পৃষ্ঠা:অঞ্জলি.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
অঞ্জলি


লেৰেলি ফুলমাল শুকাই পৰিল,
ৰস গোন্ধ মধুৰত একো আজি নাই
তোমাৰ লগতে গ’ল সকলো মহিমা,
ওলমিল পাৰিজাত গছতে শুকাই।

শকুন্তলা

আজিও ৰঞ্জিত কবি, কল্পনা ফুলনি,
আজিও ফুলিছে ফুল গাত গোন্ধ লই,
হাতত কুঁকিৰে স’তে শকুন্তলা আহি
ফুল তুলিবৰ মনে আছে থিয় হই।

প্ৰিয়ম্বদা অনসূয়া দুয়ো গোট খাই
হাতত কলহ লই ফুলৰ তলত,
ঢালিছেহি পানী চোৱাঁ সাক্ষাত আগতে,
আলসুৱা শকুন্তলা আছে ওচৰত।