পৃষ্ঠা:অঞ্জলি.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গিৰি-কুমাৰী

—:*:—

লোকে বোলে তুমি হেনো একোকে নেজানা-
 আজলী সৰল স্বভাৱৰ;
মই দেখোঁ তুমি হ'লে সকলোকে বুজা
 যত কথা মোৰ অন্তৰৰ।
একোকে নেজানা যদি কিয় বাৰু আহি
 ৰই থাকা গছৰ তলত,—
কোনেও নেদেখা কই মোৰ গীত শুনি
 স্তব্ধ হই নিৰল ভাৱত!
লোকে হেনো দেখা নাই তোমাৰ মুখৰ
 হাঁহি এটি প্ৰাণ শীতলোৱা,
মই হ'লে চাওঁ পতি সদাই দেখিছোঁ
 সকলোতে হাঁহি বিৰিঙোৱা।
লোকে কয় শুনা নাই তোমাৰ মুখত
 একো কথা হৃদয়ত লগা,
মোৰ দেখোঁ তুমি কোৱা প্ৰত্যেক কথাতে
 গম পাওঁ হিয়া খনি জগা।