সমললৈ যাওক

পৃষ্ঠা:অঞ্জলি.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এতিয়া নোলোৱা তুমি সেই ঠাইল’কো
ফুৰিছিলা তুমি যত শত কোটিবাৰ,—
মানুহ দেখিলে তুমি ভয় খাব খোজা,
নোলোৱা শীতল বায়ু আহি যমুনাৰ।

এতিয়া তোমাৰ খোজ নহয় মুকলি,
ভাবা যেন,—খোজে পতি তোমাৰ ভৰিত
শত শত চকু পৰি কথাই কথাই
ধৰিব খুজিছে দাই ভাও-ভঙতিত।

নোখোজা শুনাব মাত তোমাৰ মুখৰ,
যিবিলাকে শুনিছিল আগেয়ে সদাই;
বহুত প্ৰশ্ন তুমি একেটি কথাতে,
সামৰি উত্তৰ দিয়া মুখ আঁতৰাই।

মাত মতা টান কথা,—চকুলই চোৱা
পাহৰিলা হ’ব পায় নপৰে মনত।
ভয় কৰা,—কোনোবাই তোমাৰ কথাৰ
আলোচনা কৰে বুলি নৰ-সমাজত।