পৃষ্ঠা:অঞ্জলি.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
অঞ্জলি

সদাই সন্তোষ তুমি লোকৰ মনত দিলা,
 দিলা মোক সদাই বেজাৰ;
কেনেনো বিলাই মোৰ হ’ব তুমি অবিহনে,
 নেভাবিলা কিয়নো এবাৰ?

সংসাৰ-দুখৰ বোজা এনেয়ে নোৱাৰি ব’ব
 তাতে মোৰ এয়ো এটা হ’ল;
হিয়াৰ ডাঙৰ দুখ নোৱাৰোঁ ফুটাই কব
 যত কথা হিয়াতেই ৰ'ল।

কত আশা কৰিছিলোঁ একেলগে দুয়ো বহি
 মনৰ সকলো কথা ক’ম,-
বুজিব নোৱাৰা ভাব সকলো আছিলোঁ সহি
 ভাবিছিলোঁ বুজোৱাই ল’ম।

তোমাৰ কথাই মোক থাকোঁ মানে জগতত
 আন একো ভাবিব নিদিব,
ভাল কিবা দেখিলেও মোৰ শুদা হৃদয়ত
 একো আৰু ভাল নেলাগিব।