সমললৈ যাওক

পৃষ্ঠা:অঞ্জলি.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
অঞ্জলি

কিন্তু হায়, ক’তা আৰু সেই ধৰা খনি,
কেনি গ’ল কিনো হ’ল, চিনো তাৰ নাই।
নতুন এখনি সৃষ্টি নৱ-বিধাতাৰ
আছে আজি আহি মোৰ আগতে ওলাই।

অৱশ্যে মনেই মোৰ দুয়ো খিনি ধৰা,
মনৰে স্ৰজন এই সমস্ত জগত,
সেই মন এই মন বহুত প্ৰভেদ,⸺
বহুত প্ৰভেদ হ'ল মনেই মনত।

নজনা নুশুনা সুখ বহুত আছিল,
নাছিল মানুহ জ্ঞান মোৰ অন্তৰত,
লাহে লাহে হ'লোঁ মই যত জনা-বুজা
বহুত প্ৰভেদ হ’ল মনেই মনত।

নেলাগে সি সুখ, যক সেই ল’ৰাকাল,
এতিয়াৰ এই কাল নিয়াওঁ ভালেৰে
হে বিধাতা, শক্তি দিয়া তোমাৰ জীৱন
তোমাতে বিলীন যাতে হয় একেবাৰে।