পৃষ্ঠা:অঞ্জলি.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
অঞ্জলি

লাহৰী

আজিল'কে দেখা নাই তোমাক লাহৰি,
 কথা মাথো তোমাৰ শুনিছো,
শুনিছো তোমাৰ গুণ, শুনিছো জেউতি,
 আৰু মই মৰম বুজিছো।
আৰু হেনো কোনোবাই ক'লে মোৰ কথা
 চকুজুৰি মাটিলই পৰে,
ধুনীয়া কতনো ফুল তোমাৰ গালত
 ফুলি পৰে নানা বৰণেৰে।
অৱশ্যে মনৰ কিবা স্বৰ্গীয় বান্ধনী
 আছে এটি এই জগতত,
নহ'লে কিয়নো বাৰু -নেদেখা নুশুনা-
 মজো মই তোমাৰ গুণত।
দেখা নাই, শুনা নাই, তুমি এটি মোৰ
 হৃদয়ৰ নজনা বাসনা,
মনেৰে ধুনীয়া কৰা, মনেৰেই সজা,
 তুমি মোৰ পৱিত্ৰ কল্পনা।