পৃষ্ঠা:অঞ্জলি.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
অঞ্জলি


আশাৰ সপোন

নোৱাৰিলোঁ জীৱনত বুজাব তোমাক
 হৃদয়ৰ কিমান চেনেহ;-
নোৱাৰোঁ ফুটাই ক’ব, মনে মনে হলে
 নাই ভেদ আমি দুটি দেহ।
তোমাৰ সুখৰ মই আনন্দ-সোঁতত
 উটি যাওঁ লুকাই লুকাই;
লাজ লাগে, ফুলোঁ মই পদুমৰ দৰে,-
 ভয়,যদি দেখে কোনোবাই।
তোমাৰ বাহিৰে যদি আৰু কাৰবাৰ
 চকুজুৰি পৰে মোৰ গাত,
-নোৱাৰোঁ নোৱাৰোঁ ক’ব-বিদ্যুতৰ দৰে
 কিবা এটি চিৰিঙে হিয়াত।
তুমি মোৰ জীৱনৰ আশাৰ দীপিতি,
 আহা মোৰ হিয়াৰ মাজত;
আগবাঢ়োঁ মানে মই সেই সাহতেই
 আৰু দেখোঁ তাৰে পোহৰত।