পৃষ্ঠা:অঞ্জলি.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
অঞ্জলি


 অকস্মাত নাচি নাচি আহি,
 দেখা দিলে বলিয়া এটাই,—
সুধিলে নকয় একো, কেৱল ৰঙেৰে
 সুললিত গানকেহে গায়।

 “কিয়, মৰমৰ চিন নললা,
বহু দিন আশা কৰা, কথা নক’লা?
 কতনো আলচিছিলোঁ,
 কত কথা পাঙিছিলোঁ,
 সকলোকে কিয় তুমি পাহৰি গ'লা?”

 সুধিলেও একোকে নকয়,
 গান আহে ক'ব খুজিলেও;
নাচে গানে ক'ব খোজা ক'ৰবাত এৰে
 ক’বলই মন থাকিলেও।

 বহুপৰ সুধি থাকিলত,
 গান এৰি এখন্তক বহি,
নিজৰ দুখৰ কথা মৰম আশেৰে,
 ক'লে যিবা, হিয়া নিয়ে দহি।—