পৃষ্ঠা:অঞ্জলি.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
অঞ্জলি


ইন্দ্ৰই হৰিলে জীয়েৰক তোৰ
 বিচাৰ প্ৰবন্ধে তই,
পৰ্ব্বত কাঠনি সকলোতে ফুৰ
 নকৰ কাল'কো ভয়।
নিমাত হাবিত সুৰ ধৰি তই
 যেতিয়া শুনবি গীত,
কাণ পাতি মই থাকোঁ শুনি তাত
 তোতেই সমৰ্পি চিত।
কিয়নো কেতেকী, মাজে মাজে তই
 দেখা দি পলাই যাৱ,
বসন্ত দেবীৰ কোলাত বহিহে
 সুমধুৰ গীত গাৱ
গোটেই বছৰ শুনাবিচোঁ মোক
 ‘কেতেকী কেতেকী মাত,
সাদৰেৰে মই হেঁপাই গুচাই
 শুনি নিৰলে তাত।