পৃষ্ঠা:অঞ্জলি.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
অঞ্জলি


উষা

⸺০⸺

তুমিয়েনে তাহানিৰ বখানা বেদত
 আকাশৰ মূৰ্ত্তিময়ী উষা,—
আন্ধাৰৰ ছাঁয়া পৰি শেঁতা পোহৰত
 মিহলোৱা দিন আৰু নিশা।
কেবা দিনো থাকি তুমি একে ভাৱ ধৰি
 মোহিছিলা ঋষিৰ মনকো,—
উৰ্ব্বশীয়ে নোৱাৰিলে যাকো ছল কৰি
 তুমি দেৱি জিনিছিলা তাকো।
তুমিয়েনে কপালৰ দৰে আকাশত
 জান দিয়া সোণালী দেহৰ;—
ৰঙা-পৰুৱাৰ দৰে ক'লা–সাগৰত
 ৰিণি ৰিণি বিৰিঙে পোহৰ।
নিশা ওৰণীৰ মাজে দিনৰ মুখৰ
 তুমি উষা জিলিকা জেউতি,
ৰাঙলী তৰাৰে লোৱা ফোঁট কপালৰ,—
 নিশা দিন মিহলি দুয়োটি।