পৃষ্ঠা:অঞ্জলি.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
অঞ্জলি

কত বেলি কত পৰ ৰ'লো বাট চাই
 আকউ উলটি আহে বুলি,
কিন্তু হায়, গ’ল আৰু নাহিল নাহিল,
 মোৰ জ্ঞান হৰিলে সমূলি।

গ’লা তুমি গুচি গ'লা নেচালা উলটি,
 নেৰাখিলা একোকে মনত,
ভাবিলো তোমাৰ কথা সকলো পাহৰি
 গ'লো যেন তোমাৰে লগত।

গ্ৰহণৰ দৰে মোৰ আৱৰি ধৰিলা
 সকলো পোহৰ বাসনাৰ;
যিপিনেই চাওঁ মাথো তোমাকেহে দেখোঁ
 সকলোতে ঢাকনী তোমাৰ।

যেনিয়েই যাব দিওঁ মোৰ কল্পনাক
 তোমাকেহে তাতে দেখা পায়,
টানি ধৰে কিহবাই, গধুৰ খোজেৰে
 ঘূৰি-পকি তোমাতে ওলায়।