সমললৈ যাওক

পৃষ্ঠা:অঞ্জলি.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
অঞ্জলি

মইনা

ধুনীয়া মইনা মোৰ ঢুকালা এতিয়া,
ভাবিছোঁ লুকালা হ’ব পায় বেজাৰত;
কিহৰ বেজাৰ?-ভৰি আছিল লগোৱা
নিজ হাতে গোঁঠা মোৰ জৰী এডালত।
মন মোহা চকুজুৰি কিয়নো মুদিলা?
কিয়নো, কিয়নো মোক ইয়াতে এৰিলা?
অকলই ফুৰিছিলা হাবিৰ মাজত,
কিয় নেথাকিলা বাৰু মোৰনো, লগত?
দি টোপ কতবাৰ চুমিলোঁ মুখত,-
হাবিত থকাদি কিয় নেথাকা ৰঙত!