পৃষ্ঠা:অঞ্জলি.djvu/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
অঞ্জলি


কঁকালৰ কৰধনি শিলৰ ৰেখাৰে,—
বৰনৈয়ে যাৰ পাৱ সেৱা কৰি যায়।
একে থিৰে আছা চাই কামাখ্যাৰ পিনে,
দুপিনে দুশাৰী ওখ শিলৰ পৰ্ব্বত,
নাচিছে খোপাত পিন্ধি প্ৰকৃতিৰ ফুল,
সকলোৱে বেৰি যেন তোমাকে মাজত।



মানুহ
⸺০⸺
(১)


আত্মাৰ বসতি ঘৰ তোমাৰ শৰীৰ,—
যিটি দেহ ধূলি, মাটি, পানীৰে সাজিছে;
আত্মা হ’লে ঈশ্বৰৰ নিজা পাৰিষদ,
দুটি বিপৰীত গুণ তোমাত থাপিছে।

দেহত অসাৰ তুমি মাটি হ’বা যদি,
গুণত চাপিছা হলে কোষ ঈশ্বৰৰ,
প্ৰেম, দান, দয়া, ধৰ্ম্ম, মৰম তোমাৰ—
নিত্য-অনিত্যৰ তুমি কুটুম মাজৰ।