে চাওঁ পতি সদাই দেখিছোঁ
সকলোতে হাঁহি বিৰিঙোৱা।
লোকে কয় শুনা নাই তোমাৰ মুখত
একো কথা হৃদয়ত লগা,
মোৰ দেখোঁ তুমি কোৱা প্ৰত্যেক কথাতে
গম পাওঁ হিয়া খনি জগা।
লোকে শুনা নাই হেনো তোমাৰ মুখৰ
একো গীত তালে মানে খোৱা,
মোৰ হ'লে হৃদয়ত ঘৰুৱা কথাও
লাগে যেন পঞ্চমত গোৱা।
সকলোৱে বান্ধনিৰ আঁজোৰত পৰি
হেৰুৱালে কোমল প্ৰকৃতি;
নেদেখিলে একো কথা শিক্ষা অনুসৰি
দেখিলেও নেদেখে দীপিতি।
তোমাৰ জনম ঠাই প্ৰকৃতি-কোলাত,
তেৱেঁ মাথোঁ তোমাৰ, শিপিনী;
লোকৰ কথাত চলা সমাজত কই
বহুত সুখৰ হাবিয়নি।
⸻
মনৰ কথা
⸺0⸺
চাইছিলো মনে-মনে প্ৰথমে তোমাক,
নেভাবি, এদিন মোতে পৰিবা ফুলি;
তোমাৰ ওচৰে গই শুনিছিলো মাত,
ভালেৰে মুখৰ কথা নুশুনো বুলি।
পিচত চিনাকি হ’লে, কত কথা কলো,
ফুৰিছিলো দুয়ো দুখ কতনো সহি,
ইমান মনৰ কথা নকলোহেঁতেন,
জনা হ’লে ক’ম বুলি সুখেৰে বহি
ইমান তোমাক ভাল নেপালেহেঁতেন
জানিলে সাঙোৰা বুলি দুইৰো হিয়া;
আৰু নিৰলে দিওঁ, তাহানিৰ মোক
প্ৰেম-পূজা ওলোটাই এতিয়া দিয়া।
আশাৰ সপোন
নোৱাৰিলোঁ জীৱনত বুজাব তোমাক
হৃদয়ৰ কিমান চেনেহ;-
নোৱাৰোঁ ফুটাই ক’ব, মনে মনে হলে
নাই ভেদ আমি দুটি দেহ।
তোমাৰ সুখৰ মই আনন্দ-সোঁতত
উটি যাওঁ লুকাই লুকাই;
লাজ লাগে, ফুলোঁ মই পদুমৰ দৰে,-
ভয়,যদি দেখে কোনোবাই।
তোমাৰ বাহিৰে যদি আৰু কাৰবাৰ
চকুজুৰি পৰে মোৰ গাত,
-নোৱাৰোঁ নোৱাৰোঁ ক’ব-বিদ্যুতৰ দৰে
কিবা এটি চিৰিঙে হিয়াত।
তুমি মোৰ জীৱনৰ আশাৰ দীপিতি,
আহা মোৰ হিয়াৰ মাজত;
আগবাঢ়োঁ মানে মই সেই সাহতেই
আৰু দেখোঁ তাৰে পোহৰত।
বহুত হিয়াৰ ভাৰ একোষাৰি মাতে
আঁতৰায় তোমাৰ মুখৰ,
একোটি কামত চিন পালে মৰমৰ
সীমা মোৰ নেথাকে সুখৰ।
সন্ধিয়া পূবৰ পিনে উঠে জোনবাই
তুমি উঠা যমুনা পাৰত,-
হালি জুলি ফুৰা যেন ডাৱৰৰ দৰে
ৰ’দ পৰি নীল-আকাশত।
তুমি মোৰ ক'ৰবাৰ প্ৰাণ শীতলোৱা
গধুলিৰ শান্তিৰ জৰণা,-
কেনি বোৱা, কেনি যোৱা, কোন পিনলই,
ক'ৰ পৰা ওলালা নজনা।
যৌৱন
পাৰা মানে, তুলি ফুৰা গোলাপৰ কলি,
কাল-সোঁত নিতে যায় বই;
যুিটি ফুল ঠন ধৰি আছে আজি ফুলি
জয়ঁ পৰি যাব কাইলই।
আকাশৰ ৰঙা বেলি উজ্জ্বল পোহৰ
উঠি যায় মানে ওখলই,
অন্ত হ'ব লীলা-খেলা নিজ জীৱনৰ
চাপি গ'লে মাৰ যাবলই।
প্ৰধান কামৰ কাল প্ৰথম জীৱন,
থাকে মানে বল হৃদয়ত,
গ’লে হ'লে কেতিয়াও নহ’ব ঘূৰণ,
আৰু বেয়া বেয়াৰ পিচত।
নেথাকিবা আশা কৰি, কৰা সময়ৰ
ব্যৱহাৰ নাচি আনন্দত,
এবেলি নুমায় যদি চাকি হৃদয়ৰ
নজলিব আৰু জীৱনত।
মইনা
ধুনীয়া মইনা মোৰ ঢুকালা এতিয়া,
ভাবিছোঁ লুকালা হ’ব পায় বেজাৰত;
কিহৰ বেজাৰ?-ভৰি আছিল লগোৱা
নিজ হাতে গোঁঠা মোৰ জৰী এডালত।
মন মোহা চকুজুৰি কিয়নো মুদিলা?
কিয়নো, কিয়নো মোক ইয়াতে এৰিলা?
অকলই ফুৰিছিলা হাবিৰ মাজত,
কিয় নেথাকিলা বাৰু মোৰনো, লগত?
দি টোপ কতবাৰ চুমিলোঁ মুখত,-
হাবিত থকাদি কিয় নেথাকা ৰঙত!
কিবা যেন নাই নাই
সন্ধিয়াৰ চাকি শাৰী,-
পুখুৰী-পানীত পৰি
দীঘলীয়া,নাচিছেঁ।
আকাশৰ ভোটা তৰা,
পাৰিষদে বেৰি ধৰা
জিলিকিব লাগিছে।
দীঘল দ'লটি গ'ই,
লাহে লাহে সৰু হই,
আকাশত মিলিছে।
দুখ-শোক আঁতৰাই,
মন-প্ৰাণ নচুৱাই,
জুৰ বায়ু বলিছে।
ইয়াতে সদাই দেখা,
দেখিলে মনত থকা
আহিলেই লগ পায়;-
মনে ভাল পোৱা,
ভাবিলে কেনিবা যোৱা,
কিবা যেন নাই নাই।
সৌন্দৰ্য্য
গোলাপী গালত যাৰ মন মজি যায়,
ৰঙা ওঠ দেখি পৰে ঢলি
তৰাৰ জেউতি ভৰা চকু দেখা পাই,
প্ৰেম-জুই উঠে যাৰ জলি;-
যেতিয়া পুৰণি কালে সকলো ঢুকাব,
নিশ্চয় অগণি তাৰ তেতিয়া নুমাব।
মনৰ সৰল ভাৱ অচল প্ৰাণৰ
সু-আশাই চিন্তা জুৰণিৰ
বান্ধ খোৱা দুটি মনে সমান প্ৰেমৰ
জলাব পীৰিতি অগণিৰ।
ভিতৰত নেথাকিলে ইবিলাক গুণ,
একো নাই বাহিৰত থাকে যদি ধুন।
সংসাৰী
লোকে বোলে তুমি হেনো পৃথিবীৰ বাজ
মান্তি, মোৰ নাই হ'লে তাত ,
দেখিছে তোমাক লোকে আঁতৰৰ পৰা
দূৰণি-পোহৰ পৰা দেখিছে তোমাত।
নিচেই ওচৰ চাপি তোমাক দেখিছোঁ।
ভাঙি-পাতি গুণাগুণ সকলো লেখিছোঁ।
নেভাবিবা সেই বুলি মোৰ মৰমৰ
এধানিও বিঘিনি ঘটিব,
মুঠেই, নকৰো ভয় স্বৰ্গীয় ভাবেৰে,
মনে মোৰ সেই ভাৱে ভক্তিও কৰিব।
নাই দোষ এনেকুৱা এপাহি ফুলত;-
দেখা নাই ভয় কেৱে সুখ-হৃদয়ত।
লাহৰী
আজিল'কে দেখা নাই তোমাক লাহৰি,
কথা মাথো তোমাৰ শুনিছো,
শুনিছো তোমাৰ গুণ, শুনিছো জেউতি,
আৰু মই মৰম বুজিছো।
আৰু হেনো কোনোবাই ক'লে মোৰ কথা
চকুজুৰি মাটিলই পৰে,
ধুনীয়া কতনো ফুল তোমাৰ গালত
ফুলি পৰে নানা বৰণেৰে।
অৱশ্যে মনৰ কিবা স্বৰ্গীয় বান্ধনী
আছে এটি এই জগতত,
নহ'লে কিয়নো বাৰু -নেদেখা নুশুনা-
মজো মই তোমাৰ গুণত।
দেখা নাই, শুনা নাই, তুমি এটি মোৰ
হৃদয়ৰ নজনা বাসনা,
মনেৰে ধুনীয়া কৰা, মনেৰেই সজা,
তুমি মোৰ পৱিত্ৰ কল্পনা।
ফুৰা তুমি, হাঁহাঁ তুমি, কোৱা নানা কথা,
কল্পনাৰ ওখ আকাশত;
চকুল’কো চোৱা আৰু হৃদয়ৰ কথা
কোৱা মোৰ মনৰ মাজত।
হ’ব পাৰা পৃথিবীৰ,-মোৰ উমানত
তুমি দেৱি-বসন্ত-লগৰী;
তোমাক দেখা যে নাই, নামো শুনা নাই,
সেই গুণে বুলিছো লাহৰী।
উৰণীয়া পখী
ছঁয়াময়া উৰি গ'ল আকাশৰ মাজে,
বায়ুপথ ভাঙি নিলগৰ;-
কি দেখিলো, কি দেখিলো, ইমান ধুনীয়া,
দেখা নাই এনুৱা সুন্দৰ!
যি দেখিলা, সিও যেন দূৰ আকাশত
ডাৱৰৰ নোৱাৰা মনিব,
এখনি শুৱনি পাখি নিচেই তৰল
মানুহৰ নোৱাৰা ধৰিব।
কত বেলি কত পৰ ৰ'লো বাট চাই
আকউ উলটি আহে বুলি,
কিন্তু হায়, গ’ল আৰু নাহিল নাহিল,
মোৰ জ্ঞান হৰিলে সমূলি।
গ’লা তুমি গুচি গ'লা নেচালা উলটি,
নেৰাখিলা একোকে মনত,
ভাবিলো তোমাৰ কথা সকলো পাহৰি
গ'লো যেন তোমাৰে লগত।
গ্ৰহণৰ দৰে মোৰ আৱৰি ধৰিলা
সকলো পোহৰ বাসনাৰ;
যিপিনেই চাওঁ মাথো তোমাকেহে দেখোঁ
সকলোতে ঢাকনী তোমাৰ।
যেনিয়েই যাব দিওঁ মোৰ কল্পনাক
তোমাকেহে তাতে দেখা পায়,
টানি ধৰে কিহবাই, গধুৰ খোজেৰে
ঘূৰি-পকি তোমাতে ওলায়।
তুমি মোৰ পূৰ্ণ আশা নীল গগনত,
তুমি মোৰ জীৱনী-জেউতি,
মাজে মাজে একো বেলি দেখা দিবা মোক,-
দিবা দেই কৰিছোঁ কাকূতি!
দুৰাশা
“অনাঘ্ৰাতং পুষ্পং কিসলয়মলূনং কৰকহৈ-
বনাবিদ্ধং ৰত্নং মধু নবমনাস্বাদিত ৰসম্।”
তোমাৰ মুখৰ কথা শুনিম আশাৰে গলো
নেমাতিলা এষাৰিও মাত,
কোনেও নমতা দেখি থৰ লাগি চাই ৰলো
তিনি প্ৰাণী তিনিও নিমাত।
ক’ব খোজা কথাষাৰি টিপতে লুকাব দিলা
ঠাৰতে নিদিলা উলিয়াব,
কোনোবায়ো কয় বুলি নিচেই চঞ্চল হ'লা
চকুল’কো নিদিছিলা চাব।
সদাই সন্তোষ তুমি লোকৰ মনত দিলা,
দিলা মোক সদাই বেজাৰ;
কেনেনো বিলাই মোৰ হ’ব তুমি অবিহনে,
নেভাবিলা কিয়নো এবাৰ?
সংসাৰ-দুখৰ বোজা এনেয়ে নোৱাৰি ব’ব
তাতে মোৰ এয়ো এটা হ’ল;
হিয়াৰ ডাঙৰ দুখ নোৱাৰোঁ ফুটাই কব
যত কথা হিয়াতেই ৰ'ল।
কত আশা কৰিছিলোঁ একেলগে দুয়ো বহি
মনৰ সকলো কথা ক’ম,-
বুজিব নোৱাৰা ভাব সকলো আছিলোঁ সহি
ভাবিছিলোঁ বুজোৱাই ল’ম।
তোমাৰ কথাই মোক থাকোঁ মানে জগতত
আন একো ভাবিব নিদিব,
ভাল কিবা দেখিলেও মোৰ শুদা হৃদয়ত
একো আৰু ভাল নেলাগিব।
আশাত নিৰাশ হই জঁয় পৰা অন্তৰত
সহিব নোৱাৰা হ’ল দুখ
তোমাক বঞ্চিত কৰি জুই জলা হৃদয়ত
এদিনো নহ'ব মোৰ সুখ।
বলিয়া
⸺:*:⸺
বসন্তৰ শীতল বায়ুত
হেৰুৱালোঁ জীৱনী-ৰাগিণী,
মন-প্ৰাণ নচুৱাই সন্ধিয়া বেলিকা
বইছিল সুগন্ধ-বাহিনী।
এখন্তক সকলো পাহৰি
বহিছিলোঁ আনন্দ মনেৰে,
গধুৰ মনৰ বোজা আঁতৰত থই,
ভাবিছিলোঁ লোকৰ ভাবেৰে
অকস্মাত নাচি নাচি আহি,
দেখা দিলে বলিয়া এটাই,—
সুধিলে নকয় একো, কেৱল ৰঙেৰে
সুললিত গানকেহে গায়।
“কিয়, মৰমৰ চিন নললা,
বহু দিন আশা কৰা, কথা নক’লা?
কতনো আলচিছিলোঁ,
কত কথা পাঙিছিলোঁ,
সকলোকে কিয় তুমি পাহৰি গ'লা?”
সুধিলেও একোকে নকয়,
গান আহে ক'ব খুজিলেও;
নাচে গানে ক'ব খোজা ক'ৰবাত এৰে
ক’বলই মন থাকিলেও।
বহুপৰ সুধি থাকিলত,
গান এৰি এখন্তক বহি,
নিজৰ দুখৰ কথা মৰম আশেৰে,
ক'লে যিবা, হিয়া নিয়ে দহি।—
“গইছিলোঁ মোৰ বুলি ক'লোঁ,
কলোঁ মই তোমাৰ নাছিল;
‘গুচি যা গুচি যা মোক যেতিয়া বুলিলে,
শক্তি-শেল হিয়াত বাজিল।
“আঁতৰৰ পৰা মোৰ পিনে
চাই থাকি নোচোৱা ভাৱেৰে
কাৰবাৰ কুমলীয়া সৰল পৰাণে
চাটি-ফুটি কৰিলে দুখেৰে।
“থিৰ ভাৱে মিঠা কথা কই
নিলে মোক চলাই ভুলাই,
আশা পূৰোৱাৰ ছলে প্ৰৱঞ্চনা কৰি
ফাটকত দিলেহি সুমাই।
“বহুদিন যদিও আছিলোঁ।
নানা দুখ-ভুগি নৰকত,
দুখতো নেপালোঁ দুখ, কিবা কিবি ভাবি
সেই কালো গল অলপত।”
কেনেকই কেতিয়ানো ক’ত
পৰিছিল নতুন পোহৰ,—
তাকো কলে, আৰু নানা কথা মিহলাই
পাতলালে যাতনা মনৰ।
গই, আহি আকউ কলেহি, -
“কিয় মোক বলিয়া বুলিব,
ময়ে নে নাইবা আৰু কোনোবা বলিয়া
তাৰ মেল স্বৰ্গত সুধিব।”
গুচি গ'ল বলিয়াও, ময়ো
গম পালোঁ মনৰ মাজত,-
পুৰণি দুখৰ বোজা দুগুণ গধুৰ
বলিয়াৰে দুখৰ লগত।
⸺
মোৰ প্ৰেম
⸻
নুভুলিবা তুমি মোৰ লাৱণী ৰূপত’-
মৰমীয়া চকু দেখি ধুনীয়া মুখত,
নুভুলিবা গুণ মোৰ দেখি বাহিৰত,
নুভুলিবা এটি প্ৰেম দেখি হৃদয়ত;
সকলো ঢুকাব পাৰে পাপ পথ লই -
থান থান হ’ম পিচে কৰবাত গই!
সন্দেহৰ চকু থ'বা মোৰ অন্তৰত,
নমজিবা একে বাৰে মোৰ মৰমত,
ভাল পালে ভাল পাবা, তথাপি মোলই
সদাই নথবা প্ৰেম নিৰ্ভয় নহই।
⸻
চিত্ৰ
⸺
লুকাল বেলিটি, সৰু নাওখনি
ইপিনে দাঁতিয়ে যায়,
পশ্চিম পিনেদি সেন্দুৰী ৰঙেৰে
ডাৱৰে পোহৰ পায়।
আহিছে একুঁচী পোহৰৰ ৰেখ
দীঘল বহল হই,
নাও খনি যায় নাচি নাচি মোক
বুকুত সাবটি লই।
সেন্দুৰীয়া ৰেখ দীঘল গছৰ
নিৰ্ম্মল পাতত পৰে,
চন্দন মিহলি নিৰ্ম্মালিৰ দৰে
ৰাঙলী বৰণ ধৰে।
বতাহে কৰিছে পানীৰ লগত
ধেমালি, বিদায় জানি,
উঠি নামি যেন ঢৌ খলকত
বায়ুক ধৰিব আনি।
বেলি যায় বুলি নৈয়ে বেজাৰেৰে
দুখৰ উশাহ টানে,
তাৰ লগে লগে বুকুখনি কঁপি
সন্ধিয়া পোহৰ সানে।
দেখি গলোঁ মই পাৰৰ দাঁতিত
শাৰী শাৰী শাৰী ঘৰ,
ফুলেৰেই সজা, ফুলৰে কানন,
এখনি ৰম্য নগৰ।
চকুদুটি মুদি ভাবৰ ভোলত
পাৰতেই থিয় হোৱা,
বৰ্ণাব নোৱাৰোঁ যিটি দেখা পালোঁ।
বুধিৰ অসাধ্য কোৱা।
দেখিছোঁ পদ্মাত পুৱা বেলি উঠা
পানীৰ মাজৰ পৰা,
পাতৰ মাজত ফুলে জুমি জুমি
একোটি ভুমুকি মৰা।
সোণালী ৰঙৰ এনে ছবি নাই।
সোণালী ৰদত দেখা;
চাৰিপিনে তাৰ চাৰি ডালি থকা
সোণৰে ধুনীয়া ৰেখা।
নহয় মানুহ, এনেয়ে ছবিটি
আধাহে হিয়াত ৰয়,
সজাগৰ মোৰ কঠুৱা ভাবত
কেনিবাদি যায় লয়।
লাজুকী
কি মধুৰ মনমোহা আছিলা তেতিয়া–
যেতিয়া প্ৰথমে দেখোঁ যমুনা পাৰত,
নাই কথা নাই মাত দুইৰো যদিও
কিন্তু হ’লে জনা-শুনা দুইৰো মনত।
ফুৰিছিলা য’তে ত’তে নিশঙ্ক মনেৰে,
একোকে নেথাকা চাই বেচি পৰ ৰই,
নুশুনা একেটি গীত একে ঠৰে থাকি,
নিদিয়া দুবেলি চকু কাৰৰ মুখলই।
পোনে পোনে নিৰীক্ষণ বেঁকা-বেঁকি নাই,
একোবাৰ যাব খোজা বতাহতে উৰি,
কামত উদ্দেশ্য, নাই সাধনা মনত,
সদাই যোৱাহি মাথোঁ একে বাটে ফুৰি।
নেভাবা সৰহ কথা, যিবা এটি ভাবা
তাকো তুমি বহু পৰ নোথোৱা মনত,
নেথাকে সৰহ বেলি, নোখোজা ৰাখিব
দেখ, শুনা, ভবা, চিন্তা মনৰ মাজত
এইদৰে নাচি-বাগি গ'ল ল’ৰাকাল;
কিন্তু হ'লে বহুদিন হই যোৱা নাই,
ইমান সলনি হ'ল তোমাৰ স্বভাৱ
অগৰ তোমাৰ একো চিনকে নেপায়।
এতিয়া নোলোৱা তুমি সেই ঠাইল’কো
ফুৰিছিলা তুমি যত শত কোটিবাৰ,—
মানুহ দেখিলে তুমি ভয় খাব খোজা,
নোলোৱা শীতল বায়ু আহি যমুনাৰ।
এতিয়া তোমাৰ খোজ নহয় মুকলি,
ভাবা যেন,—খোজে পতি তোমাৰ ভৰিত
শত শত চকু পৰি কথাই কথাই
ধৰিব খুজিছে দাই ভাও-ভঙতিত।
নোখোজা শুনাব মাত তোমাৰ মুখৰ,
যিবিলাকে শুনিছিল আগেয়ে সদাই;
বহুত প্ৰশ্ন তুমি একেটি কথাতে,
সামৰি উত্তৰ দিয়া মুখ আঁতৰাই।
মাত মতা টান কথা,—চকুলই চোৱা
পাহৰিলা হ’ব পায় নপৰে মনত।
ভয় কৰা,—কোনোবাই তোমাৰ কথাৰ
আলোচনা কৰে বুলি নৰ-সমাজত।
মিলি গলা প্ৰকৃতিৰে একো হানি নাই,
মই হলে এতিয়াও তোমাৰ কামত
পাওঁ চিন মৰমৰ, কল্পনা চকুৰে
দেখোঁ যেন কিবা এটি তোমাৰ লগত
⸺
হাঁহিটি
—:০:—
পৰিছে মনত মোৰ কিয়নো এতিয়া
তাহানিৰ হেৰোৱা হাঁহিটি?
হেৰোৱা-নেপালোঁ মই গমকে কেতিয়া
বসুধাত মাৰ গ'ল সিটি৷
যি হাঁহিৰ ওচৰত কঠিন বান্ধেৰে
আছিলোঁ অচল মেৰ খাই,
জীৱনত তাত বাজে সুখৰ নামেৰে
জানিছিলোঁ আৰু একো নাই।
দুখ লাগে তেনে হাঁহি দেখিও দৈৱাৎ
সেই মুখতেহে ভাল দেখি,
এজোপাৰ ফুল ছিঙি অন্য এজোপাত
পিন্ধালেও ধুনীয়া নেদেখি।
সেই হাঁহিটিয়ে মোক জীৱন-যাত্ৰাত
কৰিছিলে বহুত সহায়,
ফুল ফুল সৰি গ'ল প্ৰকৃতি কোলাত,
আজিও পাহৰা হ'লে নাই।
সাদৰী
⸺০⸺
( ১ )
আছিল সাদৰী মোৰ ভৰলু সিপাৰে,—
কাৰো মাত নুশুনা দেশত,
নাই কেওঁ শলাগনি দিয়ে মৰমেৰে
নাই কেও পৰে প্ৰণয়ত।
শেলুৱা শিলত গজা ফুল বনৰীয়া
আধা-আধি চকুৰ আঁৰত,
ধুনীয়া, তৰাৰ দৰে একেটি যেতিয়া
তিৰ-বিৰ জলে আকাশত।
আছিল নজনা কেৱে, নেজানে কোনোৱে
লয় পালে সাদৰী যেতিয়া,
যেতিয়া শ্মশান, হায়, ললে সাদৰীয়ে,
মোত জুই জলিল তেতিয়া।
(২)
সাগৰৰ শিপাৰৰ নজনা দেশত
বিদেশীৰ মাজত ফুৰিলোঁ,
স্বদেশৰ মায়া ফেৰি, কল্পনা সুখত
পমি গই তেতিয়া জানিলোঁ।
গ’ল য’ক মোৰ সেই দুখৰ কল্পনা,
নিজ দেশ নেৰোঁ কেতিয়াও;
বাঢ়িব লাগিছে মোৰ চেনেহ কামনা
নিজৰ দেশত এতিয়াও।
পাইছিলোঁ পৰ্ব্বতৰ মাজত তোমাৰ
আশা সুখ,—সঁচোৱা মনত,—
সাদৰৰ সাদৰীয়ে মাতেৰে উঘাৰ
বহিছিলে জুহাল কোষত।
পুৱা দেখা পায় আৰু গধূলি লুকায়
সাদৰীৰ ফুলৰ মণ্ডপ,
ঘাঁহনি পথাৰ খনি, তোমাৰেহে চাই
সাদৰীৰ চকু গ'ল জাপ।
( ৩ )
মোহ টোপনিত পৰি সংজ্ঞা হেৰুৱাই
পাহৰিলোঁ জীৱন মৰণ;
জানিছিলোঁ সাদৰীক মৰ্ত্য ধুমুহাই
নোৱাৰিব কৰিব পৰ্শন।
নাই গতি, নিশকতি, এতিয়া সাদৰী,
চকু-কাণ নলৰে-নচৰে,
পৃথিবীৰ পাকে পতি ফুৰিছে বাগৰি
গছ, লতা, পৰ্ব্বতৰ দৰে।
প্ৰকৃতিলৈ
—:০:—
নৈত আহি পৰ্ব্বতৰ নিজৰা পৰিছে,
নৈ পৰে সাগৰত গ’ই;
মলয়াৰ জুৰ বায়ু সদাই মিলিছে
মধুৰ ভঙ্গিমা এটি লই।
অকলশৰীয়া কেওঁ নাই পৃথিবীত,
সকলোটি স্বৰ্গীয় ডোলত
বান্ধ খাই পৰস্পৰ হইছে মিলিত,
মিলোঁ ময়ো তোমাৰে লগত।
পৰ্ব্বতে চুমিছে ওখ নীল-আভৰণ,
ধৌক ধৌৱে ধৰিছে সাৱটি;
ভনী বুলি ফুলটিৰ নহ’ব এৰণ
কোনোৰূপে ঘিণালে ভাইটি।
ৰ'দে পৰে পৃথিবীক সাদৰে সাৱটি,
চুমে চন্দ্ৰ-পোহৰে সাগৰ,
ইবোৰ মৰম-চুমা মিছা মোৰ প্ৰতি
নলভিলে তোমাৰ মুখৰ।
প্ৰতিদান
⸻
একো প্ৰতিদান মোক নেলাগে তোমাৰ,
নেপেলোৱা মোৰ দান যদি দলিয়াই;
মৰমেৰে যদি মোক চোৱা এটি বাৰ
তাতে সুখ সাগৰত প্ৰাণ উটি যায়;
হৃদয় খনিকে পাৰোঁ দিব উপহাৰ
বুজালে ল’বৰ মন মুৰ দুপিয়াই।
যাচি দিয়া মৰমকো নললে অৰ্জ্জুনে
অপেশ্বৰী উববশীৰ স্বৰগ-ৰাজ্যত,
কিন্তু হ'লে সুভদ্ৰাক কতনো যতনে
কৰিছিলে লাভ তেওঁ এই জগতত;
হিয়াৰ বান্ধনি যদি মিলে মনে মনে
সদাই সকলো সেও গুণৰ কোষত।
নেলাগে মাতিব মোক তুমি সাদৰেৰে,
মাতিম তোমাক হ'লে সকলো খেনত;
নিয়ৰেৰে তিতি থকা ফুলটিৰ দৰে
দেখোঁ যদি চকুপানী তোমাৰ মুখত⸺
সকলো কৰিম, যিবা পাৰোঁ জীৱনেৰে,
নেপালেও প্ৰতিদান তোমাৰ হাতত।
প্ৰকৃতি কোলাত
নেদেখা নুশুনা কোনো নোযোৱা দেশত,
আহিছোঁ আহিছোঁ থই প্ৰাণ-পুতলীক⸺
কাল-টোপনিত পৰি শোৱা ভাগৰত,
জপাই দুয়োটি হাত, হিয়ৰ ৰাণীক।
পালে তাৰ শীতলোৱা চেঁচনি বুলনি
নহব বলিয়া কোন গলি হিয়া খনি।
নিমজ, নিভাঁজ যাৰ চকু-পিৰিকণি,
ৰসাল, আনন্দময় যাৰ মুখ খনি
কয় যেন কত কথা কথাৰ চিয়াৰে,
৫
নমতা-মাতেৰে কোৱা নিমাত ভাৱেৰে;
শুনো যেন ভাবোঁ পতি কল্পনা কাণত,
‘নাই সীমা নাই সুখ প্ৰেমৰ' সুৰত।
পুৰণি সপোন
আৰু আহিবনে 'ঘূৰি সেই শুভদিন,⸺
যিদিনা আছিলোঁ দুয়ো কদম তলত,
গাইছিলোঁ কৃষ্ণলীলা কদম সুৱঁৰি,
শুইছিলোঁ মোহ গই কুলিৰ মাতত?
আৰু আহিবনে সেই সুখৰ যামিনী,⸺
চাইছিলোঁ দুয়ো বহি পূৰ্ণিমা পোহৰ,
চাওঁতে চাওঁতে মোৰ অথিৰ চকুৰ,
ছেদ পেলালেহি আহি কঠুৱা ডাৱৰ?
নাহে নাহে হায়, আৰু সি বসন্ত কাল,
যেতিয়া আছিলোঁ দুয়ো দুয়োৰ লগত,
কেউপিনে বতাহত ফুলৰ গোন্ধত,
গইছিলোঁ দুয়ো লীন পুষ্প-কাননত।
ইজনে সিজনে মিলি গাঁথিছিলোঁ মালা,
পিন্ধাই দিছিলোঁ দুয়ো দুয়োৰ গলত,
ল'ৰাৰ ধেমালি বুলি খন্তেকো নেভাবি,
খেদিছলোঁ লুকা-লুকি ফুলৰ আঁৰত।
পদুমনি সৰোবৰ ফুলনি দাঁতিত, -
কৰিছিলো দুয়ো তাত স্নান উলাহেৰে,
সাঁতৰি মাজৰ পৰা মোৰ পিনে চাই,
হাঁহিছিলা আহাঁ বুলি অতি সাদৰেৰে।
পৰেনে মনত বাৰু সেই কথা আৰু,
বিস্মৰণ হ'ল, নাই কালৰ সোঁতত?
চাপিছা ওচৰ আহি কিয় নহলেনো,
সকলো অৱশ্যে আছে তোমাৰ মনত।
স্বপ্ন যেন লাগে মোৰ এতিয়া সকলে,
তুমি যে আছিলা মোৰ,—কল্পনা মাথোন;
মনে মনে তাকে ভাবি উপভোগোঁ সুখ;
এতিয়াও দেখিছোনে আকউ সপোন?
বাণীদেবী
আছেনে মনত দেৱি অততী জীৱন,
গাইছিলা হিমালয়-টিঙত যেতিয়া,
পুৱাৰ নিয়ম পাই ভোমোৰা সুৰত,
নাচিছিল ঠেৱে ঠেৱে ফুলনি যেতিয়া?
গইছিল সূৰ্য্যদেৱ সুমেৰুৰ পিনে,
পৰ্ব্বতৰ পূবফাল আন্ধাৰত থই;
গাইছিলা তুমি বহি নইৰ পাৰত,
কাণ পাতি শুনিছিলে মৃগ-শিশু ৰই।
আন্দোলিত জলৰাশি গঙ্গাৰ বুকুত,
ডুবিছিল তাতে পৰি সূৰ্য্যৰ কিৰণ;
সোঁতৰ মাজৰ পৰা সন্ধিয়া বেলিকা,
চন্দ্ৰ উদি শোভিছিল দুখনি গগন।
বসন্ত আহোঁতে যত ফুল ফুলিছিল
নতুন শোভাৰে আহি গছৰ ডালত,
লৰিছিল সেই ফুল বায়ুৰ ভৰত;
প্ৰতিধ্বনি হইছিল কু-উ-উ মাতত!
হাতত বীণাৰে স’তে ভাৰতত ভ্ৰমি,
দিছিলা জগাই ধ্বনি সকলো দেশত,
যি তাঁৰৰ মাত শুনি লভিলে চেতন,
বাল্মীকিৰ তপোবনে কাব্য-জগতত।
যি বীণাৰ মাত শুনি পৰ্ব্বতৰ গাৰ
আবেলি বেলিকা- বহি গছৰ তলত,
গুঠিছিলে কুশাসন মুনিৰ কন্যাই
গুণ্ গুণ্ গীত গাই গঙ্গাৰ পাৰত।
ফুলত চন্দন সানি পূজা কৰিছিল
ভাৰতী দেবীৰ পদ সৱে ভোল গই;
সহস্ৰ সুন্দৰী আহি পূজিবৰ মনে
ধূপে-দীপে আছিলেহি দুৱাৰত ৰই।
যি বীণাৰ মাততেই হাবিৰ মাজত
শকুন্তলা মোহ গ'ল ৰজাৰ গুণত;
আপোনাৰ গুপ্ত মন কৰিলে প্ৰকাশ,
যক্ষয়ো তাকেই শুনি মেঘৰ আগত।
অশোক বনত কত দাসীৰ মাজত,—
ৰামক নেদেখি সীতা নিচেই চঞ্চল,
হাতেৰে আৱৰি মুখ লোকৰ আগত,
কৰিছিলে মন চকু-পানীৰে পাতল।
কিন্তু হায়, ক’তা আৰু তোমাৰ সঙ্গীত,
কাঁহৰ মাতৰ দৰে জীণ গ’ল গই,
নাই দেখোঁ লেশো তাৰ বায়ুৰ লগতো,
একেবাৰে গ’ল গুচি মৰ্ত্য এৰি থই!
লেৰেলি ফুলমাল শুকাই পৰিল,
ৰস গোন্ধ মধুৰত একো আজি নাই
তোমাৰ লগতে গ’ল সকলো মহিমা,
ওলমিল পাৰিজাত গছতে শুকাই।
শকুন্তলা
আজিও ৰঞ্জিত কবি, কল্পনা ফুলনি,
আজিও ফুলিছে ফুল গাত গোন্ধ লই,
হাতত কুঁকিৰে স’তে শকুন্তলা আহি
ফুল তুলিবৰ মনে আছে থিয় হই।
প্ৰিয়ম্বদা অনসূয়া দুয়ো গোট খাই
হাতত কলহ লই ফুলৰ তলত,
ঢালিছেহি পানী চোৱাঁ সাক্ষাত আগতে,
আলসুৱা শকুন্তলা আছে ওচৰত।
লেখিছে সাদৰি চিঠি শকুন্তলা বহি,
নেলাগে ছবিত আৰু আঁকি দেখুৱাব,
নুছুবা নুছুবা কেৱেঁ নিচেই কোমল,—
শকুন্তলা ফুলপাহি জঁয় পৰি যাব।
মাইকেল
নহওঁ বঙালী, কিন্তু কৰিলোঁ প্ৰণাম
তোমাৰ সমাধি দেখি, আছে এটি য’ত
তৃতীয় আতমা,—স্বৰগত, মৰতত,
ভয় লগা ভাল পোৱা আৰু শ্মশানত।
যদিও ওপজে জোন পূবালি দেশত
সকলোৰে মন মোহে,—ধন আদৰৰ;
দেশে দেশে গাই গীত কুলি কেতেকীয়ে,
নাই দেশ প্ৰতিভাৰ,—তুমি জগতৰ।
ৰাম-মোহন
পচিমৰ সূৰ্য্য উদি পূব ভাৰতত
ঢালিছিলে জক্মক্ যেতিয়া পোহৰ,
যেতিয়া সতীৰ মাত, জ্বলন্ত দুখৰ,
ডুবিছিল তাল-মৰা ঢোলৰ মাতত।
যেতিয়া সত্যৰ নাম নুমাব খুজিলে,
অধৰম, অনাচাৰ ধৰ্ম্মৰ নামত,-
তেতিয়া যিজন আহি মহা-আদেশত
প্ৰাচীন বেদৰ পথ দেখুৱাই দিলে।
আজিও ভাহিছে দেৱ, হিয়াৰ মাজত
তোমাৰ জীৱন স্মৃতি, মৰিও অমৰ!
বাজিব লাগিছে বীণা তোমাৰ লগৰ,
বলিছে তেজৰ সোঁত সিৰৰ মাজত।
নেভাবিম সংসাৰত পাৰ পালোঁ বুলি,
নোৱাৰিম নিজে গই ফুল ছটিয়াই
তোমাৰ সমাধি চকু-পানীৰে তিয়াই
দেখুৱাব ভক্তি মোৰ হিয়া খনি মেলি।
চিত্ৰলেখা
নেজানো ইমান বুলি তোমাৰ মহিমা,
চিন্তাত আঁকিব পাৰা যাকে মন যায়,
এনে গুণৱতী কেঁও কোনোবা কালত
যথাৰ্থতে জগতত আছিলেনে নাই!
উষাক তুষিলা তুমি ছবি দেখুৱাই,-
জগত তুষিলা কিন্তু বিদ্যাৰ গুণ-
সোণালী সপোন গল সাৰ পাওঁতেই, -
দেখুৱালা ছবি আঁকি কল্পনা বলত।
প্ৰেমক বুকুত লই শোভা কৰিছিল
অনিৰুদ্ধ উষা দুয়ো দুপিনে তোমাৰ,
আহিনৰ পূৰ্ণিমাত আকাশৰ দৰে,
চেনেহ মিলাই পুণ্য লভিলা অপাৰ।
আনি দিলা অনিৰুদ্ধ উষাৰ লগত
কতনো প্ৰৱন্ধ কৰি ছদ্ম বেশ ধৰি,
নিজে কিন্তু একে ভাৱে থাকিলা সদাই
নেপালানে তুমি কাকো নিজৰ সাদৰি?
আকাশ
এক অংশ মানুহৰ অনন্ত জ্ঞানৰ
একে লুটি, একে পাত মাথোঁ জ্যোতিষৰ,
কত সূৰ্য্য অগণন লইছা কোলাত,
লগে লগে কত গ্ৰহ ভ্ৰমিছে তোমাত,
দুটি এটি উপগ্ৰহ আছে গাইপতি,
তুলনাত ধৰা খনি মাথোঁ কণা এটি।
পৃথিবীৰ নিশকতি আমি ক্ষুদ্ৰ জীৱ,
দেখুৱা আমাক তাতে ছঁয়া-ময়া কত!
ৰামধনু ৰেঘা লই মাজে মাজে আঁহা।
গ্ৰহণত ৰোহ পাতা ওৰণি আঁৰত।
কেৱল ধেমালি যাৰ অনন্ত আকাশ,
অনন্ত অনন্ত কত তেওঁৰ অধীন!
এয়েনে তোমাৰ লীলা নুবুজোঁ দেখোন?
যথাৰ্থ ঈশ্বৰ তুমি শক্তি অসীম।
মহাস্বপ্ন
সেইদিনা টোপনিত দেখিলো সপোন;—
এখনি পৃথিবী তাৰ চাৰিও পিনেদি
বেৰি আছে কত তৰা অনন্ত স্বৰ্গত,—
এটি সূৰ্য্য এটি চন্দ্ৰ ভ্ৰমিছে মাজেদি।
দেখিলে। নিজকে মই, নৰ-ৰূপ ধৰি
ল’ৰা, ডেকা, বুঢ়া হই তাৰে ওপৰত
ফুৰিছোঁ, কৰিছোঁ যুদ্ধ খন্তেকো নৰই
‘যোগ্য’ হ’বলই বুলি নৰ-জীৱনত।
আৰু এটি আচৰিত দেখিলোঁ ইয়াত,
চৰি যায় মানে দেখোঁ পৰিয়েহে যায়,
তথাপি সিহঁতে ভাবে ‘ডাঙৰ হইছোঁ”—
ধৰ্ম্মৰ প্ৰশ্নৰ একো ওৰ পোৱা নাই।
কিছুমান তেনেকুৱা মানুহ জীৱকে
আপোন আপোন বুলি কৰিছোঁ মৰম,
কাকো হ'লে পৰ বুলি থওঁ নিলগাই,
নিজৰ সুবিধা বুজি পালিছোঁ ধৰম।
কাৰোবা আগত মই ধন দেখুৱাই
খুজিছোঁ সন্মান নিজে নিজকে পাহৰি,
কাকোবা অজ্ঞানী বুলি কৰো চেই চেই,
কাকোবা বিহিছোঁ শাস্তি ছলে-বলে ধৰি।
মোৰ থকা ঘৰ ওখ তিনি খলপীয়া,
আছোঁ শুই পালেঙৰ কোমল তুলীত,
ওপৰত নিজে নিজে বিচনী চলিছে,
টোপনি মাতিছোঁ শুনি মন মোহা গীত।
দিনে দিনে কত ধন আহিব লাগিছে,
লেখি বুজি সুমুৱাই থওঁ আদৰেৰে;
পিন্ধা-উৰা সাজ-পাৰ চালে চকুৰোৱা
তেনেকুৱা আৰু তাত নাই যাৰে তাৰে।
চোৱাঁ নাই চকু মেলি আকাশৰ পিনে,
ভবা নাই কি অনন্ত ব্ৰহ্মাণ্ড খনিনো,—
তৰা হাতী-পটি তাত আছেনো কিমান,
তুলনাত মই তাৰ কেনুৱা জীৱনো!
গমা নাই কিয় এনে গতি সংসাৰৰ,
কিয়বা মৰণ হয়, কিয়বানো দুখ,—
যাক ভাবি ৰাজ্য এৰি ৰজাৰ ল'ৰায়ো
বিসৰ্জ্জন দিলে যত জীৱনৰ সুখ।
কেনেনো ঈশ্বৰ, তেওঁ কিমান ডাঙৰ,
অনন্ত ব্ৰহ্মাণ্ড যাৰ হাতৰ তলত,
মানুহৰ বলে পাৰে কিটোনো কৰিব,
মই ক'ৰ, আছোঁ ক'ত, নাছিল মনত।
চক্ মক্ খাই মই উঠি ততালিকে
চাওঁ দেখোঁ কেও পিনে অনন্ত পোহৰ;
শিৱ-সত্য সুন্দৰৰ চৰণ তলত,
লোপ পালে দীঘলীয়া মায়া সপোনৰ।
বুজিলো মিছাতে এই বাদ-বিসম্বাদ,
সকলোৰে একে দশা মৰি-শালনীত,
মায়াৰ জীৱন, এই মায়া শেষ হলে,
সাৰ পাব জ্ঞানময় প্ৰেম স্বৰগত।
⸻
বসন্ত-বিষাদ
—:৹*৹:—
কিহেৰে গাঁথিম মালা ফুল আৰু নাই,
হাতত ফলৰ আঁহ এনেয়ে আনিলোঁ,
নাই আজি ফুলনিত তগৰ, গোলাপ,
যুতি নাই, চঁপা নাই, একোকে নেপালো
উৰুঙা ফুলনি অজি ফুলৰ শোকত,
নবয় বতাহ আৰু আগৰ দৰেৰে,
নেপাওঁ এধানো গোন্ধ কেনিও ফুলৰ,
নুজুৰায় প্ৰাণ আৰু ‘কেতেকী' মাতেৰে।
শৰত-শেৱালি দুয়ো আগেয়ে লুকাল,
তোমালোককিটি মাথোঁ আছিলা বুকত;
আজিহে ফুলনি হ'ল নিচেই নিমাও,
লাগিছে বেজাৰ মোৰ ফুলৰ শোকত।
আনিছিলা লগতেই কুলি কেতেকীক,
আছিলা যিমান দিন আছিল লগতে,
লগে ভাগে লই তাকো কঠুৱা হিয়াৰে,
কিয়নো পলালা ফুল ইমান বেগতে?
আছিল উপচি ফুল সিদিনা তলত
গাঁথিছিলোঁ কেবাধাৰো মালা তাৰে মই,
এতিয়াও বহা সাঁচ কোমল মাটিত
আছে, মাথো গ’ল ঋতু ফুলকিটি লই।
গাঁথিছিলো দুয়োপিনে তগৰ সমানে
মাজতে সুমাই এটি গোলাপৰ কলি,—
নাই আজি নাই আৰু এটিও ইয়াত,
কৰাল ধুমুহা আহি নিলে তাক দলি।
যদিও ধুনীয়া লুকা-ভুমুকা ফুলৰ,
নকৰিম অনাদৰ পাই ফুল পাহ,
সদাই তুলিম আহি কুঁকি এটি লই,
নপৰিব জঁয় যদি ফুলে বাৰে মাহ।
দিনে পতি আহে ঘূৰি সূৰুযৰ ৰথ,
নকৰোঁ বেজাৰ ফুল আকউ আহিব,
প্ৰত্যেক মাহতে হয় চন্দ্ৰৰ পূৰ্ণিমা,
বছেৰেক ৰ'লে আহি ফুলনি ভৰিব।
ফুলিব ইয়াতে ফুল সৰিব তলত,
তেতিয়া গাঁথিম মালা হেঁপাহ পূৰাই
আহিব আহিব বুলি আকউ এদিন
আশা-ধাৰী প্ৰাণী মই থাকোঁ বাট চাই।
স্বাৰ্থ
‘মাত হেৰ একেষাৰ কলীয়া কুহক,
নাচ ম'ৰা চালি ধৰি আকউ এবাৰ।'—
এই বুলি কোনে কয় চিঞৰি চিঞৰি
তথাপিও কাৰো কিয় নাই কাণ-সাৰ?
আহিছে তোমোৰা চোৱাঁ কত আশা কৰি
নিয়ৰে কোমল কৰা ফুলৰ লোভত;
ভুলাব পাৰিম বুলি বাঁহীৰ মাতত
বজাব লাগিছে বাঁহী আগ ভেঁটি ধৰি।
ম’ৰায়ো নেনাচে, ক’তা কুলিও নিমাত,
লেৰেলি পৰিল দেখোঁ ফুলৰেহে পাত;
পুৱাৰ গোলাপ আহি বতাহে চায়,
ভোমোৰায়ো বাঁহী বাই ৰঙেৰে শুনায়,
যেতিয়া ঢুকাব কিন্তু গোলাপৰ মউ,
ভেমোৰা আঁতৰি যায়, বতাহে সৰায়।
জননী
নোৱাৰোঁ শুজিব ধাৰ ইহ জনমত—
মোৰ হকে কৰিছিলা যিমান যতন;
দেৱৰো দেৱতা তুমি স্নেহ অৱতাৰ,
কায়-মনে বন্দো মই তোমাৰ চৰণ।
কত সুখ লভো পাই তোমাৰ মৰম,
স্বৰগৰ তুমি মোৰ দেবী মহামায়া,
তুমিয়েহে য’তে ত'তে অযাচিত ভাবে,
দিয়া মোক আন্তৰিক অকপট দয়া।
পুলকিত হয় মন তোমাৰ নামত,
প্ৰকৃত ঈশ্বৰী তুমি মোৰ পৰাণৰ,—
যি পৰাণ সততেই তোমাত শীতল,
নোৱাৰো ফুটাব মাত অশেষ স্নেহৰ।
ল’ৰাকাল
কত দিন হই গ’ল পাহৰিলো আৰু,
নপৰে মনত সেই ল’ৰালিৰ কথা;—
এই দৰে মাৰ যায় কালৰ লগত
জীৱনৰ একো অংশ জীৱনতে গঁথা।
আছিল এদিন এই সংসাৰ অমিয়া
নাচিছিলো নিৰমল লভি কত সুখ,
যি পিনেই চাইছিলো দেখিছিলো মাথো
সুন্দৰ জগত খনি নাই ক’তো দুখ।
“ল’ৰাকাল জীৱনৰ মূৰত বসতি”
বুলি কয় জ্ঞানী জনে সেই কাৰণেই
হ’ব পায় ভাল দেখি আহিলো উধাই
শেহল’কো এইদৰে পাবৰ মনেই।
কিন্তু হায়, ক’তা আৰু সেই ধৰা খনি,
কেনি গ’ল কিনো হ’ল, চিনো তাৰ নাই।
নতুন এখনি সৃষ্টি নৱ-বিধাতাৰ
আছে আজি আহি মোৰ আগতে ওলাই।
অৱশ্যে মনেই মোৰ দুয়ো খিনি ধৰা,
মনৰে স্ৰজন এই সমস্ত জগত,
সেই মন এই মন বহুত প্ৰভেদ,⸺
বহুত প্ৰভেদ হ'ল মনেই মনত।
নজনা নুশুনা সুখ বহুত আছিল,
নাছিল মানুহ জ্ঞান মোৰ অন্তৰত,
লাহে লাহে হ'লোঁ মই যত জনা-বুজা
বহুত প্ৰভেদ হ’ল মনেই মনত।
নেলাগে সি সুখ, যক সেই ল’ৰাকাল,
এতিয়াৰ এই কাল নিয়াওঁ ভালেৰে
হে বিধাতা, শক্তি দিয়া তোমাৰ জীৱন
তোমাতে বিলীন যাতে হয় একেবাৰে।
দুখকাৰী
“এনেকুৱা সুখ পালে তোমাৰ কোষত,
মহানন্দ, থাকোঁ মই তোমাৰ লগত।”
ৰাতিপুৱা শুই উঠি পিঠিদি এলাহ,
পথাৰৰ পিনে যায় হাল গৰু লই,
দুখ কৰি সুখ পায়,—দুপৰীয়া হ'লে
সন্তোষ মনেৰে ঘূৰি আহে ঘৰলই।
খাই বই নিজঞ্জাল সুখেৰে জিৰায়,
চিন্তা, দুখ, অসন্তোষ থাকে আঁতৰত,
ভাগৰ পলালে উঠি হাত মুখ ধুই,
ধেমালি-ধুমুলা কৰে ল'ৰাৰ লগত।
আবেলি ওলায় বস্তু গোটাবৰ মনে,
সকলোকে পায় কিন্তু বাৰী-ভিতৰত,
আনি মেলি থই আৰু যায় গাৱঁলই,
মন পুতি কথা পাতে খেতি-পথাৰত।
গধূলিতে ফুৰি-চাকি আহে ঘৰলই
গোহালিত গৰু বান্ধি ভিতৰ সোমায়,
খাই উঠি বহে আহি জুহাল-গুৰিত
ঘৰুৱা কথাকে পাতি সময় নিয়ায়।
নেলাগে ফুৰিব ভ্ৰমি দেশ বিদেশত,
নাই একো ওখ আশা, সুখী অলপতে,
নাই বহু ধন, নাই অভাবো একোৰে,
গোটেই জীৱন যায় ঘৰুৱা সুখতে।
শুলেই টোপনি আহে, নেলাগে ভাবিব-
“বহল পানীৰ চটা, বহল পথাৰ”
বেগতে নিতাল মাৰে প্ৰকৃতি মাতত;
নেলাগে কপাল, লাগে সুখ হে তোমাৰ।
⸻
সেই মাতটি
একেষাৰ মাতি মাত ক’তনো লুকালি,
নেপালোঁ অলপো গম কেনি গলি তই,
শুনো শুনো বুলি ৰলোঁ কাণ পাতি মই,
যিটি মাত মাতি মোৰ প্ৰাণটি হৰিলি।
নহয় সঙ্গীত, নাই অৰ্থ থকা মাত,
হঠাতে উতলা সুৰ মাথোঁ বতাহত,⸺
শুনিলোঁ যেতিয়া মুৰ থওঁতে গাঁৰুত,
কিটোনো আপুনি নাচি উঠিল মনত?
মোৰ প্ৰতি হ’লে মাত অৰ্থেৰেই ভৰা,
বেজাৰ দিবৰ বাবে মাতিলে এবেলি,
নাহিব টোপনি আৰু ভাবোঁতে ভাবোঁতে,
বতাহৰ লগতেই হ'লেনে মিহলি?
এতিয়াও আছোঁ শুনি হিয়াৰ মাজত
এতেকে লভিম সুখ নিজেই নিজত।
⸻⸻
ভুমুকি
কোন তুমি কিয় আহি নিলগৰে পৰা
একোটি ভুমুকি মাৰি যোৱা,
মূৰ দাঙি চাওমানে কিয় লৰ মাৰা,
চাওঁমানে অলপো নোৰোৱা!
কিবা-কিবি সাজি পাৰি থাকোঁ অকলই
নিজে নিজে মনৰ মাজত,
চকুজুৰি মোৰ যদি পৰে তোমালই
ভোল যাওঁ তোমাৰে ভাৱত।
আন পিনে ঢাল ল’লে মনৰ গতিয়ে
তুমি যদি মাৰ যোৱা গই,
ততালিকে সজীৱন একো ভুমুকিয়ে
যায়হি সজাগ কৰি থই!
কোন তুমি মই হ’লে একোকে নেজানো,
মাজে মাজে মাথো দেখা পাওঁ;
নেখেদিবা লুকালুকি, ধেমালি নেজানো,
ৰোৱাচোন হেঁপাহেৰে চাওঁ।
বিভোল
—:•:—
দুৱাৰ মুখত আহি একে থিৰে ৰই
কাৰ কথা ভাবিছা মনত,
আউজিছা গম নাই, আছা থিয় হই,—
চকু দুটি আছে আঁতৰত?
বাহিৰৰ পৰা একো কথা মনলই
সোমাবৰ বাট পোৱা নাই,
মেলা চকু,— দেখা নাই, মাত কাণলই
সাহ কৰি চাপিও নাযায়৷
ইমান প্ৰৱল আজ শকতি মনৰ
আন একো নোৱাৰা ভাবিব,
ইমান প্ৰখৰ আজি চিন্তাৰ পোহৰ
কতো একো নোৱাৰা মনিব।
কি ভাবিছা জনা নাই, বিভোল ভাবত
মন আছে ক'ৰবাত গই,
তেজহীন বলহীন আজি চকু-কাণ,
জীৱ নাই, ভেল আহা লই।
পুৰণি স্মৃতি
⸺*⸺
বহুদিন হই গল তোমাক পাহৰি
ফুৰিছিলো ক'ৰবাত গই,
মোহলগা মনমোহা তোমাৰ লাহৰী
ছবিটিক কৰবাত থই।
বিদেশত ফুৰি ফুৰি আকউ আহিছোঁ, -
পুনু গাওঁ কাহিনী তোমাৰ,
আকউ মনত মই তোমাকে থাপিছোঁ।
তুমিয়েহে বাসনা হিয়াৰ।
পৰ্ব্বতৰ পানীধাৰি প্ৰাণ কৰা জুৰ
মহাদেৱে মূৰ পাতি ল'লে ,--
জীৱন শীতল হব তুমি হাহি মোৰ
অন্তৰত অৱস্থিতি হ'লে।
নধৰিবা দায় মোক তোমাৰ বিহনে
কাৰবাক যদি ভাবিছিলো,
খন্তেকীয়া ভাব মোৰ গ'ল তেতিক্ষণে,
এতিয়া সকলো এৰি দিলো।
ওখৰ বতাহে যাৰ সৰু হিয়া খনি
কৰিছিলে শীতল সদাই -
তাৰে আধা পালে মোৰ মৰিব পোৰণি
সুখে দিব দুখ আঁতৰাই।
পুখুৰী
⸺০⸺
দুপৰীয়া সূৰ্য্যদেৱে গছ-লতাবোৰ,
খেদি আনি এক লগ কৰিছে তলত,
পুখুৰী সিপাৰে থকা আমলখী গছ
জিলিকিছে পানীময় ওৰণি আৰত।
পুখুৰীৰ দলঙৰ মূৰত বহিছে
পানীত কলহ সুদা দিছে উটুৱাই,
হাতেৰে নেপোৱা হ'লে আনে থাপ মাৰি,
এই দৰে কৰি মেলি আছে ৰঙ্ চাই।
মুকলি চুলিৰ আগ তিতিছে পানীত,
নিজৰ ছয়াটিল’কে চায় কেতিয়াবা,
মাজে মাজে একোষাৰি আধা ফুটা মাত,
ৰূপহ ছবিটি যেন চায়েই থাকিবা!
বিচ্ছেদ
⸺০⸺
হৃদয়ত আঁৰ কৰি ৰাখিছিলো যাক,
নিদিছিলো বৰষুণ ৰ’দ বাহিৰত,
প্ৰকৃতি নিয়ম ভাঙি লুকুৱালো তাক,
এতেকে শুকাই গ'ল হিয়াৰ মাজত।
ধৰিছিলো সাদৰেৰে আঁকোৱাল মাৰি,
দিছিলো উচৰ্গি প্ৰাণ তাৰ প্ৰাণতেই,
দুটি প্ৰাণ এটি হই অপৰূপ ধৰি
মজিছিল পৰম্পৰ সেই ৰঙতেই।
বসন্ত কুলিৰ হায়, মাত একেষাৰি,
জেঠৰ তাপত সিও কেনিবাদি গ'ল,
তেনেক’য়ে হিয়া মোৰ কত আশা কৰি
নিজকে নেপাই নিজতেই পমি গ'ল।
⸻
দেৱী
⸺০⸺
ফুলনিও পৰে জয় ৰ'দৰ তাপত,
ভোমোৰাও নাহে তাৰ মউ পিবলই,
সোণালী ৰহণ সানি জিলিকা ফুলেও
সূৰুযৰ পিনে চায় চকু বেঁকাকই।
ওচৰৰ বকুলৰ তলতে বহিনো
আছে সিটি কোন বাৰু হাঁহো হাঁহো কৰি?
মাটিত পৰিছে আহি ৰিহাৰ আঁচল
নিপোটল সুগঠন দেৱী ৰূপ ধৰি।
আলেখে আলেখে আহি সিফালৰ পৰা,
ধৰিলেহি চকুজুৰি কোনেনো মুদাই?
ততালিকে কলে তেওঁ, —“চিনিছোঁ চিনিছোঁ,
পালো গম লুকাৱাৰ একো কাম নাই।”
এই বুলি দুয়োজন দেখা দেখি হ’ল,
দুইৰো মিচিকা হাঁহি মিহলি পৰিল;-
সূৰ্য্যই খাইছে চুঁমা মুকলি ফুলক,
কেউপিনে প্ৰকৃতিত চুমাৰে ভৰিল।
বুলিলে পিচত,—“তুমি ফুলনি মাজত,
চন্দ্ৰৰ দৰেৰে হাঁহি আছিলাহি বহি,
মই আহি ৰাহুৰূপে গাসিলো ই শোভা,
তোমাৰ বিচ্ছেদ দুখ তিলেকো নসহি।’
“নহয় নহয়,”—বুলি কৰিলে উত্তৰ,—
“আছিলো প্ৰতিমা মাথো প্ৰকৃতি ৰাজ্যত,
তুমি আহি হৃদয়ত অৱস্থান কৰি,
কৰিলা প্ৰতিস্থা মোক দেৱী আসনত।”
জোনবাই
⸺০⸺
চোঁৱাচোঁ’ উঠিছে নীল আকাশত
জেউতি জোনৰ গাৰ;
তলত জানৰ নিৰ্ম্মল পানীত
পৰিছে ছাঁয়াটি তাৰ।
কিয়নো নাচিছে কেউপিনে বেৰি
নক্ষত্ৰ সকলে তাত,⸺
মাজত কুঁৱৰী জোন আছে বহি
শুৱাই ৰাণীৰ পাট।
বায়ু সাগৰত ওপঙি ফুৰিছে
নিয়ৰ কণিকা জৰি,
ৰিণিকি ৰিণিকি জিলিকিছে চোৱাঁ
ৰূপালী কিৰণ পৰি।
বাকিছে নিজৰ অমিয়া কিৰণ
জগত বোৱাই ঢালি,
ব্যাপিছে সকলো বন,উপবন,
পৰ্ব্বত, সাগৰ, বালি।
ইফালে সিফালে বায়ুৰ লগতে
ৰঙচুৱা বগা পাহি,
গছে গছে চোৱাঁ তাৰে ফিৰিঙটি
পৰিতে উফৰি আহি।
যেন জোনবায়ে পোহৰ স্বৰূপে
সকলোতে নিজে পৰি,
কৰিছে চেনেই জড় জগতক
সাদৰে সাৱটি ধৰি।
কেতেকী
⸺:০:⸺
নতুন বছৰ নতুন লগৰী
আহিলি কেতেকী তই,
লগত বসন্ত, মুখত ‘কেতেকী’
গধূলি মলয়া বয়।
মাজে মাজে তোৰ ‘কেতেকী কেতেকী’
হাবিৰ মাজত শুনি
শুৱলা মাতত মোহ লাগি মই
থাকোঁ কত কথা গুণি।
তয়েই কেতেকী, বসন্ত-জীয়াৰী,
প্ৰকৃতি দেৱীৰ কবি,
মউ সনা মাত শুনোচোঁঁ এবাৰ
ডালত খন্তেক ৰবি।
বৰষিছে তোৰ অমিয়া মাতত
ধাৰেৰে প্ৰেমৰ ৰস,
কেউ পিনে শুনো তোৰ নাম-গীত
বতাহতো তোৰে যশ।
৭
ইন্দ্ৰই হৰিলে জীয়েৰক তোৰ
বিচাৰ প্ৰবন্ধে তই,
পৰ্ব্বত কাঠনি সকলোতে ফুৰ
নকৰ কাল'কো ভয়।
নিমাত হাবিত সুৰ ধৰি তই
যেতিয়া শুনবি গীত,
কাণ পাতি মই থাকোঁ শুনি তাত
তোতেই সমৰ্পি চিত।
কিয়নো কেতেকী, মাজে মাজে তই
দেখা দি পলাই যাৱ,
বসন্ত দেবীৰ কোলাত বহিহে
সুমধুৰ গীত গাৱ
গোটেই বছৰ শুনাবিচোঁ মোক
‘কেতেকী কেতেকী মাত,
সাদৰেৰে মই হেঁপাই গুচাই
শুনি নিৰলে তাত।
⸻
ভাৰত জননী
⸺০⸺
হিমালয় অঞ্চলত প্ৰকৃতি কানন,—
আছে শোভি ফুলে ফুলে নানা তৰহৰ,
সদাই বলিছে তাত কোমল বতাহ
আছে য’ত সুখ স্থান ইহ জগতৰ।
ইথানত আছে বহি ভাৰত জননী,—
সন্তান সকল যাৰ শোভিছে কোলাত,
দুহাতে ধৰিছে তেওঁ সবাকো সাৱটি
লভিছে সন্তোষ আজি যাৰ যশস্যাত।
কৰিছে চেনেহ তেওঁ সমান সাদৰে,
ওচৰ চপাই ধৰি বুকৰ কোষত ,
লাহে লাহে সকলো'কে বুলিছে বচন,
সাদৰি বুজনি মেলি অপাৰ সুখত।
“শুনা আজি বোপাহঁত , শুনা কাণ পাতি,--
নকৰিবা বিসম্বাদ সকলো সমান,
উমলিবা একে লগে, গাবা একে সুৰে,
নাচিব কেউটি মিলি ধৰি একে টান।
“পাহৰা এতিয়া আৰু বেলেগ স্বভাৱ
সহোদৰ বুলি আজি হোৱা পৰিচিত,
ধৰা ধৰা আকোৱালি ইটিয়ে সিটিক,
একেলগ হই সাধা আপোনাৰ হিত।”
⸻
উমানন্দ
⸺০⸺
মুকুলি পদুম-চকা পাতৰ থোৰত,
উমানন্দ, জয়ধ্বজা প্ৰাগ-জ্যোতিষৰ—
প্ৰকাশিছে চোৱাঁ সেই নইৰ গৰ্ভত
দুপিনে দুধাৰি বোৱা ৰূপালী সোঁতৰ।
উটি অহা ঢউ বোৰ সোঁতৰ লগত,
শিলত থেকেছা খাই কোবেৰে উলটি,
তিৰ-বিৰ কৰি আহি দীঘল হাতেৰে,
লৰ মাৰি গুচি যায় সোঁতকে সাৱটি।
কপালত বগা ফোঁট, গছৰ মেখেল
মূৰৰ কিৰীটি যাৰ বতাহে কোবায়,
কঁকালৰ কৰধনি শিলৰ ৰেখাৰে,—
বৰনৈয়ে যাৰ পাৱ সেৱা কৰি যায়।
একে থিৰে আছা চাই কামাখ্যাৰ পিনে,
দুপিনে দুশাৰী ওখ শিলৰ পৰ্ব্বত,
নাচিছে খোপাত পিন্ধি প্ৰকৃতিৰ ফুল,
সকলোৱে বেৰি যেন তোমাকে মাজত।
⸻
মানুহ
⸺০⸺
(১)
আত্মাৰ বসতি ঘৰ তোমাৰ শৰীৰ,—
যিটি দেহ ধূলি, মাটি, পানীৰে সাজিছে;
আত্মা হ’লে ঈশ্বৰৰ নিজা পাৰিষদ,
দুটি বিপৰীত গুণ তোমাত থাপিছে।
দেহত অসাৰ তুমি মাটি হ’বা যদি,
গুণত চাপিছা হলে কোষ ঈশ্বৰৰ,
প্ৰেম, দান, দয়া, ধৰ্ম্ম, মৰম তোমাৰ—
নিত্য-অনিত্যৰ তুমি কুটুম মাজৰ।
( ২ )
চিন্তাৰ শকতিধাৰী প্ৰেমৰ বাহন,
কত শত গুণে আজি তোমাত শোভিছে!
গাত বহু অলঙ্কাৰে নিসন্ধি কৰিছে,
চিন্তা গুণ অনুৰূপ তোমাৰ গঠন।
তোমাৰ সন্তান তুমি—তোমাৰে আভাস,—
একে কায় একে মন থাপিত কাৰণে,
মতাবোল ভবা-কৰা একে, একে গুণে,
মনৰ গঠন মতে দেহৰ বিকাশ।
যতমান জন্তু তুমি দেখিছা আগত
আকৃতিৰ অনুসৰি মন গাইপতি,—
যেনে মন তেনে দেহ, তেনে পৰ কিতি,
সকলো সমিল-মিল একেটি বলত!
আহিব এদিন হ’ব নৱ বিকাশত,
আচৰিত বহু অঙ্গ তোমাৰ দেহত।
আত্মা
⸺০⸺
সুকোমল হৃদয়ৰ অন্তিম মাজত
নাচিব লাগিছে কোনে ইমান হৰিষে?
উতঙাই দিছা কিয় প্ৰাণৰ হেঁপাহ,—
বলিব লাগিছে যাৰ সোঁত দশোদিশে।
সাজিছা নতুন মায়া, নতুন জগত,
দেখোঁতে অকণমানি বহল থলীত
তুমিয়েনে ৰজা এনে জ্ঞান সৰগৰ,—
অনুপম শোভা যাৰ দেখা পৃথিবীত?
পালিছা সংসাৰ ৰাজ্য অসীম সুখেৰে,
ঢালিছা প্ৰেমৰ ৰস পৃথিবী বোৱাই,
অপকৰ্ম্ম দেখি হোৱা দেহৰ আঁতৰ,
তোমাত অলপো সংসাৰিক পাপ নাই।
যথাৰ্থ ঈশ্বৰ তুমি, দেহৰ গৰাকী!
তোমাৰেহে অন্তৰত আছে অধিকাৰ;
তুমিয়েই দিছা বাট-পথ দেখুৱাই
আঁতৰাই মিছা মোৰ সংসাৰ-নিকাৰ
আশা
⸺০⸺
( ১ )
আঁকোলি নোপোৱা মন আশাৰ মন্দিৰ—
তাতে বাস কৰে আশা দেৱী ৰূপ ধৰি;
উচটাই দিয়ে যদি মন, খন্তেকতে
পৰুৱা পিশাচে ফুৰে লটি-ঘটি কৰি।
বাঁহনি জেঙনি নাই একাৰে বিচাৰ,
আঁচোৰ-পিচোৰ খাই ফুৰে সকলোতে;
যেতিৱা পুৱাব ৰাতি এৰিব পিশাচে,
ওলাবহি আপোনাৰ ঘৰ একেচাতে।
( ২ )
ধনে জনে কেউপিনে যাৰ বই যায়
আশা তাৰ অন্তৰত ওপচে সিমানে,
আশাধাৰী প্ৰাণী বুলি সকলোৱে কয়,
হ'ল বুলি কেতিয়াও আশাই নেমানে।
দুখীয়াৰ আশা সুখ, সুখৰ মানত,
মানৰ বিদ্যাত আশা, বিদ্যাৰ গুণত,
গুণৰ জ্ঞানত আশা, জ্ঞানৰ অন্তত।
দুডালি শিকলি কাল আগত লগত
আশাই সাঙুৰি তাতে ৰাখিছে দুয়োক,
মুকলিলে ছিগি-ভাগি হ’ব থান থান,
জীৱনত সুখ গুচি পাব মাথোঁ শোক।
আশাই জলাই দিছে উদগনি শলা,
তাৰে সাহ পাই আমি এটি দুটি কই
আগুৱাই দিওঁ খোজ নিজ কামলই।
ফুলক
⸺০⸺
কালি সন্ধিয়া বেলিকা
পাতৰ মাজত থকা সৰু কলিটি,
আজি দেখিলোঁ এতিয়া
ৰূপে ভৰা ফুলি থকা সৰু হাঁহিটি,
কালি দেখি ভাল পাই,
আনো বুলি যোৱা নাই,
এবেলি চকুৰে চাই
লভিছিলোঁ মৰমৰ বুজনি এটি,
নাছিল ছিঙিম মোৰ ভাব এনেটি।
আজি দেখি মন মোৰ
চাপি যাব খোজে তোৰ—
খোজে আজি হব চোৰ,—
কাষলই ছিঙি আনি তোৰ হাঁহিটি,
মিহলাই তোৰ মোৰ হাঁহি দুয়োটি
মূৰ দাঙি দেখা পাওঁ
য’লকেবা গুচি যাওঁ,
লুকালেও গম পাওঁ
বতাহত বিয়াপোতে তোৰ গোন্ধটি;
তোৰ বিনে মোৰ আশা নাই একোটি
⸻
তৰা
—০—
নেলাগে নেলাগে তুমি ওচৰ চাপিব,
চাবা মোক নিলগৰে পৰা,
মোক দেখি লৰ মাৰি নেলাগে আহিব,
একোটি ভুমুকি যদি মাৰা।
আঁতৰত কিবা এটি আছে প্ৰকৃতিৰ
মনহৰা মোহিনী শকাত,—
পৰ্ব্বতো সমান দেখি যদি দূৰণিৰ,
ওচৰত ভিন গঢ-গতি।
পুৱাৰ ৰ'দৰ মই গছৰ আৰত
জিলিকনি দেখি ভাল পাওঁ,
দুপৰীয়া দেখোঁ যদি মূৰৰ কাষত,
ততালিকে ভিতৰ সোমাওঁ।
সেইদৰে আঁতৰতে তোমাক দেখিলে
ভাল লাগে মোৰ অন্তৰত,
নিলগৰে পৰা মোত চেনেহ ঢালিলে
নাচোঁ মই তোমাৰে লগত।
মহত্ত্ব উদাৰ গুণে নানা দেশ ভেদি
বিদেশতো খিয়াতি বোৱায়,
নোৱাৰে নোৱাৰে দোষে ব্যবধান ভেদি
বিয়াপিব এশ ভাগো ঠাই।
সুখতেই থাকা তুমি আকাশৰ গাত,
মোক মাথো চাবা একোবেলি,
তেনেহ'লে মোৰ প্ৰেম নকমে তোমাত,
দেখুৱাবা বিশ্ব-হিয়া মেলি।
নিয়ৰৰ মাজে দেখি পূৰা জোনবাই
শৰতৰ আদি সময়ত,
যেনি তেনি গই থাকোঁ তাকে মাথো চাই,
ভাগৰো নেলাগে শৰীৰত।
সেইদৰে আঁতৰতে তোমাকো দেখিলে
চাই থাকিবৰে মন যায়,
ৰিণি ৰিণি সৰু মাত তোমাৰ শুনিলে
শুনিও হেঁপাহ নপলায়।
ভাল পাওঁ মাজে মাজে তোমাক দেখিলে
সদাই নেলাগে চাবলই,
দিনত লুকাই থাকি নিশা দেখা দিলে
ভক্তি মোৰ বাঢ়ে তোমালই।
নোহোৱা অকল তুমি মোৰ অন্তৰৰ
শান্তি দিয়া স্বৰগৰ ৰাণী,
তোমাৰ সুখত সুখী এই জগতৰ
জীৱ থকা যত বিধ প্ৰাণী।
⸻
উষা
⸺০⸺
তুমিয়েনে তাহানিৰ বখানা বেদত
আকাশৰ মূৰ্ত্তিময়ী উষা,—
আন্ধাৰৰ ছাঁয়া পৰি শেঁতা পোহৰত
মিহলোৱা দিন আৰু নিশা।
কেবা দিনো থাকি তুমি একে ভাৱ ধৰি
মোহিছিলা ঋষিৰ মনকো,—
উৰ্ব্বশীয়ে নোৱাৰিলে যাকো ছল কৰি
তুমি দেৱি জিনিছিলা তাকো।
তুমিয়েনে কপালৰ দৰে আকাশত
জান দিয়া সোণালী দেহৰ;—
ৰঙা-পৰুৱাৰ দৰে ক'লা–সাগৰত
ৰিণি ৰিণি বিৰিঙে পোহৰ।
নিশা ওৰণীৰ মাজে দিনৰ মুখৰ
তুমি উষা জিলিকা জেউতি,
ৰাঙলী তৰাৰে লোৱা ফোঁট কপালৰ,—
নিশা দিন মিহলি দুয়োটি।
তুমিয়েনে উষা দেৱি, —বাণৰ জীয়াৰী,—
চিত্ৰলেখা নিজে শক্তি আই;
নিজা কোন বাছি লোৱা এটি এটি কৰি
আঁকি থোৱা তৰামখি চাই।
উষাই কেৱলে মাথো অনিৰুদ্ধকেহে
জিনিছিলে আপোন গুণেৰে,
আকাশত সকলোৰে তুমি দেহে দেহে
যোৱা লীন আবৰি নিজেৰে।
আমাৰ এতিয়া তুমি নতুন যুগৰ
আশাৰ একেটী মাথো পুলি,
এখনি ডাঙৰ দেশ পূব—আকাশৰ
আছে আজি তোমাল’কে বুলি।
পৰ্ব্বতৰ কেউপিনে সমান ভাবেৰে
দিবা দেই তোমাৰ পোহৰ,
যদিও কোমল উষা একেটি হাতেৰে
সাধা হিত বিধৱা দেশৰ।
⸻
বন্ধুলৈ
“তোনাৰ্থিত্বং ত্বয়ি বিধিবশাদ্ দূৰবন্ধুৰ্গতোহং”
বাহিৰে অমিল কত সৰু ঘটনাই
আগৰ পুৰণি কথা মনত পেলায়;
জীবনৰ একো খেন ইমান সুখৰ,
পিচতো ভাবিলে শান্তি ওপজে মনৰ।
তেনেকুৱা এটি মোৰ সুখৰ সপোনে
কৰিছে ব্যাকুল আজি তোমাৰ কাৰণে,—
ধূলিলৈ দুয়ো আমি ধেমালি কৰিলোঁ,
বয়সতো বহুদিন দুয়ো ফুৰিছিলোঁ।
ক'ব খোজোঁ মোৰ স্নেহ তোমাৰ কোষত,
কিন্তু তুমি আছা আজি বহু আঁতৰত;
থলোঁ মোৰ কথাষাৰ শূন্য আকাশত,
পৃথিবীয়ে খন্তেকতে পাবহি পাকত।
ততালিকে পাব তুমি বুজি-সজি ল’বা;
হে বতাহ, নিনি তুমি তাতে যেন থ’বা।
⸻
নৱ জীৱন
⸺০⸺
পুৰণি কালৰ গতি
কৰবাতে পৰি ৰ’ল
নতুন আশাৰে আজি
জীৱন জনম হ’ল।
সুখ-সৌভাগ্যৰ আশা
কৰিবলগীয়া নাই,
থিয় দিবলকে কিন্তু
লাগে এডুখৰি ঠাই।
খেনে খেনে জীৱনৰ
সলনি হইছে মোট,
তাৰ লগে লগে বয়
আশাৰ এসোঁতা সোঁত।
নিজৰ মনৰ আৰু
ঈশ্বৰৰ আজ্ঞা পালি
কৰ্ত্তব্য, দেশৰ বাবে
প্ৰাণ মন দিয়া ঢালি।
দেহ আৰু মন
⸺০⸺
ফুল হ’লে গোন্ধ তাৰ লগে লগে যায়,
ফুলৰ বাহিৰে ক'তো অৱস্থিতি নাই;
গোন্ধে ফুলে একে মুঠে বেলেগ বিকাশ,
প্ৰধান নহয় কেওঁ—পৰম্পৰে দাস।
সেই দৰে মন, চিন্তা, অনুভৱ গুণ—
দেহৰে লগৰ কিবা ওপৰঞ্চি ধুন,
দুয়ো দুয়োটিৰ বশ, কাৰো হলে নাই
প্ৰকৃতিৰ বাহিৰেদি পলাবৰ ঠাই।
বিবিধ গুণৰ পৰা নৱ গুণ হয়,—
উচিত স্থানত মনে নিজে জন্ম লয়।
মাটিৰে এবিধ পোক মাটিতে ঢুকাম,
সৰহাই দুখ কৰা মিছাৰ সকাম।
প্ৰকৃতিৰ গতি চাই নিয়ম পালিম,
সেই বুলি কাৰো গাত ঠেলা নেমাৰিম।
⸻
প্ৰাণ
⸺০⸺
প্ৰাণ মোৰ, আজিল’কে তোমাক নেজানো,
দুয়ো হ'লে এৰা এৰি হ'ম বুলি মানো;
ক’তনো কেতিয়া লগ পালোঁ কেনেকই
নজনা স্বীকাৰ কৰোঁ আজিল’কো মই।
প্ৰাণ, আমি বহুদিন একে লগে আছোঁ;
বৰষিলে মন মাৰি ৰ’দত নাচিছোঁ;
এৰি গুচি যোৱা টান বন্ধু মৰমিয়া’-
সৰিব চকুৰ পানী, এটি হুমুনিয়া’—
কাল বুজি মোক হ’লে একোকে নকই
যাবা তুমি চোৰ যোৱা দৰে লাহেকই;
নক’বা বিদায় বাণী-পালে স্বৰগত—
আদৰিবা মিলনৰ প্ৰীতি বচনত।
⸻
নৈ
⸺০⸺
ঘূৰিপকি পথাৰৰ মাজে বোৱা নই,
যুৱতীৰ দৰে ধৰ্ম্মী চালে গুণলই;
নিৰল সৰল ভাৱে মনে মনে যায়,
সংসাৰৰ লীলা খেলা গোন্ধকে নেপায়।
নিৰজু-তথাপি কিন্তু প্ৰবল কোবত,
যায় হলে নিৰ্দ্ধাৰিত জীৱনি পথত।
ধুনে গুণে সেয়ে ভাল যিহকেবা কৰে,
লোকৰো মঙ্গল বাঞ্ছি লভে সকলোৰে।
পৱিত্ৰ অন্তৰ যাৰ দাপোনৰ দৰে,
স্বৰগৰ প্ৰতিবিম্ব তাতে আহি পৰে।
সৰস্বতী
⸺০⸺
কবিতা কল্পনা শোভা লাৱণ্য মাধুৰী
সকলোৰে একে লগে মিলন তোমাত;
বাহিৰে দেহত তুমি বগা ৰূপ ধৰি
ভিতৰ পৱিত্ৰ কোৱা অফুট ভাষাত।
যথাৰ্থতে পদুমেহে তোমাৰ বাহন,
—পদুমো কোমল দেৱি তুমিও কোমল;
য’ৰ পৰা বীণা গীত কৰা বৰিষণ
সানি তাত কবিতাৰ বিন্দু নিৰমল।
ভোমোৰা বিলাক যায় চুমিবৰ মনে
পদুমৰ ওপৰৰ তোমাৰ চৰণ,
ভোমোৰা নহয় দেৱি পূৰ্ব্ব কবিগণে
গুণ্ গুণ্ কবিতাৰ কৰিছে বন্দন।
বসন্ত, যৌৱন দুয়ো সদাই তোমাত
আছে একদৰে; আদি বায়ু বসন্তৰ
প্ৰথমে ওলায় আহি তোমাৰ পূজাত—
ফল, ফুল, কুলি-মাত তোমাৰ লগৰ
নিশ্চয় কঠুৱা তেওঁ যিজনে তোমাক
মাটিৰে নিৰ্ম্মালি পূজে নুবুজা ভাষাৰে;
কল্পনাৰে সাজি লই তযু প্ৰতিমাক।
ভক্তিৰে পূজিম দেৱি ঘৰুৱা কথাৰে।
পানীয়ে ভিতৰ খনি শীতল কৰিলে
নপৰে পদুম জঁয় ৰ’দৰ তাপত,—
তোমাৰ কৰুণ ৰূপ শান্তি গুণ পালে
নেপায় যাতনা কৱে লক্ষ্মীৰ কোপত।
⸻
শেহ নিশা
⸺০⸺
গ’ল নিশা শুলোঁ মই কুলিৰ মাতত,
তাকে শুনি থাকোঁতেই টোপনি আহিল,
শেহ নিশা সাৰ পাই শুনো আকাশত
বাজি আছে কুলি-মাত, টোপনি নাহিল।
আহিলোঁ ওলাই, দেখো চৰিছে জেউতি
আকাশত চক্ৰমাৰ তৰাৰ মাজত;
পোহৰে শিমলু গছ ধৰিছে সাৱটি,—
চুইছে আকাশে যেন দীঘলী আগত।
পথাৰত বৰষুণ হই বোৱা পানী
জিলিকিছে তিৰ্ বিৰ জুৰ পোহৰত,
ভগা আলিয়েদি যোৱা কুল কুল ধ্বনি
লাগিছে স্বৰ্গীয় যেন নিশাৰ কাণত;
মোহ গই ৰ'লো মই নিৰল ভাবেৰে,—
পূব পিনে দেখা দিলে পুৱাৰ পোহৰে
দিনৰ সপোন
⸺০⸺
দুপৰীয়া খাই উঠি আধা-টোপনিত,
দেখিছিলোঁ আঁক-বাঁক ৰ’দ কাঁচলিত;
ভাবিছিলোঁ কত কিনো আগম—পুৰাণ
ভাবোতে ভাবোতে যেন আধা-সপোনত,
দেখিলোঁ এখনি সৰু নই পথাৰত
পাৰত বিৰিণা, পানী ফটিকৰ মান।
পথাৰত বৰ-পানী আহি ধুই নিয়া,
আছে চিন পদুমৰ শুকান পাতত;
ওখ এটি টিঙনাত দেখিলোঁ মাজত
এট ৰূপ এনে ৰূপ দেখা নাইকিয়া।
অলঙ্কাৰ নাই বুলি অশোক বনত
সীতাৰ সমান ৰূপ,গঠন দেহৰ
পৃথকাব নোৱাৰিলোঁ পৰা বতাহৰ,
তাতেই মিহলি হ’ল চকু মেলিলত।
পুৱাৰ জগত
শুই উঠি চাও গই বাহিৰৰ পৰা
পচিমত মাৰ যায় ৰোহিণীৰ জ্যোতি,
এফালে আন্ধাৰ আৰু ইফালে পোহৰ,
জিলিকিছে ওপৰত সৰু তৰা এটি!
উঠিল পূবত এটি হাঁহিৰ উৰুমি-
শুই উঠা মানুহৰ মাতেৰে মিহলি,
পচিমত সৰু সৰু চৰাইবিলাকে
পোহৰ আহিব বুলি মাৰিছে কিৰীলি f
আনিছে বতাহে এটি মন মোহা গোন্ধ
সাধু-সঙ্গ লই অহা মানুহৰ দৰে,
নাইবা ফুলক চুমি শৰতৰ বায়ু
আহিছে প্ৰণয় গোন্ধ লই হেঁপাহেৰে।
এই দৰে তুমি মোৰ হৃদয়-আতমা
আহিছিলানেকি লই অসীম শকতি,
পাইছিলোঁ হৃদয়ত কিবা এটি বল,
এতিয়া লুকাল মোৰ হৃদয়ত যিটি।
যদিও পুৱাৰ বেলা অতি মনোহৰ
দুপৰ হ'লেহে ধৰে মানুহে কামত;
লৰাকাল মধু-ময়, প্ৰথম পোহৰ,
চোকা ৰ'দ,—জ্ঞান-জ্যোতি লভিম মনত।
হেৰোৱা লাহৰী
⸺০⸺
কত আশা ৰ’ই গ’ল হিয়াৰ মাজত,
কত কথা ক’বলই থাকিল মনত,
থাকিল কতনো মোৰ কথা হেঁপাহৰ,
থাকিল সকলো কথা তোমাৰ লগৰ;—
কেৱল লুকালা তুমি চকুৰ আগত,
বিৰাজিছা পূৰ্ণ ভাৱে কিন্তু হৃদয়ত।
যিদিনা লভিলোঁ মই তোমাৰ অন্তৰ,
ভাবিলোঁ নিজকে নিজে ভাগ্যৱন্ত বুলি;
সকলে আশাৰ মোৰ সুখৰ মাজত,
অৰ্পিছিলোঁ প্ৰাণ-মন তোমাতে সমুলি;
যি মৰম থাকি গ'ল তোমাৰ মৰ্ত্য়ত
চিৰকাল গোন্ধ তাৰ পাম বতাহত।
তুমি কৰা কামবোৰ ৰাখিম আবৰি
কৰি যতন তাত প্ৰাণপণে মই,
উচৰ্গিম সোঁৱৰণী বুলি তোমালই,
সকলোৱে গাব গীত তোমাক সুঁৱৰি;
সকলো থাকিল, আহিছিলা যেনেকেই
সংসাৰৰ পৰা তুমি গলা তেনেকেই।
গধূলি বেলিকা য’ত তুমি ফুৰিছিলা,
য'ৰ পৰা ফুল তুলি তুমি পিন্ধিছিলা,
সকলো এতিয়া আছে তুমি মাথোঁ নাই—
য’তে ত’তে তোমাৰেই চিনকেহে পায়;
য’তে হাত পৰিছিল তোমাৰ সাদৰি,
অনুভৱ কৰোঁ সুখ তাকে আজি ধৰি।
তোমাৰ দেহৰ গঢ় মন পাহৰোৱা,
এতিয়াও দেখে যেন চকুৰ আগতে,
এতিয়াও কল্পনাৰে দেখিছো তোমাক
যথাৰ্থতে তুমি কিন্তু নাই জগততে।
সকলো থাকিব তুমি যাবা অকলই,
নহয় সম্ভৱ এনে, আহাঁ কাষলই।
আছা তুমি, যোৱা নাই ক’লকো, ইয়াতে,
কৰিছা প্ৰমাণ মাথো মোৰ মৰমৰ,
নেলাগে ইমান তুমি কৰিব যতন
মেলি দিওঁ হিয়া খনি চোৱাঁ সাদৰৰ;
হঠাতে মূৰত দেখোঁ তপত লাগিল,—
তুমি নাই কথাষাৰি হিয়াত বাজিল।
আকাশৰ চন্দ্ৰামাত তোমাৰ লোচন
পৰিছিল সিও আজি আছে একেদৰে,
মোৰো তাতে চকুজুৰি পৰিছে এতিয়া
মিলিছে নয়ন মোৰো এতেকে তোমাৰে;
জীয়াই থাকোঁতে তুমি শোভিছিলা য’ত,
তোমাৰ বিহনে আজি আছো মই ত’ত।
আগৰ দৰেই আছে গোটেই সংসাৰ
হাঁহি-মাতি কথাকই নাই দুখ-শোক,
ভৰি আছে ফলে ফুলে সমস্ত জগত,
হেৰুৱাঁলো হৃদয়ৰ ফুলটি,—তোমাক।
গ’লা তুমি, গ’লা গুচি নেভাবিলা মোৰ
তুমি অবিহনে শোক নপৰিব ওৰ।
জীৱ জন্ত সকলোৱে চৰিছে ৰঙত,
মানুহে কৰিছে নিজ কাম আলোচনা,
চৰায়ে গাইছে গীত ফুলনিত পৰি,
কুলিয়ে টানিছে ৰাগ পঞ্চ-সুৰ ধৰি;
ময়েনে তোমাৰ মুঠে অভাব বুজিম—
ময়েনে কেৱলে শোক তোমাৰ ভুগিম?
যেতিয়া বসন্ত দেৱী আপুনি লুকাব,
গছৰ গোলাপ ফুল গছতে শুকাব,
বিলত পদুম ফুলি তাতে মাৰ যাব,
চৰায়ে সঙ্গীত এৰি নিতাল মাৰিব,
তেতিয়াহে তোমালই পাহৰিম মই
তেহে মোৰ তাঁৰ গছি গাতে পাব লয়।
নুশুনিম, শেহ নিশা ফেঁচাৰ কুৰুলি,
শুভদিন উৎসৱত পৱিত্ৰ উৰুলি;
নপৰিব জুৰ লগা চন্দ্ৰৰ কিৰণ,
নব’ব সন্ধিয়া আৰু মলয় পৱন;
।
মাৰ গ'ল সিসকল তোমাৰ লগত,
এতেকে নেপাম আৰু এই জগতত।
ওপৰত নক্ষত্ৰৰ চকু-পিৰিকিনি,
তলত আকৃতি তাৰ জোনাকী পৰুৱা
সকলোৱে পোহৰাব কৃষ্ণ-পক্ষ নিশা,
বন্তিয়ে পোহৰ দিব আন্ধাৰ ঘৰুৱা;
মোৰ কিন্তু অন্তৰত চিৰ নিশা হ'ল,
কৃষ্ণ পক্ষ নিশা দুয়ো চিৰকাল ৰ'ল।
আগেয়ে যাওঁতে যদি কিবা এটি শুনো,
তুমি আহিছানে বুলি ঘূৰি-পকি চাওঁ,-
এতিয়াও শুনো যদি কৰবাত মই
খন্তেক আগৰ কাল ঘূৰুৱাই পাওঁ;
যেতিয়া বিৰহ-দুখ পৰিব মনত
দুগুণে বেজাৰ জলি উঠে অন্তৰত।
নাই মোৰ জীৱনত একো কাম নাই,
অৰাজক হিয়া মোৰ নথকাত ৰাণী;
পুৱা উঠি সন্ধ্যা বেলা তুমি অস্ত গ'লা
নিয়ৰ স্বৰূপে মই টোকোঁ চকু-পানী;
কান্দি কান্দি নিশা ভোগোঁ অশেষ দুখেৰে,
পিচ দিনা স্বৰগত মিলিম তোমাৰে।
নিষ্ফল জীৱন মোৰ, নকৰোঁ বিনাশ,
সন্ন্যাসী স্বৰূপে গাম তোমাৰ কীৰ্ত্তন,
নগৰে নগৰে গাম বীণাৰ সুৰত,
প্ৰকাশিম পুণ্যময় প্ৰেমৰ জীৱন,
ততোকই, প্ৰকাশিম তোমাৰ মহিমা,
তোমাৰ নামেৰে গীত ৰচিম অসীমা।
বিদায়
⸺:৹:⸺
বই থোৱা, গই থাকা, চেচাঁ পানীধাৰি,
সাগৰত কৰ দিয়া গই,
তোমাৰ পাৰত মোৰ নপৰিব ভৰি
কেতিয়াও চিৰকাললই।
লাহে লাহে বই যোৱা পথাৰে-সমাৰে
জান গুচি হোৱা গই নই,
নুফুৰোঁ তোমাৰ আহি এই পাৰে পাৰে
কেতিয়াও চিৰকাললই।
নল গজি 'হুমুনিয়া ইয়াতে পেলাব,
বিৰিণা কঁৰিব ৰই ৰই,
ভোমোৰায়ো আহি নানা গীত-মাত গাব
পাৰেমানে চিৰকাললই।
হেজাৰ সূৰুয ব’ব তোমাৰ দেহত,
নাচিবও হেজাৰ চন্দ্ৰই,
নপৰিব ভৰি মোৰ তোমাৰ পাৰত
কেতিয়াও চিৰকাললই।
কবিতা
⸺:৹:⸺
মানুহৰ চিন্তা আৰু কল্পনা গছত
ফুলা তুমি এপাহি গোলপ,
ৰঙো আছে, গোন্ধো আছে, তিতা নিয়ৰত,
পৰা জঁয় যদি পোৱা তাপ।
চুহিলে তোমাতো পায় সেই একেদৰে
ফুলৰ সোৱাদ লগা মউ;
সুখ, শান্তি, ভুইকঁপ, ধুমুহা, তাপেৰে,
হিয়াৰ মাজত তোলা ঢউ।
হৃদয়ৰ অন্তৰৰ সৰু তাঁৰ গছি
কথমপি তুমিহে লৰোৱা,
ফেঁকুৰী, নেমাতি একো, চকু-পানী মচি
হৃদয়ৰ আবেগ বুজোৱা।
বহু আঁতৰত থকা তৰাটিৰ দৰে
সৰু বুলি জ্বলন্ত পোহৰ,
দীঘল বুৰঞ্জী এটি কোৱা তাৰে দৰে
ক্ষুদ্ৰকায় কথাৰ সাগৰ।
মানুহৰ শকতিৰ তুমি ওখ ঠাই,
হিয়া-মন জুৰায় তোমাত
দুখ এৰি, খঙ্ এৰি কেঁচুৱা লৰাই
শোৱে যেনে মাকৰ কোলাত।
নেদেখা নুশুনা কোনো দেশ-বিদেশত
কিনো হয় তুমিয়েহে কোৱা,
কোনে ক'ত কিনো ভাবে মনৰ মাজত
জগতক তুমিহে জনোৱা।
সহিব নোৱাৰা ক'ব নোৱাৰা ভাবৰ
তুমি এটি সৰু হুমুনিয়া,
শুনিলে হিয়াত-লগা কোমল বাঁহীৰ
বতাহত মাত দীঘলীয়া।
মানুহৰ তুমি এটি পুৰণি সাহোন
প্ৰথমেই জনম তোমাৰ;
আছিলে, আছেও সেই মনমোহা গুণ
আজিল’কো তোমাৰ পূজাৰ।
জগন্নাথ বৰুৱা
⸺:৹*:⸺
অনন্তত গলা লীন লীলা পৰিহৰি
আসমৰ অমূল্য ৰতন;
স্বদেশ উন্নতি কাপ মহাব্ৰত ধৰি
কৰিছিলা অশেষ-যতন।
অশোক অষ্টমী দিনা গঙ্গাৰ পাৰত
ইহলীলা সমাপন কৰি,
আমাক শোকত থই নিজে অশোক,ত—
গুচি গ'লা দিব্য ৰূপ ধৰি।
নেভাবিলা বজ্ৰাঘাত মৰণ-বাতৰি—
পৰিলেহি আমাৰ মূৰত,
শোকে দুখে জীৱনৰ গতি-বিধি এৰি
ধৈৰ্য আৰু নৰ’ব মনত।
আছিলা চানেকি ৰূপ, তুমি সকলোৰে,
আৰু তুমি জগতত নাই,
বিপদত চাপি গলে শুৱলা মাতেৰে
কোনে আৰু ধৰিব চপাই।
দেখুৱালা মহত্ত্বৰ আদৰ্শ প্ৰমাণ,
দেখুৱালা শিক্ষাৰ প্ৰভাৱ,
দেখুৱালা একেলগে বিদ্যা, বুদ্ধি, জ্ঞান,
দেখুৱালা নিৰ্ম্মল স্বভাৱ।
দেখুৱালা শঙ্কা নাই কেনি বিপদৰ,
লক্ষ্য ঠাই দেখুৱাই দিলা,-
এয়েহে বেজাৰ মাথোঁ বহুত কামৰ
শেষ ফল চাব নোৱাৰিলা।
জনম প্ৰতিভা লই,—গোটেই আসাম
চলিছিলে তোমাৰ কথাত,
শুনিছিলো য'তে ততে তোমাৰেহে নাম,
সকলোৰে নিৰ্ভৰ তোমাত।
ইমান দিনৰ দুখ, সংসাৰ-নিকাৰ,
পোৱা কষ্ট দেশৰ কামত,
সকলো পাহৰি দেৱ, চিৰ-সাধনাৰ
শান্তি লাভ কৰা স্বৰগত।
দেৱৰ মৰম পাই.মৰণ পাহৰি
থাকাগই স্বৰ্গীয় সুখত,
কেতিয়াবা কৰবাত লভিলে আজৰি
সুঁৱৰিবা আমাক মনত।
আকউ জনম লভি আমাৰ মাজত
শীৰ্ষস্থান কৰি অধিকাৰ
চলাবা আসাম দেশ, আমি মৰমত
ভক্তি দিম দুখীয়া হিয়াৰ।
অন্ত
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )