পৃষ্ঠা:অঞ্জলি.djvu/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১
অঞ্জলি


ভুমুকি

কোন তুমি কিয় আহি নিলগৰে পৰা
 একোটি ভুমুকি মাৰি যোৱা,
মূৰ দাঙি চাওমানে কিয় লৰ মাৰা,
 চাওঁমানে অলপো নোৰোৱা!
কিবা-কিবি সাজি পাৰি থাকোঁ অকলই
 নিজে নিজে মনৰ মাজত,
চকুজুৰি মোৰ যদি পৰে তোমালই
 ভোল যাওঁ তোমাৰে ভাৱত।
আন পিনে ঢাল ল’লে মনৰ গতিয়ে
 তুমি যদি মাৰ যোৱা গই,
ততালিকে সজীৱন একো ভুমুকিয়ে
 যায়হি সজাগ কৰি থই!
কোন তুমি মই হ’লে একোকে নেজানো,
 মাজে মাজে মাথো দেখা পাওঁ;
নেখেদিবা লুকালুকি, ধেমালি নেজানো,
 ৰোৱাচোন হেঁপাহেৰে চাওঁ।