পৃষ্ঠা:অঞ্জলি.djvu/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
অঞ্জলি

গধূলিতে ফুৰি-চাকি আহে ঘৰলই
গোহালিত গৰু বান্ধি ভিতৰ সোমায়,
খাই উঠি বহে আহি জুহাল-গুৰিত
ঘৰুৱা কথাকে পাতি সময় নিয়ায়।

নেলাগে ফুৰিব ভ্ৰমি দেশ বিদেশত,
নাই একো ওখ আশা, সুখী অলপতে,
নাই বহু ধন, নাই অভাবো একোৰে,
গোটেই জীৱন যায় ঘৰুৱা সুখতে।

শুলেই টোপনি আহে, নেলাগে ভাবিব-
“বহল পানীৰ চটা, বহল পথাৰ”
বেগতে নিতাল মাৰে প্ৰকৃতি মাতত;
নেলাগে কপাল, লাগে সুখ হে তোমাৰ।