পৃষ্ঠা:অঞ্জলি.djvu/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
অঞ্জলি


দেহ আৰু মন

⸺০⸺

ফুল হ’লে গোন্ধ তাৰ লগে লগে যায়,
ফুলৰ বাহিৰে ক'তো অৱস্থিতি নাই;
গোন্ধে ফুলে একে মুঠে বেলেগ বিকাশ,
প্ৰধান নহয় কেওঁ—পৰম্পৰে দাস।
সেই দৰে মন, চিন্তা, অনুভৱ গুণ—
দেহৰে লগৰ কিবা ওপৰঞ্চি ধুন,
দুয়ো দুয়োটিৰ বশ, কাৰো হলে নাই
প্ৰকৃতিৰ বাহিৰেদি পলাবৰ ঠাই।
বিবিধ গুণৰ পৰা নৱ গুণ হয়,—
উচিত স্থানত মনে নিজে জন্ম লয়।
মাটিৰে এবিধ পোক মাটিতে ঢুকাম,
সৰহাই দুখ কৰা মিছাৰ সকাম।
প্ৰকৃতিৰ গতি চাই নিয়ম পালিম,
সেই বুলি কাৰো গাত ঠেলা নেমাৰিম।