পৃষ্ঠা:অঞ্জলি.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
অঞ্জলি

নেলাগে চাবও মোক চোৱা যদি তুমি
 প্ৰকৃতিৰ হবি লগৰীয়া,
নেলাগে কৰিব একো মোৰ বাৰে তুমি
 কৰা যদি কৰিবলগীয়া।

শুই উঠি চোৱা যদি সৰু সৰু তৰা
 মাৰ যোৱা আকাশৰ গাত,
পুৱা বনৰীয়া ফুল ছিঙোতে ছিঙোতে
 নিয়ঁৰত তিতে যদি হাত।

লৌৱালপা বতৰৰ ৰ’দ পৰি যদি
 বোল ধৰে নিমজ গালত,
নিৰজু বহে যদি মচি দিয়ে ঘাম
 ছাঁ দিয়ে ডাৱৰে তপত।

কোঁচ খাই পৰে ছাঁটি যেতিয়া গছৰ
 দুপৰীয়া থিয় ৰ'দ পাই,
দূৰণিত একেষাৰ চৰাই গীতত
 ঠৰ লাগি থাকা চাই।