পৃষ্ঠা:অঞ্জলি.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
অঞ্জলি

নাহে নাহে হায়, আৰু সি বসন্ত কাল,
যেতিয়া আছিলোঁ দুয়ো দুয়োৰ লগত,
কেউপিনে বতাহত ফুলৰ গোন্ধত,
গইছিলোঁ দুয়ো লীন পুষ্প-কাননত।

ইজনে সিজনে মিলি গাঁথিছিলোঁ মালা,
পিন্ধাই দিছিলোঁ দুয়ো দুয়োৰ গলত,
ল'ৰাৰ ধেমালি বুলি খন্তেকো নেভাবি,
খেদিছলোঁ লুকা-লুকি ফুলৰ আঁৰত।

পদুমনি সৰোবৰ ফুলনি দাঁতিত, -
কৰিছিলো দুয়ো তাত স্নান উলাহেৰে,
সাঁতৰি মাজৰ পৰা মোৰ পিনে চাই,
হাঁহিছিলা আহাঁ বুলি অতি সাদৰেৰে।

পৰেনে মনত বাৰু সেই কথা আৰু,
বিস্মৰণ হ'ল, নাই কালৰ সোঁতত?
চাপিছা ওচৰ আহি কিয় নহলেনো,
সকলো অৱশ্যে আছে তোমাৰ মনত।