ৰঙ্গিলী

ৱিকিউৎসৰ পৰা
(Rangileeৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
ৰঙ্গিলী
লেখক ৰজনীকান্ত বৰদলৈ
[  ]

ৰঙ্গিলী

বুৰঞ্জীমূলক উপন্যাস

(অসমত প্ৰথমবাৰ মানৰ আক্ৰমণৰ ঘটনা লৈ লিখা)
⸺⟶⟵⸺


শ্ৰীৰজনীকান্ত বৰদলৈ ৰচিত

ৰিহাবাৰী, ডিব্ৰুগড়


~~~~~~~~~~~~~~

দ্বিতীয় তাঙৰণ

~~~~~~~~~~~~~~



১৯৩৫

[  ]
 
প্ৰকাশক – অসাম প্ৰিণ্টাছ এণ্ড পাব্লিশ্যাৰ্ছ লিমিটেড




প্ৰিণ্টাৰ—শ্ৰীসোণাৰাম বেজ
গুৱাহাটী, নিউ প্ৰেছ।

[  ]

উচৰ্গা
সুন্দৰ গছত  ফুলিছিলা তুমি
ধুনীয়া গোলাপ ফুল,
ৰূপে জক্‌মক্  গোন্ধে বিতোপন
অমিয়াৰ নাইকে তুল।
সেই অমিয়াত,  যৌৱন কালত
পাইছিলোঁ মহা সুখ,
ভাবিছিলোঁ মই,  সংসাৰ সুখৰ
নাই ইঠাইত দুখ।
কিন্তু হাঁয় হাঁয়  নিঠুৰ বিধিয়ে
বুকে মোৰ শেল মাৰি,
নিলে অকালতে  সুন্দৰ ফুলটি
মহা দুঃখী মোক কৰি।
প্ৰয়াণ কালৰ  সেই যে কথাটি
এতিয়াও মনত আছে,
কইছিলোঁ “ভাই  যোৱাগৈ তালৈ
য’তে মোৰ কৃষ্ণ আছে।
কৰ্ম্ম শেষ হলে  মইও আহিম
কবা তুমি কৃষ্ণক গৈ,
যেন দয়া ৰাখে  জীৱনে মৰণে
দুৰ্ভগীয়া ই দাসলৈ।”

[  ]  যৌৱনৰ প্ৰাৰম্ভতে মােক অকলশৰীয়াকৈ শোক-সাগৰত বুৰাই থৈ যােৱা মােৰ কনিষ্ঠ ভাতৃ ৺ৰূহিণীকান্ত বৰদলৈৰ স্মৃতিৰ উদ্দেশ্যে এই পুথি উচৰ্গিলোঁ।
⸺:✮:⸺

[  ]

ৰঙ্গিলী
⸺····⸺
প্ৰথম অধ্যায়
⸺···⸺
ৰঙ্গিলী

 আমাৰ কাহিনীৰ আৰম্ভ ১৮১৫ খৃষ্টাব্দত। অসমৰ ৰজা কামলেশ্বৰ সিংহ স্বৰ্গী হােৱাত তেওঁৰ ভায়েক ৺চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে ১৮০০ খৃষ্টাব্দৰপৰা অসমৰ ৰাজপাটত বহিছে। ৰজাৰ বয়স কম থকাৰ বাবে ৺পূৰ্ণানন্দ বুঢ়াগােহাঁইৰ মূৰত ৰাজ্যৰ সকলাে ভাৰ আছিল। গুৱাহাটীত তেতিয়া বদনচন্দ্ৰ বৰফুকন আছিল।

 এই সময়ত ৰংপুৰৰ জয়সাগৰ গাঁৱত ভালেমান আহােম, কলিতা, কোঁচ ইত্যাদি জাতিৰ মানুহ আছিল। গাঁওখন দিখৌ নৈৰ পাৰত মানুহে ভৰপূৰ, শস্যে-মৎস্যে অতুলনীয়। ৰজাৰ কাৰেঙৰ পৰা প্ৰায় এমাইল মাথোন আঁতৰত।

 এই মানুহবিলাকৰ প্ৰায় সকলোবােৰেই ৰজাঘৰৰ খাটনিয়াৰ। আহােম আৰু চুতীয়াসকলৰ ভিতৰত কেৱে শেনচোৱা, কেৱে কুকুৰা[  ] চোৱা, কেৱে ধেনুচেঁচা, কেৱে লাঠিকৰা, কেৱে হিলৈদাৰী। কলিতা কোঁচ ইত্যাদি সকলৰ চুবুৰিত কেৱে কাকতী, কেৱে বৰুৱা ইত্যাদি বিষয় আৰু খাটনিয়াৰ আছিল। আন এচুবুৰিত চাৰি পাঁচ ঘৰ ব্ৰাহ্মণৰ বসতি আছিল। ব্ৰাহ্মণসকলৰ ভিতৰত কেৱে ৰজাঘৰীয়া পূজাৰি, কেৱে বিধিপাঠক, কেৱে ন্যায়সোধা, কেৱে পুৰোহিত ইত্যাদি বাবৰ আছিল।

 আহোমসকলৰ ভিতৰত নৰহৰি শেনচোৱা, আৰু ভূত কুকুৰাচোৱা এই দুই গৰাকী লোক সেই সময়ত বৰ প্ৰসিদ্ধ আছিল। কোঁচ কলিতাসকলৰ ভিতৰত তোলন কাকতী আৰু মণিৰাম মেধি জনাজাত মানুহ আছিল। ব্ৰাহ্মণসকলৰ ভিতৰত প্ৰায় আটাই কেই ঘৰেই প্ৰসিদ্ধ মানুহ আছিল। নৰহৰি শেনচোৱাৰ সেই সময়ত এজনী চৈধ্য পোন্ধৰ বছৰ বয়সীয়া জীয়েক, এটা বাৰ তেৰ বছৰ বয়সীয়া পুতেক, আৰু পৰিবাৰ এগৰাকী আছিল। নৰহৰিৰ জীয়েকৰ নাম ৰঙ্গিলী। ছোৱালীজনী গাভৰু, নিয়মিত ওখ, শৰীৰ হৃষ্ট-পুষ্ট, বৰণত বগা, অথচ গোটেই গায়ে যেন তেজে ফুটি-যাওঁ ফুটি-যাওঁ কৰা। গাল দুখনি তুলতুলীয়া ৰঙা, যেন সেন্দুৰহে সানি থৈছে। হাত ভৰিবিলাক নোদোকা অথচ নিপোটল। চকুজুৰি উজ্জ্বল। চুলিকোছা বৈ পৰা। স্বভাৱত ছোৱালীজনী বৰ স্ফুৰ্ত্তিৰ, সদায় হাঁহিমুখী, আনকি নমতা মানুহৰো মাত উলিয়াব পৰা বিধৰ; খুহুতালি কথা কোৱাত পাৰ্গত। ঘৰৰ বনে বাৰিয়েও দলহ্-দপহ,। তাই মাকৰ হাত আগুৰা আছিলেই, তদুপৰি প্ৰায় ঘৰখনকে তায়ে কৰি মেলি খুৱাইছিল। মাছ মৰাত, ভূঁই ৰোৱাত, বিহুৰ গীত গোৱাত আৰু নাচোনত তাই আগৰণুৱা আছিল। মাঘৰ বিহু আহিলেই তাই নাম পদ গীত গাই নাচি-বাগি ফুৰিলেও বিহুৰ নিমিত্তে মাক, বাপেক, ভায়েক, ওচৰ চুবুৰীয়া ডেকা গাভৰু সকলোৱে [  ] নিমিত্তে তাই চিৰা সান্দহ খুন্দিছিল, পিঠা-পনা ভাজিছিল। বহাগৰ বিহু আহিলেই তাই গোটেইটো চতৰ মাহতে দিনত ধমাধম্ বিহুৱান কাপোৰ বৈছিল। কিন্তু নিশা হলে বিহুত-তায়ে আগৰণুৱা হৈ গাই নাচি ফুৰিছিল। তাইৰ বিহুগীত, আৰু নাচোন আনতকৈ ভাল আৰু শুৱলা আছিল। বুদ্ধিও, ইমান, চোকা আছিল যে তাই মুখে মুখে জোৰা দি বিহুনাম গাব পাৰিছিল আৰু সকলো কথাকে তাই অলপতে বুজিছিল। আমাৰ এই কাহিনীৰ সময়লৈকে মাক-বাপেকে সপোনতো ভবা নাছিল যে তাইক কাৰবালৈ উলিয়াই দিব লাগিব। আৰু তায়ো প্ৰণয় কি এটা বস্তু ভালকৈ জনা নাছিল। মুকলিমূৰীয়া অসমীয়া জীয়াৰী মুকলিমূৰেই ফুৰিছিল।


দ্বিতীয় অধ্যায়
সৎৰাম
⸺:০:⸺

 ৰঙ্গিলীহঁতৰ ঘৰৰ গাতে লগাকৈ ভূত কুকুৰাচোৱাৰ ঘৰ। ৰঙ্গিলীৰ বাপেক নৰহৰি যেনেকুৱা প্ৰসিদ্ধ শেনচোৱা, ভূতো সেইদৰে ৰজাঘৰৰ প্ৰসিদ্ধ কুকুৰাচোৱা আছিল। প্ৰভেদ এই আছিল যে নৰহৰিৰ নিতে ৰজাঘৰলৈ যোৱাৰ কাম নাছিল, তেওঁ ঘৰতে শেন শিকাইছিল আৰু নিজৰ খেতি-বাতি কৰিছিল। ভূতে কিন্তু সদায় পুৱাৰপৰা গধূলিলৈকে ৰজাঘৰৰ কুকুৰাচোৱাত ৰজাঘৰতে দিনটো কটাইছিল। এই ভূতৰ [  ] সৎৰাম বা সতাই নামেৰে এটা পুতেক আৰু কেতেকী নামেৰে এজনী জীয়েক আৰু পৰিবাৰ এগৰাকী আছিল। ভূতে খেতি কৰিবলৈ ৰজা ঘৰৰপৰা নিষ্কৰ মাটি চাৰি পুৰা, এহাল ম’হ, আৰু দুটা পাইক পাইছিল। পাইক দুটাই বাৰ মাহৰ বাৰটা খেতি কৰিছিল আৰু ম’হ হালো চাৰিছিল। জীয়েক কেতেকীয়ে মাকৰ হাত আগুৰি দিছিল। পুতেক সৎৰামে নিতৌ বাপেকৰ লগত বাপেকক সহায় কৰিবলৈ ৰজাঘৰলৈ গৈছিল। দিনৰ সাজ ভাত দুয়ো বাপেক পুতেকে ৰজাঘৰতে খাইছিল। বুৰঞ্জীত আছে যে চন্দ্ৰকান্ত সিংহ কোমল বয়সৰ বাবে সৰুৰেপৰা আন লগৰীয়া নাপাই এই ভূতৰ পুতেকৰ লগতে খেলিছিল। এইদৰে সৰুৰেপৰা খেলৰ লগৰীয়া হোৱাৰ বাবে যেতিয়া পোন্ধৰ বছৰ বয়সত চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱ ৰজা হল, তেতিয়া ৰাজমাৱত কাবৌ-কোকালি কৰি মহামতি পূৰ্ণানন্দ বুঢ়াগোহাঁইক সম্মত কৰাই সৎৰামক যৌৱনৰ প্ৰাৰম্ভতো খেলৰ লগৰীয়া কৰি স্বৰ্গদেৱে তাক প্ৰায় সততে লগতে ৰাখিছিল। যৌৱনৰ প্ৰাৰম্ভৰ আৰু শৈশৱৰ খেলাৰ প্ৰভেদ ইমানেই আছিল বে ৰজা হোৱাৰপৰা স্বৰ্গদেৱে দিনত খেল খেলি নুফুৰিছিল। কিন্তু নিশা হলে গধূলিৰপৰা প্ৰায় ডেৰপৰ নিশালৈকে ৰজাই সৎৰাম, শান্তিৰাম আৰু জয়ৰাম নামেৰে লৰা তিনটাৰ লগত সদায় ৰংধেমালি কৰিছিল। আমাৰ এই কাহিনীৰ সময়ত সৎৰামৰ বয়স উনৈশ আৰু ৰজাৰ ষোল বছৰ আছিল। সি দুটা লৰাও প্ৰায় এনেকুৱা বয়সৰে। শান্তিৰাৰ কিজানি উনৈশ বছৰ উকলি কুৰি বছৰত সোমাইছিল। ভূতৰ পুতেক সৎৰাম সৰুৰে পৰা বৰ চোকা বুদ্ধিৰ আছিল। চাওডাঙ্গৰ লৰা হলেও দেখোনত সৎৰাম এজন সুপুৰুষ আছিল। সৰুৰেপৰা ডাঙ্গৰ বিষয়াসকলৰ কথা-বতৰাব আও-ভাও জনা বাবে তেওঁৰ বুদ্ধিটোও মাৰ্জ্জিত আছিল, [ ১০ ] যদিও লিখা-পঢ়া একোকে নাজানিছিল। পাঠক! বুৰঞ্জী পঢ়িলেই পাব সৎৰামেই ঘাইকৈ অসমীয়া জাতিৰ দুৰ্গতি আনিছিল। সেই গুণেই মানুহে তাক “সতাই নৰকী” বুলিছিল।

⸻⸻

তৃতীয় অধ্যায়

⸺:০:⸺

পদুমী

 হিন্দুসকলৰ খেলৰ ভিতৰত এই জয়সাগৰ গাঁৱত তোলন কাকতী মুখাল মানুহ আছিল। ধনে ধানে, বয়ে-বস্তুৱে, মাটিয়ে-বৃত্তিয়ে, বন্দীয়ে-বেটীয়ে তেওঁ ভৰপূৰ। তেওঁ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ ফৈদৰ। পাঠক। মনত ৰাখিব সেই সময়ত অসমীয়া মানুহ প্ৰত্যেকজনেই এক নহয় এক ফৈদ ভুক্ত আছিল। যেনে- বুঢ়াগোহাঁইৰ ফৈদ, বৰগোহাঁইৰ ফৈদ, বৰপাত্ৰ গোহাঁইৰ ফৈদ। Feudalism আৰু clanishness পূৰ্ণমাত্ৰাই অসমতো আছিল। তোলন কাকতীৰ সংসাৰত তেওঁৰ সহধৰ্ম্মিণী, এটি উনৈশ বছৰীয়া লৰা, এটি বাৰ বছৰীয়া লৰা, আৰু এজনী পোন্ধৰ বছৰীয়া জীয়াৰী। বৰ লৰাটোৰ নাম গোলাপ, সৰুটিৰ নাম কমল আৰু ছোৱালীজনীৰ নাম পদুমী। তিনিউটি লৰা-ছোৱালী দেখিবলৈ ধুনীয়া। হবৰে কথা! মাক ভাল, বাপেক ভাল, তদুপৰি তিনিউটি সুখত উঠা। [ ১১ ]  ছোৱালীজনীৰ নাম যেনেকুৱা পদুমী, ৰূপতো তাই সাইলাখ এপাহি পদুমৰ দৰেই। বৰণটো ঘাই হালধিৰ গাঁঠিৰ দৰে। হাত ভৰিবিলাক গঢ়িত, চুলিকোছা ককাললৈকে বৈ পৰা, চকু দুটি উজ্জ্বল; চকুৰ চেলাউৰি যেন লেখনিৰহে অঁকা। ওঠ দুটি ৰঙা। মুখখন আহোমগঢ়ি; কিন্তু নাকটো হলে বামুণীয়া নাকৰ দৰে দীঘল বৈ পৰা। মোটৰ ওপৰতে তেওঁ এজনী ধুনীয়া নিৰোগী তেজী বিধৰ ছোৱালী আছিল।

 স্বভাৱত তেওঁ গহীন। যতে-ততে, যাৰে তাৰে সৈতে সৰহ কথা পাতি চেলচেলাই ফুৰা বিধৰ নাছিল। সেই বুলি লগ সমনীয়াৰে সৈতে যে আমোদ-প্ৰমোদ নকৰিছিল তেনে নহয়। তেওঁ নিজৰ ৰূপত বা সৌন্দৰ্য্যত কিজানি এফেৰা গৰ্ব্ব থাকিলেও (প্ৰায় সুন্দৰী তিৰোতাবিলাকৰ হেনো নিজৰ ৰূপত এফেৰা গৰ্ব্ব থাকেই ) তেওঁ যে ধনী-মানী ঘৰৰ ছোৱালী এই ভাবেৰে হলে তেওঁৰ এফেৰাকে গৰ্ব নাছিল।

 জীয়েকৰ ষোল বছৰ বয়স। যোৱনত ভৰি দিবৰ আজি বছৰেক হৈ গল, তথাপি তেওঁৰ বাপেক তোলন কাকতীয়ে আৰু মাক হৰিপ্ৰিয়াই তেওঁক বিয়া দি এঘৰলৈ উলিয়াই দিয়া বিষয়ে উমঘামকে কৰা নাছিল। অসমত দুয়োঠাল, ব্ৰাহ্মণত বাজে আনবিলাক জাতিৰ মানুহৰ ছোৱালী কুমাৰী কালতে বিয়া দস্তুৰ আজিলৈকে ভাল কৈ চলা নাই। এশ বছৰৰ আগেয়ে অসমীয়া মানুহ যেতিয়া স্বাধীন আছিল, তেতিয়াতো কলিতা, কেওট, কোঁচ ইত্যাদি জাতৰ হিন্দু সকলে কুমাৰী কালতে ছোৱালী বিয়া দিয়া অতি দুৰন্তাং কথা আছিল! আহোম আৰু চুতীয়াসকলৰ কথাটো কবই নেলাগে। আজিলৈকে আগৰ বীৰ-জাতি আহোম আৰু চুতীয়াসকলে ছোৱালী কুমাৰী কালতে [ ১২ ] বিয়া দিয়া প্ৰথাটো লোৱা নাই। ওলাওঁতে শুৱনী সোমাওঁতে শুৱনী বৰ-ঘৰ গুৱনী, চোতালঘৰ শুৱনী, ধাননি শুৱনী, নৈৰ ঘাট শুৱনী, গাঁওখনৰ শুৱনী, জীয়াৰীক শ্ৰীঘ্ৰে আন এঘৰলৈ উলিয়াই দিয়া কথা যে কেনেকুৱা টান তাক বোধ কৰোঁ জীয়াৰী ছোৱালী থকা অসমীয়া মাত্ৰেই জানে। কণ্বৰ নিচিনা তপস্বী মুনিয়েও তোলনীয়া জীয়াৰী শকুন্তলাক উলিয়াই দিওঁতে অশ্ৰুপূৰ্ণ চকুৰে কৈছিল—

“যাসত্যদ্য শকুন্তলেভি হৃদয়ং সংস্পৃষ্টমুৎকণ্ঠয়া।
কণ্ঠঃ স্তম্ভিত বাষ্পবৃত্তি কলুষশ্চিন্তাজবং দৰ্শনং।
বৈক্লব্যং মম ভাবদীদৃশমহো স্নেহাচাৰন্যৌকসঃ।
পীড্যন্তে গৃহিনঃ কথং নু তনয় বিশ্লেষদুঃখৈৰ্ন ভৈঃ।”

 “আজি শকুন্তলা যাব মোৰ হৃদয় উৎকণ্ঠিত। চকুৰ পানী বল কৰি পৰিব নিদিয়াৰ বাবে মোৰ গলত শোকে খুন্দা মাৰি ধৰিছে আৰু মোৰ জ্ঞান সম্পূৰ্ণ হেৰাইছে। মই অৰণ্যবাসী ঋষিৰো এই শোক। গৃহস্থবিলাকেনো প্ৰথমে জীয়াৰী উলিয়াই দি কেনেকৈ সহ্য কৰিব।” বাস্তবিকে যাৰে জীয়াৰী আছে সেয়ে জানে জীয়াৰী উলিয়াই দিয়া কিমান টান কথা। [ ১৩ ]

চতুৰ্থ অধ্যায়

⸺·×·⸺

শান্তিৰাম।

 সেই গাঁৱৰ মণিৰাম মেধিও এজন ভাল কলিতা জাতৰ মানুহ। তেওঁ আউনীআটীৰ সেৱক। গুৰুঘৰৰপৰা “মেধি” বাব পাইছিল। তেওঁ ৰজাৰ নিজ ফৈদৰ মানুহ। তেওঁৰ ভাই ককাই চাৰিজনা। সেইসকলৰ লৰা-ছোৱালীও যথেষ্ট। তেওঁ মধ্যম অৰ্থাৎ তেওঁৰ ওপৰত এজন ককায়েক তলত দুজন ভায়েক। ধনে বস্তুৱে, মাটিয়ে-বৃত্তিয়ে, বঙহে-পৰিয়ালে, তেৱোঁ ভৰপূৰ। লৰা-ছোৱালীৰ ভিতৰত তেওঁৰ প্ৰথম পক্ষৰ লৰা এটিত বাজে আৰু নাছিল। তেওঁৰ প্ৰথম পত্নী ঢুকুৱাত তেওঁ দ্বিতীয়বাৰ বিবাহ কৰাইছিল; কিন্তু বিয়া কৰা বৰ আজি আঠ ন বছৰে দ্বিতীয় পক্ষৰপৰা কোনো লৰা-ছোৱালী জন্মা নাছিল। তেওঁ সেইবাবে মনদুখীয়া আছিল। তেওঁ কিন্তু সতি-সন্তান হওক বুলি আৰু এজনী বিয়া কৰোৱা নাছিল। কৰাওঁ বোলা হলে তেওঁ সেইটো সহজে কৰিব পাৰিলেহেতেন। কিন্তু তেওঁ গুৰুঘৰৰপৰা মেধিৰ বাব পাই, ধৰ্ম্মত মন লগাই, জ্ঞান-মাৰ্গৰ কথা অলপ-অচৰপ জানি এইটো সুন্দৰকৈ বুজিছিল যে একেলগে দুই তিনিজনী তিৰোতা পালন কৰা টান; ঘৰত অসুখ অশান্তিৰ ভড়াল হয়।

 সেই কাৰণে তেওঁ নিজৰ কাম-কাজ চলাই ধৰ্ম্ম-কৰ্ম্মত মন দি জীৱন যাপন কৰিছিল। তেওঁৰ কুসাৰি বা অসন্তোষৰ ভিতৰত [ ১৪ ] এইফেৰা আছিল যে তেওঁৰ দ্বিতীয় পক্ষৰ পত্নীয়ে পুতেক শান্তিৰামক মৰমৰ চকুৰে নেচাইছিল। আন আন সতীয়ৈ মাকে যেনেকৈ সতিনীৰ পুতেকক ব্যৱহাৰ কৰে তেৱোঁ শান্তিৰামক সেইদৰেই কাৰিছিল। এই কাৰণে আৰু সৰুৰেপৰা মাতৃ-স্নেহত বঞ্চিত হৈ শাস্তিৰাম সদায় মনত অশান্তিৰে আছিল। ঘৰত মাহীয়েকৰ ব্যৱহাৰত শান্তিৰামে প্ৰায় পঘা-চিঙা গৰুৰ দৰে বা দোল মুকলি থকা ঘোৰাৰ দৰে ফুৰিছিল; কেৱল খাব শুবৰ সময় ফেৰাত বাজে তেওঁ প্ৰায় ঘৰত নেথাকিছিল। বাহিৰত লগ সমনীয়াৰে সৈতে আমোদ-প্ৰমোদত, দৌড়া-দৌড়িত, সাঁতৰা-সাঁতৰিত হাউগুদু-নুগুদু খেলাত, আৰু পাশা-পচিশ্ খেলাত, সময় কটাইছিল। লগ সমনীয়াৰে সৈতে লগলাগি পথাৰত চৰি ফুৰ ঘোৰা ধৰি শুদা পিঠিত উঠিছিল। দিখৌত নাও খেলাত, চ’তৰ নিশা বিহুত গীত গাই ফুৰা গাভৰুসকলক আমনি আৰু দিকদাৰি কৰা কামতো পাৰ্গত আছিল। অনেক সময়ত দুপৰীয়া ভাটীবেলা অকলৈ দিখৌ নৈত বৰশীও বাইছিল। গধূলি হলেই সৎৰাম আৰু জয়ৰামে সৈতে লগলাগি ৰজা ঘৰলৈ গৈ ৰজাৰ লগত আমোদ-প্ৰমোদত কাল কটাইছিল। নিশা ডেৰ পৰ মানতহে খাবৰ সময়ত ঘৰলৈ উলটিছিল।

[ ১৫ ]

পঞ্চম অধ্যায়

⸺:০:⸺

ৰঙ্গিলীৰ বিহু-নিমন্ত্ৰণ

 আজি মাঘৰ প্ৰথম বিহু। ৰাতি পুৱাই ডেকাবিলাকে গা-পা ধুই মেজি পুৰি উঠি জলপান খাই দুপৰীয়া ঘৰে ঘৰে আছে। কেৱে কেৱে বা কঁড়ি খেলিছে। পথাৰলৈ বিহু গাবলৈ এতিয়াও নৌ যায়। এনেতে আমাৰ ৰঙ্গিলী আইটিয়ে দুপৰীয়া খাই বৈ উঠি সৎৰামহঁতৰ ঘৰলৈ আহি সখীয়েক কেতেকী আৰু সৎৰামক কলে— হেৰা ভনীটি! হেৰা সতাই কাই! আজি ভাটীবেলীয়া আমাৰ ঘৰত জলপান খাবিহি।

 সৎৰাম—ওঁহো আমি আজি তহঁতৰ ঘৰত খাবলৈ নাযাওঁ অ’ তহঁত দুয়ো ভায়েৰ ভনীয়েৰে আমাৰ ঘৰত খাই যাবিহি। কাইলৈ তহঁতৰ ঘৰতগৈ আমি খাম।

 ৰঙ্গিলী—সেইটো হব নোৱাৰে সতাই কাই! তহঁতে আজি আগেয়ে আমাৰ ঘৰত খাবহি লাগিব। তেহে কাইলৈ আমি তহঁতৰ ঘৰত খামহি।

 সৎৰাম- নহয়। তহঁতে আজি খাবহি লাগিব তেহে আমি গৈ কাইলৈ খাম। তহঁত যদি আজি নাহ, তেন্তে আমিও কাইলৈ নাযাওঁ, পৰহি মানলৈহে যাম।

 বঙ্গিলী- এ সতাই কা! কেলেই এনেকৈ কৱ? আমিতো তহঁতৰদৰে ধনী নহওঁ। আমি দুখীয়া মানুহ। দুই তিনদিনলৈ সাঁচি ৰাখি খুৱাবলৈ কৰপৰা চিৰা পিঠা পাম? সেইদেখি আজিয়েই আহ। [ ১৬ ]  সৎৰাম—যদি আজি লাগে তেন্তে তই এতিয়াই খাই যা।

 ৰঙ্গিলী—এ পায়! মই এই মাত্ৰ গলৰ গুৰিলৈকে এসোপা ভৰাই আহিছোঁ, ইয়াৰ ওপৰত নো কেনেকৈ খাম? কাবৌ কৰিছোঁ সতাই কা! এতিয়া নধৰিবি।

 সৎৰাম—তেন্তে ৰঙ্গিলি! আমিও আজি নাযাও আৰু কি জানি তহঁতৰ ঘৰলৈ খাবলৈ নাযামেই।

 ৰঙ্গিলী—সচা কৈছনে তাই কা?

 সৎৰাম— (মিচিককৈ হাঁহি) সঁচা কৈছোঁ।

 ৰঙ্গিলী-তেন্তে মইও কওঁ শুন। মইও আৰু তহঁতৰ ঘৰলৈ নাহিমেই তাৰ উপৰিও কেতেকী আৰু তোৰ লগত বিহু নাচিব গাবলৈ এৰিম।

 সৎৰাম সঁচা কৈ নে ৰঙ্গিলি?

 ৰঙ্গিলী— মইনো কেতিয়া মিছা কওঁ তোৰ আগত সতাই কা?

 সৎৰাম বাৰু তেন্তে আজি ভাটবেলীয়াই যাম, কিন্তু যদি আজি ভাটবেলীয়া পথাৰত বিহু হয় তেন্তে তই জানো নাচিবি?

 ৰঙ্গিলী— তহঁতে যদি আমাৰ ঘৰত খাৱ তেন্তে তহঁতক খুৱাই বুৱাই উঠি পাথাৰলৈ লগসমনীয়াৰে সৈতে বিহু গাবলৈ আৰু নাচিবলৈ যামতো।

 সৎৰাম— তেন্তে তহঁতৰ ঘৰত গৈ আজি খামগৈ অ। কিন্তু কচোন ৰঙ্গিলী আমাকনো কি কি খুৱাবি।

 ৰঙ্গিলী খাবলৈ গৈ বহিলেই পাবি নহয়।

 সৎৰাম— নহয় এতিয়াই ক আকৌ। তেহে তৈয়াৰ হৈ যাব পাৰোঁ। বৰু আন দিয় বা নিদিয় এটুপি ভাল ফটিকা দিব পাৰিবিনে?

 ৰঙ্গিলী— এ আমি আকৌ দুখীয়া মানুহেনো ভাল ফটিকা কত পাম। যি আছে তাকে দিম। [ ১৭ ]  সৎৰাম— বাৰু তই এতিয়া এই বছৰেকৰ বিহুৰ দিনা আমাৰ ঘৰলৈ আহি এনেয়ে তিতা মুখে গলে জানো ভাল? অলপ মদকে পি যা। পিবই লাগিব।

 এই কথা কৈয়েই সৎৰাম তৎক্ষণাৎ ভিতৰলৈ গৈ এবাটি মদ আনিলে। সৎৰামৰ মাক বাপেকেও ৰঙ্গিলীক আথবেথ কৰি মদ দিলে। ৰঙ্গিলীয়েও ইচ্ছাতে হওক বা অনিচ্ছাতেই হওক মদ বাটি পিলে। তাৰ পিছত তামোল এখন খাই কেতেকীক কলে— হেৰ কেতেকি। আহিবি দেই।

 কেতেকী—মই হলে পাই নেযাওঁ।

 ৰঙ্গিলী— কেলেইনো নাহিবি ঐ?

 কেতেকী— কেলেইনো তই মোক আগেয়ে নামাতি দাদাক মাতিলি?

 ৰঙ্গিলী— অ সেইটোহে জগৰ! বাৰু পায়! তোকে আগেয়ে মাতিলো। তই জৰুৰ আহিবি। খাই বৈ আকৌ আমি বিহু নাচিবলৈ যাম নহয়!

 কেতেকী— (হাঁহি হাঁহি) মই হলে পায় তোৰ ঘৰত গৈ নাখাৱোঁ আৰু তোৰ লগত বিহুও নানাচোগৈ।

 ৰঙ্গিলী— নহয় কেতকি। আহিবি আহিবি—এই বুলি কৈয়েই কেতেকীৰ মুখত চুমা এটা খাই ৰঙ্গিলী উঠি একেলৰে গৈ ঘৰ পালে।

 ভাটাবেলীয়া কথা মতে সৎৰাম আৰু কেতেকীয়ে ৰঙ্গিলীহঁতৰ ঘৰত চিৰা-পিঠা ইত্যাদি খালেগৈ আৰু খাই বৈ উঠি পথাৰলৈ গৈ ডেকা গাভৰু সকলোৱে বিহু পাতিলে। [ ১৮ ]

ষষ্ঠ অধ্যায়

⸺:০:⸺

অসমীয়াৰ বিহু কি?

 পাঠক! এইখিনিতে আমি “অসমীয়াৰ বিহু কি” এই বিষয়ে অলপ কবলৈ ওলালো। আপোনাসকলে হয়তো কব “এ আমি অসমীয়া যেতিয়াই বিহু কি বস্তু তাকতো জানোৱেই, মিছাই এই সোপা পঢ়াৰ আৱশ্যক কি?” আমি কওঁ-হে পাঠক পাঠিকাসকল! আপোনালোকৰ আৱশ্যক নহলেও আমাৰ এফেৰা আৱশ্যক আছে। সেই দেখি লিখিলো। যদি ধৈৰ্য্য ধৰিব নোৱাৰে তেন্তে এই হালিচা (আধ্যা) উপন্যাস নপঢ়িবই, তাত আমাৰ হানি নাই; আৰু বোধ কৰো আপোনাসকলৰৰ একো দইন নপৰে। অৱশ্যে যি সকলে পঢ়ে সেইসকলৰ এফেৰা লাভেই হব।

 ‘বিহু’ আমাৰ অসমীয়াৰ জাতীয় উৎসৱ-বাপতি-সাহন। বিহু বুলিলেই সকলো অসমীয়াৰ মনত যেনেকুৱা আনন্দ হয় আৰু ডেকা গাভৰু বিলাকব মন উত্ৰাৱল হয়, তেনেকুৱা আনন্দ আৰু উলাহ আন কোনো উৎসৱতেই নহয়। দুৰ্গোৎসৱ আজি অলপ দিনৰ পৰাহে আমাৰ নগৰে নগৰে সোমাইছে। গাঁৱে-ভূয়ে এতিয়াও ভালকৈ সোমাৱা নাই। ইয়াৰ কাৰণ দুৰ্গোৎসৱ অসমীয়াৰ আগৰেপৰা চলি অহা উৎসৱ নহয়; কিন্তু বিহুৰ উৎসৱ হলে অসমীয়াৰ নিজা সম্পত্তি-ই অসমীয়াৰ হাড়ে মগজুৱে লগা বস্তু। [ ১৯ ]  আমাৰ অসমীয়াৰ বিহু তিনটা। এটা কাতি মাহৰ পহিলা তাৰিখৰ আগদিনা। ইয়াক কাতি বিহু বোলে। এই বিহুত কেৱল মাত্ৰ তুলসী ৰুই আকাশ-বন্তি লগায়। ইয়াত খোৱা বোৱা বা আমোদ-প্ৰমোদ একো নাই। এই বিহুক এই কাৰণেই আমি “কঙালী বিহু” বোলোঁ।

 মাঘৰ পহিলা তাৰিখৰ আগদিনাৰ পৰা সাত দিনলৈকে মাঘ-বিহু। পুহ-মাহৰ ভিতৰতে অসমীয়া মানুহে পথাৰৰ শালি ধান দাই মাৰি শেষ কৰে; আৰু খেতিৰ উৎপন এই মহালক্ষ্মীগালেৰে চিৰা-পিঠা, সান্দহ ইত্যাদি ভোগ্য বস্তু বিহুৰ ছয় সাত দিনমানৰ আগৰেপৰা মাইকী মানুহে তৈয়াৰ কৰি ৰাখে। ডেকা লৰাবিলাকে প্ৰায় গোটেইটো মাহে হাবিৰপৰা বাঁহ আনি পথাৰত বা নৈৰ বালিত ঘৰ কেইটা মান সাজে। সেই ঘৰ চায় ধান খেৰেৰে বা ধানৰ নৰাৰে অথবা বিৰিণা হাবিৰে। বেৰ দিয়ে বিৰিণাৰে বা নৰাৰে, অথবা কল-চোঁচ-বিৰিনাৰে। এই ঘৰৰ কাষতে কাঠ-কুঠ গোটাই আনি ডেকাসকলে ডাঙ্গৰ সৰু কিছুমান মেজি সাজি ৰাখে। পুহৰ শেহ দিনটোৰ আগদিনাক উৰুকা বোলে। ডেকা লৰাবিলাকে ৰাতিপুৱাৰেপৰা ঘৰে ঘৰে চাউল মাহ পয়ছা তোলে। ভাটীবেলা হলে সেই গোটোৱা পয়ছাৰে বজাৰৰ পৰা ডাঙ্গৰ মাছ আৰু পাচলি কিনি আনি সেই পথাৰৰ ঘৰৰ ভিতৰত ৰন্ধা-বঢ়া কৰি সকলোবিলাকে লগ-ভাত খায় আৰু ওৰে নিশাটো ঢোল, খোল, টকা, পেপা বজাই, সেই ঘৰৰ ভিতৰতে মাজে মাজে গিৰিহঁতবিলাকৰ ঘৰৰপৰা চুৰ কৰি নিয়া কাঠেৰে জুই ধৰি জুই পুৱাই কটায়। কেৱে নোশোৱে। জুই পুৱাবলৈ খৰি হলে চুৰ কৰিহে নিয়ে। এই চুৰ কৰাটোত কোনো গিৰিহঁতে লৰা বা ডেকাহঁতক বিশেষ ক্ষতি নহলে একে গালি-শপনি নাপাৰে; কাৰণ ইও [ ২০ ] এটা আমোদৰহে কথা। প্ৰথম কুকুৰাই ডাক দিয়া মাত্ৰেই ডেকা বিলাকৰ সকলোটিয়েই হয় তাতে, নহয় ঘৰলৈ গৈ গা ধুই আহে আৰু যেয়ে পাৰে সেয়ে অগ্নি সেৱা কৰিবলৈ অলপ অলপ ঘৰৰপৰা ঘিউ লৈ আহে। যি গাঁৱত ব্ৰাহ্মণ থাকে সেই গাঁৱৰ সবাতকৈ বয়োজ্যেষ্ঠ ব্ৰাহ্মণ ডেকাজনে আগেয়ে মন্ত্ৰ মাতি ঘৰবিলাকত জুই লগাই দিয়ে। জুই জ্বলি উঠিলেই যেয়ে পাৰে সেয়ে এই মন্ত্ৰটো মাতি জুইলৈ ঘিউ ছটিয়াই দিয়ে। যি গাঁৱত ব্ৰাহ্মণ নেথাকে তাত অন্য বৰ্ণৰে ডেকা এজনে জানিলে মন্ত্ৰটো মাতে নাজানিলে “হে অগ্নি দেৱতা? ঘিউ লবা।” এই বুলিয়েই কলপাতৰ থোলাত ঘিউ লৈ দলিয়াই দিয়ে। মন্ত্ৰটো এই-

“অগ্নিং প্ৰজ্জ্বলিতং বন্দে চাতুৰ্বণ্যহুতাশনং।
সুবৰ্ণবৰ্ণং মমলং জ্যোতিৰূপায়তে নমঃ।”

 ঘৰত আৰু মেজিত জুই লাগি উঠিলেই ডেকাবিলাকে বিহুৰ ঢোল, তাল, পেপা বজাই চিঞৰিব ধৰে। এই প্ৰথম মাঘৰ আগদিনা গোটেই অসম জুৰি মেজি-ঘৰ বা হোম-ঘৰ পোৰা টকা আৰু ঢোলৰ শবদৰ লগত বাঁহৰ হিলৈবিলাক ফুটিবলৈ ধৰে। দৰাচলতে মাঘৰ বিহুৰ পুৱাৰ এই ঢোল টকাৰ শব্দ, মেজিবিলাকৰপৰা ধু-ধু বাঁহৰ হিলৈৰ শব্দ শুনিলে এটা কি যে আনন্দ অনুভব হয় কব নোৱাৰি। ইফালে প্ৰত্যেক গিৰস্থৰ ঘৰতত বুঢ়াসকলে গা-পা ধুই লৰাহঁতৰ মেজি-ঘৰ ওচৰত হলে মেজিকে পুৱা গৈ তাৰ পিছত আহি গোসাই ঘৰত বা নামঘৰত সেৱা পূজা কৰে বা নাম-গুণ লয়। এইদৰে মেজি পোৰা হলে, সেৱা পূজা কৰা আৰু নাম-গুণ লোৱা হলে তলতীয়া সকলে শ্ৰেষ্ঠসকলক দণ্ডৱৎ কৰি সেৱা কৰে। তাৰ পিছতহে সকলোৱে চিৰা পিঠা সান্দহ ইত্যাদিৰে জা-জলপান খায়। এই দিনৰ [ ২১ ] ভিতৰত কেৱে ভাত নাখায়। ভাটীবেলীয়া হলে উজনি অসমত ডেকা গাভৰুবিলাকে অলপ-চৰপ বিহু পাতে। নামনি অসমত হলে গাঁৱলীয়া ডেকাবিলাকে ঢেপ, হাউগুদু-নুগুদু, গছকপতি, মাটিকপতি ইত্যাদি খেল খেলে। বুঢ়াবিলাকৰ কেৱে কেৱে হয় লৰাহঁতৰ ধেমালিকে চায়গৈ, নহয় জানিলে চাৰিজন মানে লগলাগি দহ পচিশকে খেলে। জনাই পাশা দাও খেলে। এই যে মেজি পোৰা আৰু অগ্নি-সেৱা কৰা জাতীয় উৎসৱ ই দৰাচলতে বৈদিক কালৰ হিন্দুসকলে অগ্নিত নিত্য হৱন কৰা প্ৰথাৰে অৱশিষ্ট। এনেকৈ এখন প্ৰদেশ জুৰি এই দিনটোত মেজি পোৰা আৰু, অগ্নিত হৱন কৰা প্ৰথা আন প্ৰদেশত আছেনে নাই আমি কব নোৱাৰোঁ; কিন্তু আমাৰ অসমত এই প্ৰথা বাৰেওটিকাল চলি আহিছে। এই বিহুত সাত দিনলৈকে সকলোৱে নিজ নিজ ইষ্ট কুটুমক মাতি বুলি আনি জলপান খুৱায়। এই বিলাক কাৰণতে আমি মাঘৰ বিহুক “ভোগালি” বুলি কওঁ।

 মাঘ ফাগুণ এই দুমাহ গৈ চ’ত মাহ পৰিলেই আমাৰ গাঁৱলীয়া ডেকা-গাভৰুসকলৰ প্ৰায় তত নোহোৱাৰ দৰে হয়। শীত গৈ বসন্ত হয়। গছ-লতাই নতুন পাত মেলে। নানা বৰণৰ আৰু গোন্ধৰ ফুলবিলাক ফুলিবলৈ ধৰে। বিশেষকৈ কেতেকী ফুল ফুলি ঠায়ে ঠায়ে গোন্ধে আমোল্‌মোল্ কৰি তোলে। পৃথিবীয়ে যেনে নতুন বছৰত সোমাবলৈ নতুন সাজ-পাৰ পিন্ধিবলৈহে যো-জা লগায়। এই মনোমোহা দৃশ্যবিলাকত ডেকা-গাভৰু নিমগ্ন হৈ চ’ত-মাহৰ আৰম্ভৰেপৰা উজনি অসমত নিশা বিহু পাতি ফুৰে। আজিকালি ভাটী অসমত বিহুৰ নৃত্য-গীত নাই বুলিলেই হয়; কিন্তু নগাঁও আৰু সিপাৰে তেজপুৰকে আৰম্ভ কৰি (যদিও আগতকৈ পাতলিল আৰু কালত কিজানি পাতলি পাতলি নোহোৱা হবও পাৰে) এতিয়াও ঠায়ে ঠায়ে নিশা-বিহু আছে। [ ২২ ] কি গাঁৱৰ, কি নগৰত, সকলো মাইকী মানুহেই এই গোটেই চ’ত মাহটোত দিনত ধমাধম্ কাপোৰ বয়। বহাগৰ পহিলা তাৰিখৰপৰা বিহুৰ উৎসৱ আৰম্ভ হৈ সাত বহাগৰ গধূলিত শেহ পৰেগৈ।

 বহাগৰ পহিলা দিনৰ আগদিনা অৰ্থাৎ সংক্ৰান্তিদিনা ৰাতিপুৱা শুই উঠিয়েই সকলোবিলাক মানুহে মূৰত মাহ-বটা লয়, গাত হালধি ঘঁহে। ঘৰৰ সমস্ত গৰুকে সেইদৰে মূৰত মাহ-হালধি দিয়ে আৰু জাক পাতি হাতত দীগ্‌লতি, মাখিলতী, কুটা লাও-বেঙেনা লৈ গৰখীয়াহঁতে গৰু বিলাকক নি নৈ, বিল বা পুখুৰীত গা ধুৱাই আনে। গা ধুৱাই ওলোটাই আনিবৰ সময়ত গৰুবিলাকক সেই দীগ্‌লতি আৰু মাখিলতিৰে কোবায় আৰু লাও-বেঙেনাবিলাক গালৈ দলিয়াই দি দি গায় -“দীগ্‌লতি দীঘল পাত, মাখি মাৰো জাঁত জাঁত। মাৰ সৰু, বাপেৰ সৰু, তই হবি বৰ গৰু। লাও, খা, বেঙেনা খা বছৰে বছৰে বাঢ়ি যা।” ইয়াৰ পিছত গৰুবিলাকক চৰিবলৈ এৰি দিয়ে। সকলো মানুহেই গা-পা ধুই উঠি তলতীয়াজনে শ্ৰেষ্ঠজনক সেৱা কৰে। বয়সীয়ালসকলে পূজা সেৱা নাম প্ৰসঙ্গ কৰে। তাৰ পিছত মাতৃ, ভনী, স্ত্ৰী, কন্যা ইত্যাদি সকলে জনে জনে, যাৰ যথা সাধ্য গামোছা চেলেং, বা বৰকাপোৰ গিৰিহঁতক, লৰা-ছোৱালীক, আনকি ইষ্ট কুটুমকো দিয়ে। তাৰ পিছত সকলোৱে জা-জলপান খাই অলপ জিৰোৱা হলেই ওপৰ অসমত ডেকা গাভৰুৱে পথাৰত বিহু গায়গৈ। নামনি অসমত ঢোপ, হাউগুদু-নুগুদু ইত্যাদি খেলে। ঘৰত থকাসকলে কড়ি খেলে। ভাটীবেলীয়া দৈৱজ্ঞ ব্ৰাহ্মণসকলে ঘৰে ঘৰে নতুন পঞ্জিকা শুনায়। ব্ৰাহ্মণসকলে নাহৰ গছৰ পাতত এই মন্ত্ৰটো লিখি ঘৰে ঘৰে দিয়ে—

“দেৱ দেৱ মহাদেৱ! নীলগ্ৰীৱ, জাটাধৰ।
বাত বৃষ্টি হৰো দেৱ মহাদেৱ নমস্তুতে।”

[ ২৩ ]  এই নাহৰৰ পাত ঘৰৰ চালত খুঁহি ৰাখে। গধূলি হলে গৰু বিলাকক আগৰেপৰা যতনাই থোৱা নতুন পঘাৰে বান্ধে। গোহালিৰ আগত তুঁহ, কপাহগুটি, দীগ্‌লতি, মাখিলতী ইত্যাদিৰে এটা ধোৱাৰ জাগনি দিয়ে। সেই জাগনি নতুন বিচনীৰে বিছে। জাগনি বিছিলেহে হেনো নতুন বিছনি শুদ্ধ হয়। শুদ্ধ হলেহে সেই বিচনীৰ বা মানুহে লয়। দ্বিতীয় বিহুৰ দিনা গধূলি হুচৰি গোৱা দলবিলাকে ঘৰে ঘৰে হুচৰি গাই ফুৰে। ডেকা গাভৰুৱে এই সাত দিনে পথাৰত, নৈৰ বালিত, ঝোপৰ আৰত, বিহু গাই নাচি বাগি ফুৰে। সাতবিহুৰ দিনা ওপৰ অসমত বিহুৰ নাচ-গীত কৰি গধূলি বিহু ভাঙ্গে।

 আমি যিবিলাক বিৱৰণ দিলো এইবিলাক আজি কালিৰ দিনৰহে। কিন্তু এশ বছৰৰ আগেয়ে বিহুৰ উৎসৱ আৰু নৃত্য গীত গোটেই অসম জুৰি আছিল। এই বিহুৰ নৃত্য গীততেই ডেকা গাভৰুৰ প্ৰণয় উদ্ভব হৈছিল; আৰু এই প্ৰণয়তেই যি ডেকাই যি জনী গাভৰুক ভাল পায় সেই জনীক নি নিজৰ জীৱনৰ লগৰী কৰিছিল। এই নৃত্য গীত আৰু প্ৰণয়ত পাশবিকতাৰ ভাব হলে নাছিল বুলি আমি ডাঠি কব পাৰোঁ। সেই সময়ত বিহুৰ নৃত্য গীতত একো অশ্লীলতা নাছিল। গীত গাব আৰু নাচিব জনাটো এটা গুণৰ ভিতৰতহে গণ্য হৈছিল। বিবাহ, ডেকা গাভৰুৰ মনোমিলনৰ পিছতহে সম্পন্ন হৈছিল। এই বিলাক কাৰণেও সেই সময়ৰ মানুহ সুস্থ, আৰু দীৰ্ঘজীৱী আছিল। কিন্তু আজি-কালি বিহুত হেনো অশ্লীলতা সোমাল। ভাটীৰ ফালে যে বিহুৰ নৃত্য গত নোহাৱা হলেই উজনি অসমতো কমিল। আন কি স্বভাৱৰ অজলা মিৰিহঁতেও হেনো বিহুৰ নৃত্যগীত বেয়া ভাবি এৰিবলৈ কাৰবাৰ লগাইছে। এইবিলাক শুভ নে অশুভ লক্ষণ [ ২৪ ] আমি কব নোৱাৰোঁ। কিন্তু আমাৰ মনেৰে হলে অশ্লীল গীত গুচাই তাৰ ঠাইত সাধাৰণ, স্বাভাবিক গীত দি বিহুৰ নৃত্য গীত ৰক্ষা কৰাহে শ্ৰেয়। তেহে অসমীয়াৰ অসমীয়াত্ব ৰক্ষা পৰিব।

সপ্তম অধ্যায়

⸺:০:⸺

নৈৰ ঘাটত

 ফাগুণ মাহ। ভৰ বসন্তৰ কাল। গছবিলাকে দুই চাইটা কুঁহি পাত মেলিছে। ৰূপহ মদাৰ গছবিলাক ফুলি জক্‌মকীয়া হৈছে। বিৰহী কুলিয়ে ঠায়ে ঠায়ে ‘কুউ” “কুউ” কৰি ৰৈ ৰৈ মাতিছে। মাজে মাজে এছাটি আদছাটি বতাহ বইছে। এই সময়ত এদিন ভাটীবেলীয়া আমাৰ ডেকা শান্তিৰামে দিখৌ নৈৰ জয়সাগৰ গাঁৱৰ পানী অনা ঘাটৰ সোঁহাতে প্ৰায় পাঁচনল মানৰ আঁতৰত অকলৈ অকলৈ গৰাৰ তলত বহি বৰশী বাইছে। তেওঁ এইদৰে বৰশী বাই থাকোতে সিফালৰপৰা কাষত পিতলৰ কলহ এটা লৈ আমাৰ পদুমী আজি অকলৈ পানী নিবলৈ আহিল। আন আন দিনত হলে পদুমী অকলৈ কেতিয়াও নৈৰ ঘাটলৈ নাহিছিল। কিন্তু আজি কি ক্ষণত কি কাৰণত কব নোৱাৰি, তেওঁ অকলৈ নৈলৈ পানী নিবলৈ আহিল। বৰশী বোৱা শান্তিৰামে পদুমী অলপ ডাঙ্গৰ [ ২৫ ] হবৰেপৰা প্ৰায় নিতৌ ঠিক এনেকুৱা সময়ত দিখৌত বৰশী বাইছিল; আৰু তাৰ লগে লগে মাটিৰ আঠো আঙ্গুলিলৈকে জ্বলা ৰূপহী পদুমীৰ ৰূপ-মাধুৰী পান আৰু লাৱণ্য ধ্যান কৰিছিল। কিন্তু কোনো দিনেই আজিলৈকে পদুমীক অকলে নৈৰ ঘাটলৈ অহা নাপাইছিল। বৰশী বাওঁতে শান্তিৰামক গাঁৱৰ জীয়াৰী বোৱাৰীয়ে সদায় দেখিছিল আৰু তেওঁৰ প্ৰতি মাহীয়েকৰ ব্যৱহাৰৰ বিষয়ে কোৱা-কুইও কৰিছিল। তেওঁ প্ৰায় সকলোকে চিনিছিল আৰু তেওঁকো লৰা ছোৱালী-জীয়াৰী ডেকা গাভৰু সকলোৱে জানিছিল। মাজে সময়ে তেওঁ কাৰো কাৰো সৈতে কথা-বতৰাও হৈছিল; কিন্তু পদুমীৰ লগত হলে কোনো দিনেই তেওঁ কোনো কথা-বতৰা পাতিবৰ সুবিধা পোৱা নাছিল। ইয়াৰ কাৰণ তেওঁৰ নিজৰে লাজকুৰীয়া স্বভাৱ আৰু পদুমীৰ গহীন স্বভাৱ। হঠাতে পদুমীৰ লগত কথা কবলৈ চুপ-চুপতি কৰিবলৈ শান্তিৰামৰ সাহ নহৈছিল। গাঁৱব ৰাংঢালী দুই চাৰিজনী মাইকীয়ে শান্তিৰাক আমাৰ “বৰশী বোৱা কানাই” নামো দিছিল।

 আজি নো কি ভাগ্যৰ গুণত পদুমী ঘাটলৈ অকলৈ আহিল! শান্তিৰামে অৱশ্যে সদায় ৰূপহী পদুমলৈ সতৃষ্ণ নয়নে চাইছিল। পদুমীয়েও আন আন মাইকীৰ মুখে শুনিছিল যে শান্তিৰামৰ মাহীয়েকে শান্তিৰামক কষ্ট দিছিল। কিন্তু এই কথা শুনি পদুমীৰ শান্তিৰামলৈ কোনো সহানুভূতি ভাব হৈছিল নে নাই আমি থিৰাং কৰি সদ্যহতে কব নোকাৰিছো। কিন্তু মনোবিজ্ঞানে কয় যে এজন সজিব ওলোৱা ভাবব ঢৌৱে আন এজনৰ মগজুত বিশেষ যাৰ বিষয়ে ভবা যায় সেইজনৰ মগজুত হেনো অলপ অচৰপ ক্ৰিয়া কৰে। যদি এই কথা সঁচা হয়, তেনেহলে শান্তিৰামে যদি পদুমীৰ বিষয়ে কিবা ভাবিছিল, তেনেহলে সেই ভাবৰ ঢৌৱে পদুমীকো শান্তিৰামৰ বিষয়ে অলপ [ ২৬ ] নহয় অলপ ভবাইছিল। যি কি নহওক এই বিষয়ে আমি লাহে লাহে পিছতহে সঠিককৈ জানিব পাৰিম।

 পদুমীয়ে গৰাৰপৰা নামি আগে-পাছে, সোঁৱে-বাঁৱে কোনো ফাললৈ চাই পানীৰ জিয়লিলৈ নামি গৈ পোন প্ৰথমে হাতে মুখে একো চল পানী লৈ কলহটো অলপ ঘঁহি মাজি পানী ভৰাই গৰাৰ উপৰলৈ উঠি আহিব ধৰিলে। কিন্তু গৰাৰ ওপৰলৈ উঠি আহিবলৈ ধৰোতে ভৰি অলপ পিছলিল। কাষৰপৰা কলহটো লৈ দুয়োহাতে ধৰি ওপৰলৈ তুলিব খোজেহে খোজে, দেখোন নোৱাৰে। কাৰণটো কি? বৰশী বোৱা কানাইয়ে মন্ত্ৰ কৰি স্তম্ভন কৰিলেনে কি? নে চকুৰে নজৰ-বাণকে মাৰিলে! পাঠক! একো কব নোৱাৰোঁ। মানুহে কয় বোলো অসমত মন্ত্ৰৰ বৰ বল। অসমীয়া মানুহে আগেয়ে হেনো মৰণ, উচাটন, স্তম্ভন, বশীকৰণ, সন্মোহন ইত্যাদি বিষয় জানিছিল। হব পাৰে এই কথা। নহবও পাৰে। যি কি নহওক আজি আমাৰ পদুমী আইদেউ উপায়হীন সহায়হীন। তেওঁৰ এই বিপত্তি দেখি আমাৰ কানাইয়ে যৰে বৰশী ত’তে এৰি লৰি আহি কলে—“পদুমি! মোক কলহটো দিয়া। তুমি ওপৰলৈ উঠি যোৱা। মই কলহটো তুলি দিওঁ।” পদুমীয়ে কথাষাৰৰ একোকে উত্তৰ নিদি শান্তিৰামক কলহটো এৰি দি গৰাৰ ওপৰলৈ উঠিল। শান্তিৰামে কলহটো উলাই মাৰি গৰাৰ ওপৰলৈ তুলি ততাতৈয়াকৈ কলে- “পদুমি! খং নকৰা যদি কথা এষাৰ কওঁ। ওচৰত কোনো নাই। কম নে?” পদুমী—“কোৱা।” শান্তিৰাম—“তেন্তে মই কওঁ শুনা, খং নকৰিবা তুমি। মই তোমাক ভাল পাওঁ। মোৰ জীউটোতকৈও ভাল পাওঁ। তুমি মোক ভাল পোৱানে?” শান্তিৰামৰ এই কথাষাৰত পদুমীয়ে কোনো উত্তৰ নিদি, মুখতো ৰং বা খঙ, কোনো ভাবকে [ ২৭ ] নেদেখুৱাই, শান্তিৰামৰ মুখৰ ফালে এবাৰ মাথোঁ। গম্ভীৰ ভাৱে চাই কলহটো ডাঙি লৈ ঘৰৰ ফাললৈ খোজ ললে। পদুমীৰ এই আচৰণত শান্তিৰাম কিংকৰ্তব্যবিমূঢ় হ’ল!

অষ্টম অধ্যায়

⸺:০:⸺

সৎৰামৰ ঘৰত

 এই ফাগুন মাহৰে এদিন গধূলি সৎৰাম ৰজাঘৰলৈ যোৱাৰ অলপ পিছতে সিফালৰ গাঁৱৰপৰা ডেকা এজনে বেগাবেগিকৈ আহি মাতিব ধৰিলে ‘সতাই দা! সতাই দা! ঘৰত আছানে?” তাৰ এই মাত শুনি সৎৰামৰ ভনীয়েক কেতেকীয়ে লৰি পদূলিৰ মুখলৈ আহি কলে—“কেলেই সতাই দাক হোঁ? সতাই দা এই মাত্ৰ ওলাই গৈছে।” তাইৰ এই কথাত ডেকাজনে কলে—“তেওঁ যাবৰ কিমান পৰ হ’ল কেতেকি? মোৰ আজি পলমেই হল হবলা। স্বৰ্গদেউ ঈশ্বৰে আজি মোক কিজানি বেয়াকে বুলিব। মই যাওঁগৈ দেই কেতেকি?

 কেতেকী— অ’ ৰবাচোন জয়ৰাম। এটা কথা শুনি যোৱা।

 জয়ৰাম- কি কথা কেতেকি! শীঘ্ৰে কোৱা। মই সৰহ বেলি ৰব নোৱাৰোঁ। [ ২৮ ]  পাঠক-পাঠিকাসকল! আমি এই খিনিতে জয়ৰামৰ যাবলৈ খৰধৰ লাগিলেও এফেৰা তেওঁৰ পৰিচয় দিবলৈ বাধ্য হলোঁ—এই ডেকাজন গাঁৱৰে এজন চাওডাঙৰ লৰা। তেওঁৰ বাপেকৰ নাম মিঠাৰাম। তেওঁলোকে জোৰান্তৰ ঘৰৰ। জয়ৰামৰ, মাক বাপেক, দুটা সৰু ভাই, আৰু এজনী ভনী আছিল। বাপেকে ৰজাঘৰৰ মহ ৰাখে। সেইবাবে ৰজাঘৰৰপৰা দুটা কাড়ি পাইক আৰু চাৰি পুৰা নিষ্কৰ মাটি বৃত্তি পাইছিল। জয়ৰামৰ বয়স প্ৰায় একুৰি। বেছ হৃষ্ট-পুষ্ট, বলিষ্ঠ, আহোম লৰা। দেখিবলৈকো ধুনীয়া। তেৱোঁ প্ৰায় সততে গধূলি হলে সৎৰাম, শান্তিৰাম, মনাই, এই তিনিজনৰ লগত ৰজাঘৰলৈ গৈ স্বৰ্গদেৱৰ লগত নিশা স্বৰ্গদেৱৰ ভোজনৰ সময়লৈকে ৰং-ধেমালি কৰি কাল কটাইছিল। স্বৰ্গদেৱে এনেকুৱা লগ সমনীয়াসকলক চপাই লৈ নিতৌ নিশা আমোদ-প্ৰমোদ কৰিছিল।

 কেতেকী— বাৰু জয়ৰাম কাই! তুমি মোক সচাকৈ কোৱাচোন তোমালোকে ৰজাঘৰলৈ গৈ নিতৌ নিশা কি কৰা ককাইদেউক সুধিলে তেওঁ মোক ভেকাহি মাৰি দিয়ে, সেইদেখি আজি তোমাকে সুধিলো, মোক সঁচা কথা কব লাগিব।

 জয়ৰাম— সঁচাকৈ কৈছো কেতেকি! আমি স্বৰ্গদেৱৰ লগত দহ পচিশ খেলো। কেতিয়াবা নানা ফুচুৰি হাঁহি-উঠা কথা-বতৰা পাতো;

 কেতেকী— তাত তোমালোকে মদ ফটিকা নোখোৱানে?

 জয়ৰাম— স্বৰ্গদেৱে দিলে আমি খাওঁতো।

 কেতেকী— বাৰু কোৱাচোন জয়ৰাম কাই! তোমালোকে ৰজাঘৰীয়া ধুনীয়া ধুনীয়া লিগিৰীহঁতে সৈতেও ধেমালি-ধুমুলা নকৰানে? অন্ততঃ চুপতি নাপাতানে? [ ২৯ ]  জয়ৰাম— যোৱা কেতেকি! তুমি আমাক লিগিৰীহঁতে সৈতে ধেমালি কৰাটোহে ভাবি থাকা। তুমি আৰু ঠেট্টা কৰিবলৈকো নেৰা।

 কেতেকী— মই ঠেট্টা কৰিলে বেয়া পোৱানে কি? মই আকৌ সঁচা কথাকেহে কৈছে।

 জয়ৰাম— সই হলে কেতেকি! লিগিৰীসকলে সৈতে কোনো ভাব কৰা নাই। মই, লিগিৰীহঁতক ভাল নাপাওঁ। মই দেখোন তোমাকেহে ভাল পাওঁ। তোমাকেহে সমাজিকতে দেখো মই তোমাকেহে বিয়া কৰাব খুজিছো কেতেকি!

 কেতেকী— সঁচাকৈয়ে কৈছানে?

 জয়ৰাম— মই মিছা কোৱা নাই। পিছত তুমি জানো মোত বিয়া সোমাবা?

 কেতেকী— “মই কব নোৱাৰো। মই যাওঁগৈ” এই বুলি কেতেকী যাবলৈ ওলাওঁতেই জয়ৰামে মাত লগালে—“নেযাবা নোযাবা কেতকি। কথা এটা শুনি যোৱা মোৰ ভোটাতৰাটী।”

 কেতেকী— “কেলেইনে ঠেট্টা কৰা দেওহে।”

 জয়ৰাম— “মই ঠেট্টা কৰা নাই। পিছত আজি লৰালৰিকৈ ঘৰৰ পৰা আহিলোঁ। তামোল-চালি এখনো খবলৈ নাপালো। এখন তামোলকে দিয়া কেতকি।” কেতেকিয়ে বিহাৰ আচলৰপৰা খুবিওৱা তামোল এখন দিলে। জয়ৰামে কলে— “তেন্তে গাওঁগৈ দেই কেতেকি। পিছত যাবৰ পৰত তামোলৰ লগতে যে আৰু এটা বস্তু লাগে।”

 কেতেকী— কি বস্তু।

 জয়ৰাম— এটা চুমা।

 কেতেকী— “মই এতিয়াই তোক চুমা দিব নোৱাৰে। যি দিনা তুমি মোক দস্তুৰমতে চকলং পাতি বিয়া কৰাই নিবা সেই দিনাহে [ ৩০ ] যিমান পাৰোঁ তোমাক চুমা দিম।” এই বুলি কৈয়েই কেতেকীয়ে চাত কৰি ঘৰৰ ফাললৈ লৰি গল। জয়ৰাম ৰজাঘৰৰ ফাললৈ খোজ ললে। খোজ লোৱাৰ লগে লগে বাটে বাটে কেতেকীয়ে শুনাকৈ গালে-

(১)
ৰূপৰ সাগৰত মজলি সোণাই ঐ
ৰূপতে ঘুণীয়া হলু,
তোমাৰ ৰূপকে গুণোতে ভাবোতে
বলীয়া হোৱাদি হলুঁ।
(২)
ঢাৰি পাৰি ঠেৰেজু লেখোঁ প্ৰাণেশ্বৰি।
পাটী পাৰি ঠেৰেজু লেখোঁ,
তোমাৰে নিচিনা ৰঙা বৰণীয়া
ৰাতি সমাজিকত দেখোঁ।
⸻⸻

[ ৩১ ]

নবম অধ্যায়

⸺:০:⸺

বিচিত্ৰী

 এই জয়সাগৰ গাঁৱতে ভদ নামেৰে এজন চুতীয়া ভাল মানুহো আছিল। তেওঁ ৰজাঘৰত চাংমাইৰ কাম কৰিছিল। তেওঁৰ ভাই ককাই কেও নাছিল। সংসাৰত তেওঁৰ সহধৰ্ম্মিণী, বিচিত্ৰী নামেৰে এজনী পোন্ধৰ বছৰ বয়সীয়া জীয়াৰী আৰু নোমল নামেৰে এটা এঘাৰ বছৰ বয়সীয়া লৰা আছিল। তেওঁৰ মাহেকত সাত দিন মাথোন ৰজাঘৰত নিশা ভাত ৰন্ধাৰ পাল আছিল। ঘৰৰ বন-বাৰী তেওঁৰ ঘৈণীয়েক আৰু জীয়েক বিচিত্ৰীয়ে কৰিছিল। তেওঁ সপৰিবাৰে খাবলৈ ৰজাঘৰৰপৰা ৰোজ পাইছিল। সেই দেখি তেওঁ নিজে কোনো খেতি-বাতি কৰিব লগা নাছিল। ঘৰত চাৰি পাঁচ জনী গাই খিৰাইছিল। সেই গাই তেওঁৰ পুতেক নোমলে চাৰিছিল বান্ধিছিল। জীয়েক ঘৈণীয়েকে ৰন্ধা-বঢ়া বোৱা-কটা ইত্যাদি কাম কৰিছিল। এই দৰেই তেওঁৰ গৃহস্থি সুখৰ আছিল।

 তেওঁৰ জীয়েক বিচিত্ৰী পূৰ্ণযৌৱনা হলেও তেওঁ জীয়েকক বিয়া দি উলিয়াই দিবলৈ অথবা ঘৰতে লৰা এটা হলেও চপাই লবলৈ কোনো কাৰবাৰকে কৰা নাছিল। তেওঁ ভাবিছিল তেওঁৰ জীয়েক সৰু; সেই দেখি, আৰু বিশেষকৈ জীয়াৰীৰ হাতে কৰা-মেল খাবলৈ পাই তেওঁ জীয়েকৰ বিষয়ে ভবাই নাছিল। [ ৩২ ] জীয়েকে কিন্তু যেতেকে এমাহ দুমাহকৈ পোন্ধৰ বছৰ পাৰ হৈ ষোল বছৰত ভৰি দি এখোজ-দোখোজকৈ পূৰ্ণযৌৱনৰ ফালে আগবাঢ়িছিল, তেতেকে তাইক ফাগুণমহীয়া বতাহে, কুলিৰ মিঠা মাতে, ফুলি থকা ফুলৰ সৌৰভে, আৰু দৃশ্যে, মতলীয়া কৰি তুলিছিল। তাইৰ যেন কিবা এটা অভাব আছে, এইটো তাই বৰকৈ অনুভব কৰিছিল।

 ফুল ফুলিলে যেনেহলেও যৰে তৰেপৰা এটা আদখন ভোমোৰা ওলায়হি। এইটো প্ৰকৃতিৰ নিয়ম। যদিও বিচিত্ৰী ফুলৰ জন্মদাতা ভদ চাংমায়ে পৰাপক্ষত কোনো ভোমোৰাকে ফুলজুপীৰ ওচৰ চাপিবলৈ নিদিছিল, তথাপি লাঠুৱা ভোমোৰাই ছেগ বুজি সেই ফুলৰ ওচৰে-সামৰে ঘূৰি ফুৰিবলৈ ত্ৰুটী কৰা নাছিল। আজি প্ৰায় বছেৰেক মানৰে পৰা সেই গাৱৰে মনাই নামেৰে ডেকা এজনে ভদ চাংমাই ঘৰত নাথাকি ৰজাঘৰলৈ গধূলিতে ভাত ৰান্ধিবলৈ যোবা গম পালেই বিচিত্ৰীৰ ওচৰ চাপি তাইৰে সৈতে প্ৰেমালাপ কৰিবলৈ, তাইক তাৰ অকপট প্ৰেম জনাবলৈ কম কৰা নাছিল। তাইও মনাইক নিজৰ জাতৰ কুলৰ ভাল ডেকা বুলি জানি তাৰ প্ৰেমালাপত অসন্তুষ্ট নহৈছিল। মাক বাপেকহঁতে নজনাকৈয়ে উভয়ে উভয়ৰ প্ৰেমৰ ডোলত বান্ধ খাইছিল।

 এই মনাইও গধূলি হলে ৰজাঘৰলৈ গৈ সি কেইজনে সৈতে ৰজাৰ আগত অমোদ-প্ৰমোদ কৰি কাল কটাইছিল।

[ ৩৩ ]

দশম অধ্যায়

⸺:০:⸺

শান্তিৰামৰ অশান্তি

 নৈৰ ঘাটত পদুমীক নিজৰ প্ৰণয়-সম্ভাষণ জনাই কথাষাৰৰ কোনো উত্তৰ তাইৰ মুখৰপৰা নাপাই শান্তিৰাম মহা গুণাগথা, ভয় আৰু চিন্তা হৈছিল। ভয় হৈছিল—জানোবা পদুমীয়ে সেই কথাষাৰ ঘৰত মাক-বাপেকক কৈ দুয়ো ঘৰৰ ভিতৰত মহা দন্দ, উৎপাত অনৰ্থ লগায়। লাজ অপমান নিৰাশা এটাইবিলাকেই তেওঁক বেঢ়ি ধৰিছিল। তেওঁ ভাবিলে পদুমীয়ে তেওঁক দেখিব নোৱাৰেনে কি? সেইবাবে খঙতে একো উত্তৰ নিদিলে। খঙ বুলিবলৈকো তাইৰ মুখৰ চেহেৰাইতো কোনো খঙ বুজোৱা নাছিল! পদুমীয়ে প্ৰণয় বা ভালপোৱা বোলা এটা বস্তু এতিয়াও বুজা হোৱা নাইনে কি? তালৈকো দেখোন তাই পূৰ্ণযৌৱনা! বয়স পোন্ধৰ উকলি ষোলত সোমাইছে। তাই আন কোনোবা ডেকাকহে ভাল পায়নে কি? ক’তা, সেই বিষয়েও দেখোন গাঁৱত কোনো ঘুনুক-ঘানাক্ কথা শুনা নেযায়। তাই বৰ অহঙ্কাৰী নে কি? ক’তা, কলহটো তুলি দিবলৈ ধৰোতে কোনো অহঙ্কাৰকে দেখুৱা নাছিল। তাই সি ফৈদৰ জীয়াৰী। সেই দেখিয়েই তেওঁক বেয়া পায় নে কি? ক’তা! সেই বিষয়েও দেখোন একো নকলে। ইত্যাদি ভাবি চিন্তি একো উৱাদিহ নেপালে। ওৰে ভাটীবেলাটো ঘৰত ঢাৰি-পাটীত পৰি পৰি ভাবিলে ভাবি ভাবি একো ওৰ নাপালে। এবাৰ ভাবিলে—“এঃ তাইনো মোৰ কোন? বা [ ৩৪ ] তাইক আৰু নেভাবোঁ।” কিন্তু যিমানেই “নেভাবোঁ নেভাবোঁ”, বুলি মনত পাঙে, সিমানেই তাইৰ সুন্দৰ মুখখনি, গজেন্দ্ৰগামিনী খোজটো, মনৰপৰা আঁতৰ নহয়। সেই ওৰে নিশাটো তেওঁ ভালকৈ শুব নোৱাৰিলে। ভাবি ভাবি মনত স্থিৰ কৰিলে যে এই কথাটোৰ সমিধান তেওঁৰ লগৰীয়া বন্ধ সৎৰামৰপৰা নাপালে আৰু আন ঠাইত পাবলৈ নাই—যিহেতু সৎৰাম বৰ বুধিয়ক। এই কথা ভাবি-চিন্তি পিছদিনা দুপৰীয়া তেওঁ খাই বই উঠি সখিয়েক সৎৰামৰ ঘৰলৈ আহিল।

 যি সময়ত শান্তিৰামে সৎৰামৰ ঘৰৰ দুৱাৰমুখত ঠিয় হৈ মাত লগাইছিল—‘সখি! ঘৰত আছানে, সেই সময়ত সৎৰামে চ’ৰাঘৰৰ, নিজৰ শোৱনি খোঁটালীটোত বান্দৰ এটাক কিবা কিবি শিকাই আছিল। মাক ভনীয়েক উভয়ে ঘৰৰ খোৱা-লোৱা কাৰবাৰত ব্যস্ত আছিল। বাপেক ৰজাঘৰলৈ গৈছিল। শান্তিৰামৰ মাত শুনা মাত্ৰকে বান্দৰটোক তাৰ নিজ ঠাইত বন্ধি থৈ সৎৰামে মিচিককৈ হাঁহি এটা মাৰি আগবাঢ়ি ওলাই আহি কলে—“সখি! আজিনো আমাৰ কি ভাগ্য যে তুমি এইখিনি পালাহি।”

 শান্তিৰাম –“সখি! বৰ লেঠা এটাত পৰি তোমাক বুধি এটা সুধিবলৈ আহিলোঁ।

 সৎৰাম-“এৰা সখি! লেঠাত নপৰিলে হঠাত আমাৰ এইখিনি পালাহিহেতেন জানো? গল নিশা ৰজাঘৰলৈকো নগল। আজিকালি তোমাৰ ধাউতি গাঁও-ভূইৰ গাভৰুসকললৈহে। দুখীয়া লগ সমনীয়াকনো কেলেই লাগিছে?”

 শান্তিৰাম - ‘যোৱা সখি! তোমাক মই বুধি সুধিবলৈ আহিলোঁ। মই কোনো কথা কবলৈ নৌ পাওঁতেই তুমি আৰু আমাক দুখীয়া দেখি পেংলাইহে কৰিবলৈ ধৰিলা।” [ ৩৫ ]  সৎৰাম —“সখি! বেয়া পালানে কি? বাৰু আহা, আহা, বেয়া নাপাবা।” এই বুলি সৎৰামে শান্তিৰামক হাতত ধৰি লৈ গৈ নিজৰ বিছনাত বহুৱালে; আৰু কোনো কথা-বতৰা হোৱাৰ আগেৰেই সৎৰামে ভিতৰলৈ গৈ কলহৰপৰা ঢালি দুবাটি ফটিকা আনি এবাটি সখিয়েক শান্তিৰামক পিয়ালে আৰু আন বাটি নিজে পিলে। তাৰ পিছত সখিয়েকক তামোল এখন খুৱালে আৰু ধপাত এচিলিমো খুৱাই লৈ কলে— “কোৱা সখি! গাঁৱে-ভূৱেনো কত কি লেথা লগালা। কোনজনী গাভৰুতনো মজিলা।”

 শান্তিৰাম—“সখি! তোমতনো আৰু কি লুকাম। তুমি জানাই। মই সদায় দিখৌত আমাৰ হিন্দু চুবুৰিৰ ঘাটত বৰ বাওঁ।

 সৎৰাম - “জানে তো; আৰু তাৰ লগে লগে এইটোও জানো যে তুমি গাঁৱৰ সকলোবিলাক গাভৰুৰে ৰূপ লাৱন্য ধ্যান কৰা। গাঁৱৰ গাভৰুবিলাকেও তোমাক “বৰশীবোৱা কানাই” বুলি মাতে।

 শান্তিৰাম –“সখি! দৰাচলতে তুমি বৰ টেঙৰ। মই কবলৈ নৌ পাওঁতেই দেখোন তুমি আগচা।”

 সৎৰাম -“সখি! টেঙৰ হব নোৱাৰিলে আজি-কালি সংসাৰত ৰব নোৱাৰি। টেঙৰ নহলেনো কেনেকৈ সদায় আমাৰ স্বৰ্গদেৱক সন্তোষ দিম? বাৰু। মই আৰু আগ নেভেটো, তুমি কোৱা।”

 শান্তিৰাম- “সখি! সঁচাকৈয়ে মই বৰশী বোৱাৰ লগে লগে গাৱৰ এটাইবিলাক গাভৰুক চাওঁ। এটাইবিলাকৰ ভিতৰতে মই তোলন কাকতীৰ জীয়েক পদুমীক ধুনীয়া দেখি আজি এবছৰে তাইৰ প্ৰেমতে মজিলোঁ, ডুবিলোঁ। কি হল সখি! কব নোৱাৰোঁ। খাওঁতে, শোওতে, উঠোতে, বহোঁতে কেৱল তাহলৈহে মনত পৰে। পিছত গল কালি আজি এবছৰে চুপ চুপি তাইক ঘাটত অকলৈ লগ পাই [ ৩৬ ] কৈ পেলালো— “পদুমি! মই তোমাক ভাল পাওঁ। তুমি ভাল পোৱানে?” তাই দেখোন মোৰ কথাষাৰত কোনো উত্তৰ নিদি গুচি গল। কি জানি তাই বেয়া পাই মাক বাপেকক মই তাইক নৈৰ ঘাটত জোকালো বুলি লগাই দি অনৰ্থ ঘটায়! কি জানি তাই মোক ঘিণ কৰে। সখি! মই একো উৱাদিহকে পোৱা নাই।”

 সৎৰাম—“বাৰু সখি! কোৱাচোন গাঁৱৰ মানুহে তাই কেনে বিধৰ ছোৱালী বুলি কয়।

 শান্তিৰাম –“গাৱৰ মানুহৰ কেৱে কেৱে কয়—তাই হেনো অহঙ্কাৰী বিধৰ ছোৱালী। কেৱে কেৱ কয় তাই হেনো গহীন বিধৰ।, সখি। কোনটো সঠিক মই হলে কব নোৱাৰে।

 সৎৰাম—“বাৰু সখি! আৰু এটা কথা সেধো। তুমি যে তাইক ভাল পোৱা সেইটো নো কি বিধৰ? তুমি তাইৰে সৈতে গোপন পীৰিতি কৰিব খোজা, নে তাইক জীৱনৰ লগৰী কৰি লব খোজা?

 শান্তিৰাম—“সখি! তাইক মই মোৰ জীৱনৰ লগৰী, ধৰ্মপত্নী স্বৰূপেহে পাবলৈ খোজোঁ। তাইলৈ মই কোনো পাপ ভাব কৰিব নোৱাৰোঁ।”

 সৎৰাম –“সখি! বুজিলোঁ৷ তোমাৰ হৃদয়ৰ কথা। তুমি তাইকে মন প্ৰাণ সমৰ্পিলা। তোমাক তোমাৰ যৌৱনৰ তেজে আৰু তাইৰ ৰূপ-মাধুৰীয়ে তাইৰ গোলাম কবিলে! কিন্তু সখি! তোলন কাকতী দেখোন আমাৰ বিপক্ষ বুঢ়াগোহাঁইৰ ফৈদৰ মানুহ। তোলনে তাৰ জীউতো গলেও তাইক তোমালৈ নিদিয়ে। তেনেকুৱা স্থলত তুমি তাইৰ আশা এৰা ভাল। তাইৰ নিচিনা বা তাইতকৈও কত ভাল ধুনীয়া ধুনীয়া ছোৱালী পাবা।”

 শান্তিৰাম—“সখি! অৱশ্যে এইটো সঁচা যে তাইৰ বাপেকে [ ৩৭ ] তাইক মোলৈ কেতিয়াও নিদিয়ে। তথাপি মোৰ মনে দেখোন নামানে। তাইৰ মনটো কেনেকৈ পাওঁ সখি! তাৰে এটা বুধি দিয়া।”

 সৎৰাম-“সখি! চেষ্টা কৰিলে তাইৰ মনটো পাবা। পুৰুষৰ অসাধ্য কি আছে? তুমি একাষাৰ কথা ঘপহকৈ কৈয়ে যে তাইৰ মনটো পাবা এইটো আশা কৰা তোমাৰ ভুল। চেষ্টা কৰি চোৱা। আকৌ এদিন অকলৈ লগ পাবলৈ চেলু বিচাৰি থাকা। চেষ্টাৰ বলত, বুধিৰ বলত মানুহে বনৰীয়া হাতী-মহকো ধৰি বশ কৰিব লাগিছে। তুমি এজনী গাভৰুকে বশ কৰিব নোৱাৰিবানে?

 শান্তিৰাম-সখি! তাইক অকলৈ লগ পোৱাটো বৰ টান কথা। তাই প্ৰায় সততে লগৰীয়াৰ লগতহে পানী নিবলৈ আহে। দৈৱাৎ সেই দিন যি মই অকলৈ লগ পালো। সেই দিনাৰেপৰা আজিলৈকে তাই আৰু নৈৰ ঘাটলৈ অকলৈ অহা নাই।

 সৎৰাম সখি! এই মাহটো বাট চোৱা চ'তৰ নিশা-বিহু আহিব লাগিছে; সেই নিশা-বিহুতে লগ ধৰিবা

 শান্তিৰাম—“সখি? কিনো কম। তাই অগেয়ে নিশা-বিহুত ফুৰিছিল। কিন্তু গল বছৰ তাই নিশা-বিহুলৈ অহা নাছিল। বোধকৰো গাভৰু হোৱা দেখি মাকবাপেকে মানা কৰিছে।

 সৎৰাম—“কোনো প্ৰকাৰে আক তাক লগাইনো তাইক এইবাৰ নিশা-বিহুলৈ আনিব নোৱাৰিনে?

 শান্তিৰাম- “সখি! মোৰ সেইটো সাধ্য নাই। আজি-কালি আমাৰ চুবুৰিৰ কোঁচ-কলিতাসকলৰ জীয়াৰীবোৰেই দশ হলে নিশা-বিহুলৈ যাবলৈ এৰে। সখি! ভাল কথাটো মনত পেলালা। মই কথা এটা ভাবি পাইছোঁ। আমাৰ ৰঙ্গিলী গাভৰুক এটায়ে জানে। তাই প্ৰসিদ্ধ নাচনিয়াৰ। আন কি ৰজা, ৰাজমাও ইত্যাদিসকলেও ভাইৰ [ ৩৮ ] নৃত্য-গীত শলাগে। তাইক সকলোৱে ভাল পায়। তাই কোনো এটা কথা যাকে তাকে খাটিলেই সেই কামটো সিদ্ধি নোহোৱাকৈ নেথাকে। তাই যদি এইবাৰ আমাৰ হিন্দু চুবুৰিলৈ গৈ হিন্দু সঙ্গীহঁতক নাচিবলৈ গাবলৈ মাতে তেন্তে বোধকৰো কেৱে ‘না’ কৰিব নোৱাৰিব। সেইদেখি সখি! মই তোমাক খাটো তুমি মোৰ নাম-ধাম নোকোৱাকৈ ৰঙ্গিলী গাভৰুৰ হতুৱাই তাইক এইবেলি নিশা-বিহুলৈ আনিব নোৱাৰিবনে?”

 সৎৰাম— “হয় সখি! তুমি আচল উপায়টো ভাবিছা। বাৰু মই তোমাৰ সলনি ৰঙ্গিলীক খাটি-লুটি তাইৰ হতুৱাই পদুমীক উলিয়াই অনাই তোমাৰ বুকুত পেলাই দিয়াম। কিন্তু সখি! এটা কথা,ৰঙ্গিলীয়ে জানিবা তাইক আনি তোমাৰ বুকুত দিলে, তাইও জানিবা তোক “ভালপাওঁ” বুলি কলে, তথাচ তুমি মাক বাপেকে নিদিলে তাইক কেনেকৈ পাবা?”

 শান্তিৰাম— “সখি! তাই যদি মোক “ভালপাওঁ” বুলি কয়, তেন্তে তাইক মই পলুৱাই নি আঁতৰত বিয়া কৰাম। মোৰ জেঠাইৰ ঘৰলৈ নি তাইক তাতে বিয়া কৰাম। তাইক আমাৰ হিন্দু মতে বিয়া কৰাই লব পাৰিলেই আৰু এক তোলন নেলাগে দহ তোলনেও আমাক এৰা-এৰি কৰাব নোৱাৰিব।”

 সৎৰাম— “বাৰু সখি! মই সোধো তুমি বেজাৰ নাপাই উত্তৰ দিবা। তাইক নো কেনি কোন বাটেদি পলুৱাই নিবা”

 শান্তিৰাম— “গাৱৰ ম’হ নিয়া বাটেৰে নিম।”

 সৎৰাম— “মহ নিয়া বাটত যদি হেঙাৰ দি থয়।”

 শান্তিৰাম— “ভূঁইতলিৰ বাটেৰে নিম।”

 সৎৰাম— “তাতে যদি ভেটা থাকে।” [ ৩৯ ]  শান্তিৰাম– “তেন্তে পানী অনা বাটেৰে নিম।”

 সৎৰাম—-“তাতো যদি বাধা হয়।”

 শান্তিৰাম—“তেন্তে নৈয়েদি ভটীয়াই—”

 সৎৰাম— (মদৰ ৰাগি লাগি) “ধন্য সখি! ধন্য তোমাৰ প্ৰেম! বাৰু বেয়া নাপাবা। অলপ ধেমালি কৰোঁ। এটা গীত গাওঁ। তুমি শুনা।

গীত—

তোকে যে কেনেকৈ পাম ঐ লাহৰি!
    তোক যে কেনেকৈ পাম।
ভালপোৱা ভাবেৰে, ভালপোৱা মনেৰে।
   চাবি যে লাহৰি ভালপোৱা মনেৰে চাবি।
ভালপোৱা মনেৰে চাম ঐ যে লাহৰি!
      ভালপোৱা মনেৰে চাম;
কিন্তু বিধি যে মোৰ অথালি—বিধি যে মোৰ পথালি
     তোকে যে কোনটো বাটেৰে নিম
 অনা বাটেৰে, ম’হ নিয়া বাটেৰে নিবি।
  ঐ যে সোণাই ঐ ম’হ নিয়া বাটেৰে নিবি
ম’হ অনা বাটতে ম’হ নিয়া বাটতে হেঙাৰ
 ঐ যে লাহৰি ম'হ নিয়া বাটতে হেঙাৰ,
ভূঁইতলিৰ বাটেদি নিবি ঐ যে সোণাই ঐ।
      ভূঁইতলিৰ বাটেৰে নিবি।
তাতে যে মোৰ ভেটা, ঐ তাতে যে মোৰ লেঠা ঐ
      সেই বাটে কেনেকৈ নিম

[ ৪০ ]

পানী অনা বাটেৰে পানী নিয়া বাটেৰে
 নিবি ঐ যে সোণাই ঐ পানী, নিয়া বাটেৰে নিবি।
তাতো যে মোৰ কাঁইট ঐ তাতো যে মোৰ জেং ঐ
   তাতো যে মোৰ থইছে কাঁইট।
নাৱেৰে যে ভটীয়াই নিবি ঐ যে লাহৰি
     ভটীয়াই যে নাৱেৰে নিম;
অচিনাকি দেশত ঐ অচিনাকি বেশত ঐ
     সুখেৰে যে কটামে কাল।

 শান্তিৰাম— ‘সখি! তোমাৰো আৰু ভাল বুধি দিয়া। তৎক্ষণাৎ বিহুৰ গীত এটা জুৰি পেলালা। যি কি নহওক সখি। তোমাৰ দিহা পৰামৰ্শ মতেই চলিম। এতিয়া উঠিবহে খোজো।”

 সৎৰাম- “সখি! আজি গধূলি ৰজাঘৰলৈ যাব৷ নে? কালি স্বৰ্গদেৱে তোমাৰ বিচাৰ লৈছিল। স্বৰ্গদেৱে পচি খেলিব খুজিছিল। পিছত তুমি নথকাত চাৰিজন নহল দেখি খেলা নহল। আজি আহিবলৈ হেলা নকৰিবা।

 শান্তিৰাম – “নিশ্চয় যাম সখি! এতিয়া উঠো হে।”

 সৎৰাম— “ৰবা সখি! আৰু এটুপি অমৃত লৈ যোৱা।”

 শান্তিৰাম- “সখি! সৰহকৈ খালে কেনেবাকৈ বলীয়া হৈ ঢলং-পলং কৰিব পাৰো। বাটত ঢলং-পলং কৰি গলে দেউতাই বুজি পাব। দেউতাই মই মদ খোৱা বুলি বুজি পালে বৰ বেজাৰ পাব। জানায়েতো সখি! মোৰ দেউতা গুৰুঘৰৰ মেধি। মেধিৰ লৰাক মদত মুখ দিয়া শুনিলে আৰু কি থব।”

 সৎৰাম— “ৰবা সখি! ৰজাঘৰত স্বৰ্গদেৱৰ লগত চাৰু-পাঁচ বাটিলৈকে লব পাৰা এতিয়া আমি নিছলাৰ ঘৰত হলে দুটি পিলে [ ৪১ ] ৰাগি ধৰে। তুমি যেতিয়াই আমাৰ আৰু স্বৰ্গদেৱৰ লগ বুলি দেউতাৰে জানে তেতিয়ানো তোমাৰ দেউতাৰে তুমি মদ খোৱানে নোখোৱা এই কথা নজনাকৈ আছেনে?”

 শান্তিৰাম— “সখি! তোমাক আৰু কথাৰে বলে নোৱাৰোঁ। বাৰু, যদি মৰম কৰি আৰু এবাটি খুৱাব খুজিছা তেন্তে আনা।”

 শান্তিৰামৰ এই কথাত সৎৰামে ভিতৰলৈ গৈ আকৌ দুবাটি মদ আনিলে। এবাটি শান্তিৰামক খুৱালে; ইবাটি নিজে খালে। খাবৰ পৰত “হে মোৰ অমৃত! শান্তিৰাম সখিয়ে যেন পদুমীক লভে। আমাৰ শান্তিৰাম সখিৰ হবখোজা ঘৈণীৰ অৰ্থে এই বাটি” বুলি সৎৰামে মদ পিলে। শান্তিৰামেও সৎৰামক সেইলেখীয়া আশীৰ্বাদ দি অমৃত পান কৰি উঠি নিজা ঘৰ পালেহি।

একাদশ অধ্যায়

⸺*⸺

ৰজাৰ ভিতৰুৱা ৰংচ’ৰাত বিহ-বিৰিখৰ গুটি

 গধূলি গৈ নিশা আৰম্ভ হৈছে। স্বৰ্গদেৱ চন্দ্ৰকান্ত সিংহ, সৎৰাম, জয়ৰাম, মনাই এই এটাই কেউজনাই ভিতৰুৱা ৰংচ’ৰাত বহি ধেমালি আৰম্ভ কৰিছে। সৎৰামে এবোৰ চোলা-চুৰিয়া পিন্ধি, পাগুৰি এটা মুৰত মাৰি, হাতত লাখুটি এডাল লৈ ৰজাৰ আগত খোজকাঢ়ি ফুৰিছে। জয়ৰামে তেওঁৰ মূৰৰ ওপৰত এটি জাপি [ ৪২ ] ধৰিছে। সৰামে হুবহু পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়াৰ খোজে-কাটলে ৰজাৰ আগত ওলাইছে। ৰজাই সুধিলে – “সতাই, আজি তুমি আমাৰ আগত আনৰ বেশ ধৰিছানে কি?”

 সৎৰাম- “হয় স্বৰ্গদেৱ ঈশ্বৰ! আজি স্বৰ্গদেৱ ঈশ্বৰে বন্দীক বুঢ়াগোহাঁই বুলি মাতে যেন।

 ৰজা- “(খিলখিলকৈ হাঁহি)—বাৰু! পিছত ডাঙৰীয়া। অজিনো কি সকামে ইয়ালৈ অহা হৈছিল? ৰাজ্যৰ বাতৰি নো কি?

 সৎৰাম- “(সাইলাখ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মাতেৰে) স্বৰ্গদেৱ। ৰাজ্যত এক প্ৰকাৰ সকলো ভাল। কিন্তু দিনক দিনে এই ৰাজ-কাৰ্য্য চলোৱাটোহে টান পাইছোঁ। দিনক দিনে মোৰ বয়স হবলৈ ধৰিছে; তথাপি স্বৰ্গদেৱৰ হিতৰ অৰ্থেহে এই বোজাটো বব লগাত পৰিছোঁ।”

 ৰজা– “কিয়! বোজাটো নমাই থৈ অলপ জিৰণি ললেই হয় দেখোন।”

 সৎৰাম –“(বুঢ়াগোহাঁইৰ মাতেৰে)" স্বৰ্গদেৱ! ভাৰখন নললে ৰাজ্য চলে কেনেকৈ?

 ৰজা— “তেনেহলে আনকো এই ভাৰৰ অলপ অংশ দি বোজাটো পাতলাই ললেই হয় দেখোন।”

 সৎৰাম- (এইবাৰ নিজ মাতেৰে) ভাল হৈছে স্বৰ্গদেৱ। স্বৰ্গদেৱে নেজানেনে জলকীয়াৰ জলায়ে সোৱাদ! সৎৰামৰ এই কথা ৰজাকে মুখ্য কৰি সকলোটিয়ে হাঁহিবলৈ ধৰিলে।

 হাঁহি পাতলালৈ ৰজাই ওচৰতে সি খোটালীত থকা লিগিৰীহঁতক অমৃত আনিবলৈ মাত দিলে। তিনিজনী লিগিৰীয়ে ৰজাৰ নিমিত্তে সোণৰ বাটিত, ই তিনজনৰ নিমিত্তে ৰূপৰ বাটিত আনি [ ৪৩ ] মদ দিলে। চাৰিউজনে মদ খাই লিগিৰীহঁতে সৈতে অলপ চুপতা-চুপতি কৰি আকৌ হাঁহিবলৈ ধৰিলে। এনেতে ভিতৰৰপৰা ৰাজমাৱে লিগিৰীহঁতৰ খোটালীলৈ আহি মাত লগালে—“গোহাঁইদেউ! আজিনো ইমান হাঁহি কেলেই! তুমিনো সদায় লৰা হৈয়ে থাকিবানে?”

 ৰজা—“আইদেউতা। আমি এফেৰা ধেমালি-ধুমুলা কৰাত বেয়া নাপাব। ধেমালি নকৰিলেনো খাবৰ পৰলৈকে এই সময় ফেৰা কেনেকৈ কটাওঁ। আইদেউতাই আমাৰ ফালে মন নকৰি নিজ সকামলৈ গলেই ভাল।” ৰজাৰ এই কথাত ৰাজমাও অলপ বিৰক্ত হৈ গুচি গ'ল।

 এইদৰে পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়াৰ ভাৱ-ভঙ্গি দেখুৱাই থাকোতেই আমাৰ শান্তিৰামো আহি লগ লাগিল। ৰজাই শান্তিৰামক সুধিলে—“কিহে শান্তিৰাম! তুমি, দেখোন আজিকালি আমাৰ ওচৰলৈ আহিবলৈ এৰিলা। কেতিয়াবা আহিলেও দেখেন বেলি কৰা। (সৎৰামলৈ চাই) সতাই! তুমি কব পৰানে আজি কালি আমাৰ শান্তিৰাম আতৈয়ে কোনজনী গাভৰুত বৰশীৰ টোপ পেলাইছে।”

 সৎৰাম—স্বৰ্গদেৱ। মই শুনিছো আমাৰ শান্তিৰামে হেনো তোলন কাকতীৰ জীয়েকত বৰশীৰ টোপ পেলাইছে। এতিয়া কাকতীৰ জীয়েকে সেই টোপ গিলিছেনে নাই কব হলে নোৱাৰোঁ।

 ৰজা- হয়নে শান্তিৰাম? সঁচানে?

 শান্তিৰাম-“স্বৰ্গদেৱ ঈশ্বৰ। আমাৰ সতাই সখিৰ ঠাট্টা, ধেমালি কাহানিনো গুচিব।”

 সৎৰাম—“এৰা সখি শান্তিৰাম! তুমি মোৰ আৰু স্বৰ্গদেৱৰ কথাত নালাগিবা। তুমি মোৰ বুধি মতে স্বৰ্গদেৱ ঈশ্বৰৰ হুকুম শিৰত লই পদুমী গাভৰুৰ ৰূপত জাপ দিয়াগৈ।” [ ৪৪ ]  শান্তিৰাম—“যোৱা সখি! কিবা ধেমালিখন কৰা।”

 সৎৰাম-“মই ধেমালি কৰা নাই। তোলন কাকতী আমাৰ আপৰ ফৈদৰ। তোমাৰ দেউতাৰ আমাৰ ফৈদৰ হলেও সি ফৈদৰ জীয়াৰীত মজিবলৈ নেৰিবা। তুমি যদি পুৰুষৰ পোৱালী হোৱা তেন্তে তুমি যেনে তেনেকৈ পদুমীক চুৰ কৰি পলুৱাই নিবা। তুমি যদি দুমাহ বা বছেৰেকৰ ভিতৰত এই কাম কৰিব নোৱাৰা তেন্তে তোমাক আমি আৰু স্বৰ্গদেৱে আমাৰ লগৰ যোগ্য ডেকা বুলি নাভাবিম। আপৰ ফৈদৰ গাভৰু চুৰ কৰিব পৰাটোহে মজা।”

 শান্তিৰাম—“বাৰু সখি! মোক জানিবা বুধি দিলা। কিন্তু তুমিনো ভাই আজি-কালি কোনজনীত মজিছা?”

 সৎৰাম –“মই ভাই! আমাৰ কুটুম আপৰ সেই সৰুজনী ছোৱালীত তেনেই ভুবি আছো। পানী প্ৰায় মোৰ এগললৈকে। ডুবিবলৈ অলপহে বাকী আছে। মই হলে ভাই সেইজনীকে চুৰ কৰিম। যদি মই চুৰ কৰিব নোৱাৰো তেন্তে মোৰ সতাই নামেই মিছা হব।

 শান্তিৰাম- “ভাই চুৰ কৰিলে তোমাক বুঢ়াগোহাঁই ডাঙৰীয়াই শুদাই এৰিবনে? ডালে-পাতে নাশ কৰিব।”

 সৎৰাম—“তাৰ সাধ্য!! স্বৰ্গদেৱে ইফালে মোক ৰক্ষা কৰিব, সিফালে তাইক যদি মই চুৰ কৰিব পাৰোঁ তেন্তে বশো কৰিব পাৰিম। বশ হলেই তায়ে বাপেকক খাটি-লুটি মোক জোৱাই বোলাব।

 সৎৰামৰ এই কথাত ৰজা, শান্তিৰাম, জয়ৰাম, মনাই চাৰিউজনে “কেনে বঢ়িয়া হব” বুলি হাত চপৰিয়াই হাঁহিবলৈ ধৰিলে। তাৰ পিছত ৰজাই আকৌ লিগিৰীহঁতক মাতিলে। লিগিৰী চাৰিজনীয়ে চাৰি বাটি ফটিকা আনি দিলে। ৰজাই ফটিকা বাটি হাতত লৈ [ ৪৫ ] কলে—“ও ভাইহঁত! বোলে এই বাটি আমাৰ শান্তিৰামৰ, পদুমীৰ, আৰু আমাৰ সতাই সখিৰ হব খোজা ঘৈণীৰ অৰ্থে।”—ৰজাৰ এই কথাত চাৰিউজন ডেকায়ে “জয় পদুমী! জয় সৎৰাম সখিৰ হ'ব খোজা ঘৈণী!” এই বুলি ফটিকা পিলে। ইয়াৰ পিছত ৰজাই আৰু ডেকা কেউজনে লিগিৰীসকলৰৰ নামে ‘জয়! আমাৰ লিগিৰী সকল” বুলি জয়ধ্বনি কৰিলে। ইয়াৰ পিছত ৰজাই ফটিকাৰ ৰাগি লাগি কলে,—“লিগিৰীহঁত! তহঁতৰ এজনীয়ে গগণা বজা—এজনীয়ে নাচ।” ৰজাৰ এই আদেশত এজনী লিগিৰীয়ে গগণা বজালে, দুজনীয়ে চাপৰি বজালে, এজনীয়ে নাচিলে। এইদৰে প্ৰত্যেক জনীৰে এবাৰ এবাৰ নচা হলত ৰজাই লিগিৰীহঁতক ভিতৰলৈ যাবলৈ কলে। সিহঁত ভিতৰলৈ গ’ল। ৰজাই পাশা অনোৱালে। ৰজা আৰু সৎৰাম এফালে হৈ ই কেইজনক আন তিনিফালে দি বুঢ়াগোহাঁই আৰু তেওঁৰ জীয়েকত আৰি থৈ পাশা খেলিলে। নিশা দহোটামান বজাত ৰজাৰ ভোজনৰ সময় হলত চাৰিজন ডেকা ৰজাৰে সৈতে ভোজন-খোটালীলৈ গল। ৰজালৈ সোণৰ মাইহাঙত, ভোজন আহিল, ডেকা কেইজনলৈ কাঁহৰ কাহী-বাটিত ভাগে ভাগে আহিল। হাঁহ, পাৰ, মাছ, মঙ্গহ, ৰঙা চৰাই, কেকোৰা ইত্যাদিৰ অন্ন ব্যঞ্জন আহিল। চাৰিউজনে হাঁহি খিকিন্দালি কৰি আৰু ভোজনৰ লগে লগেও এক আদ বাটি ফটিকা খাই চাংমাইক আৰু ভোজন আনি দিয়া সুন্দৰী লিগিৰীহঁতক শলাগি শলাগি খাই বই উঠি ৰজা নিজ খোটালীত শুলেগৈ, ই চাৰিজন ডেকাইও ৰজাঘৰৰ আন এখোটালীত পাৰি পোৱা ঢলা-বিছনাত পৰিলগৈ। ৰাতিপুৱা ডেকা চাৰিজন ঘৰা-ঘৰি গল। স্বৰ্গদেৱ ঈশ্বৰে প্ৰায় এপৰমান বেলি হোৱাতহে শয্যা ত্যাগ কৰি উঠিল।

[ ৪৬ ]

দ্বাদশ অধ্যায়

⸻:০:⸻

বুৰঞ্জী

 পাঠক-পাঠিকাসকল! আমি ডেকা-গাভৰুৰ প্ৰায় আৰু ৰজাৰ ৰং-ধেমালিৰপৰা ক্ষন্তেক আঁতৰি সেই সময়ৰ ৰাজনীতি এফেৰা জনাবলৈ ওলালো। আপোনালোকে অলপ ধৈৰ্য্য ধৰি পঢ়িলেহে আমাৰ এই উপন্যাসৰ আগ-গুৰি ভালকৈ বুজিব।

 স্বৰ্গদেৱ চন্দ্ৰকান্ত সিংহ—বুৰঞ্জীত আছে ১৮১৫ শকত অসমৰ শেষ ৰজা চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱ সোতৰ বছৰ বয়সীয়া ৰজাই হেনো এই বয়সলৈকে ৰাজ-কাৰ্য্যত মন দিয়াতকৈ লগ সমনীয়াৰে সৈতে হাঁহি-খিকিন্দালি কবা, ধেমালিত কাল কটোৱা ইত্যাদিহে ভাল পাইছিল। ভূত কুকুৰাচোৱা বৰাৰ পুতেক সৎৰাম সৰুৰেপৰা হেনো ৰজাৰ খেলৰ লগৰীয়া আছিল। ৰজা হৈও স্বৰ্গদেৱে এই ভূতৰ পুতেকৰ লগ এৰিব নোৱাৰিলে। ৰাজমাওক কাবৌ কোকালি কৰি পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সম্মত লৈ ৰজাই সৎৰামক নিজৰ অষ্টপ্ৰহৰৰে লগৰীয়া কৰি ৰাখিলে। সৎৰামে লাই পাই দিনক দিনে মইমতলীয়া হবলৈ ধৰিলে। আনকি বুঢ়াগোহাঁইক যে নিজে নমনা হলেই ৰজাকো বুঢ়াগোহাঁইৰ বিৰুদ্ধে লগাবলৈ ধৰিলে। ৰজা আৰু সৎৰামৰ অন্যায় আৰু পাপৰেপৰা হেনো অসম দেশখন তল গ'ল। [ ৪৭ ]  যাৰে পাপৰপৰা তল যাওক আমি এইটো জানোঁ যে জাতিৰ বা কোনো এটা পৰিয়ালৰ উঠিবৰ সময়ত অৰ্থাৎ উন্নতিমুখী অৱস্থাত সেই জাতিৰ মানুহবিলাক সুস্থ, বলিষ্ঠ আৰু কৰ্ম্মিষ্ঠ হয় আৰু তাৰ লগে লগে পৰস্পৰে সুন্দৰ মিলাপ্ৰীতিৰে সকলো কাম চলায়। পৰিবৰ সময়ত সেই জাতিৰ মানুহবিলাক, দুৰ্বলী, নিষ্কৰ্মা আৰু তাৰ লগে লগে পৰস্পৰ ঈৰ্ষা, দ্বেষ, অসূয়া ইত্যাদি অসদ গুণবিলাকেৰে ভৰপূৰ হৈ বাদ-বিবাদ কৰি হিংসাহিংসি মৰা-কটা গাই নিজৰো সৰ্ব্বনাশ আৰু দেশৰো অমঙ্গল কৰে। প্ৰবল পৰাক্ৰমী চুকাফাৰ দিনৰে পৰা গৌৰীনাথ সিংহ স্বৰ্গদেৱৰ আগলৈকে আহোম ৰজাসকল বলী, সাহীয়ান আৰু সুকৰ্ম্মা আছিল। পাত্ৰ, মিত্ৰ, মন্ত্ৰী সকলো সেইদৰে সজ আৰু দেশহিতৈষী আছিল। গৌৰীনাথ সিংহ ৰজাৰ দিনৰেপৰা আহোম ৰজাসকল বিলাসী, দুৰ্ব্বল আৰু ক্ষীণ মনৰ হৈ উঠিছিল। আমাৰ আহোম ভাতৃসকলে কয় যে ৰজাই হিন্দুধৰ্ম্ম লোৱাৰ পৰাহে এই অৱনতি হৈছিল। কথাটো আংশিকৰূপে সঁচা। যদি শিৱসিংহ ৰজাৰ ৰাণী ফুলমতী কুৱঁৰীয়ে অতীব ধৰ্মপৰায়ণা হৈ (fanatically devoted ) মোৱামৰীয়া মহন্তক বলেৰে দেৱী সেৱা কৰাই বলি দিয়া ছাগলিৰ আৰু ম'হৰ তেজেৰে ফোট নিদিয়ালেহেতেন তেনেহলে মোৱামৰীয়া বিদ্ৰোহ হৈ দেশ ছাৰখাৰ নহলহেতেন। আনপক্ষে আমি এইটোও কব পাৰোঁ যে হিন্দুধৰ্ম লৈ সবল আহাৰ খাবলৈ এৰাৰ পৰাহে যে আহোমসকল দুৰ্ব্বলী হল এইটো কথা হলে একেবাৰে সঁচা নহয়। ৰজাসকলে নদীয়া শান্তিপুৰৰ শাক্ত ভটাচাৰ্যৰ পৰা শক্তি-মন্ত্ৰ লৈ ইচ্ছামতে খাহি, পঠা, মুৰগী, মদ, মঙ্গহ ইত্যাদি খাব পাৰিছিল। অৱশ্যে তেখেতসকলে ভাৰতবৰ্ষৰ নিচিনা গৰম ঠাইত গৰু, ম'হ খাবলৈ এৰি ভালেই কৰিছিল। আমি হলে ভাবি পাওঁ [ ৪৮ ] যে শস্য-শ্যামলা দেশে, স্নায়ু দুৰ্বলকাৰক হাৱা পানীয়ে আহোম সকলক পাঁচ শতাব্দিৰ ভিতৰত এনেয়ে দুৰ্বল কৰি তুলিছিল। যি কি কাৰণেই হওক বা যে দুৰ্বল হৈছিল তাত কোনো ভুল নাই। ৰজাৰ লগে লগে তেওঁৰ বিষয়াবিলাকো দুৰ্বল হৈছিল। কিন্তু তাৰে মাজত দুই এজন বিষয়া প্ৰতাপী হৈও উঠিছিল। যি জন প্ৰতাপী হৈ উঠিছিল সেইজনে অৱশ্যে নিজেও সময়ে সময়ে স্বাৰ্থপৰ হৈ অন্যায় কাম কৰিছিল, আৰু সেইজনক আনসকলে হিংসাও কৰিছিল। এইবিলাক কাৰণতে দেশত অশান্তি আৰু অনিষ্টৰ সূত্ৰপাত হৈছিল। কমলেশ্বৰ সিংহ স্বৰ্গদেৱৰ দিনৰেপৰা আহোম ডাঙৰীয়াসকলৰ ভিতৰত মহামতি পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়াই প্ৰবল প্ৰতাপী হৈ উঠিছিল। তেওঁৰ লৰা সাতটা। তেওঁ প্ৰবল তীক্ষ্ণ বুদ্ধিৰ আছিল। কি বিদ্যাত, কি বুদ্ধিত, কি বলত তেওঁৰ সমকক্ষ কেও নাছিল। কমলেশ্বৰ সিংহ স্বৰ্গদেৱ স্বৰ্গী হলত এই পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়ায়ে পিতৃহীন চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱক ৰজা পাতে। বৰপাত্ৰ গোহাঁই আৰু বৰগোহাঁই ই দুজন ডাঙৰীয়াকো তেওঁ মনোনীত কৰি পাতে। এনে হলত চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে কি কাৰণত পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়াক ভাল নাপাইছিল আৰু অনেক সময়তে তেওঁৰ বিপক্ষে চলিছিল, ইয়াৰ কথা বুৰঞ্জীত একো নাই। বুৰঞ্জীয়ে মাথোন ইয়াকে কয় যে চন্দ্ৰকান্ত সিংহ স্বৰ্গদেও বৰ ক্ষীণ মনৰ আছিল। তাতে সৎৰামে লগাই লগাই তেওঁক পূৰ্ণানন্দ বুঢ়াগোইৰ সম্পূৰ্ণ বিপক্ষ কৰি তুলিছিল।

 ৰুদ্ৰসিংহব জ্যেষ্ঠপুত্ৰ শিৱসিং ৰজাৰ পিছৰেপৰা আহোম সিংহাসনত ৰজাৰ পুতেক ৰজা নহৈ ৰজাৰ ভাই, দূৰসম্পৰ্কীসকলৰো কেৱে কেৱে ৰজা হৈছিল। কি কাৰণত ৰুদ্ৰসিংহ [ ৪৯ ] কালে চলি অহা প্ৰথাটো (অৰ্থাৎ ৰজাৰ জ্যেষ্ঠ পুত্ৰহে ৰজা-Law of Primogeniture) ভাঙ্গি থৈ গৈছিল বুৰঞ্জীয়ে এই বিষয়েও একো সঠিককৈ নকয়। কিন্তু এইটো নিশ্চিত যে এই পূৰ্ব্বাপৰ ৰীতিটো ভঙ্গ কৰাৰ ফলতে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ নিচিনা প্ৰবল পৰাক্ৰমী মন্ত্ৰীসকলে তেওঁলোক ইচ্ছা অনুসৰি ৰজা পতা ৰজা ভঙ্গা কাম কৰিছিল। সেইদেখি শিৱসিংহ স্বৰ্গদেৱৰ পিছৰেপৰা বজাসকল দুৰ্বলী হৈছিল। ৰজাক দুৰ্ব্বলী দেখিয়েই এইজনা ৰজাৰ পিছৰে পৰা অসমত কেবাটাও বিদ্ৰোহ হৈছিল, যেনে- মোৱামৰীয়া বিদ্ৰোহ, কলিতা ফুকনৰ বিদ্ৰোহ, নলতা ফুকনৰ বিদ্ৰোহ, ভুভুমীৰ বিদ্ৰোহ, দন্দুৱা বিদ্ৰোহ। এই বিদ্ৰোহবিলাকৰপৰা, দেশত মৰা-কটা লাগি। দেশ অশান্তিৰে ভৰপূৰ হৈছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ দিনত বুঢ়াগোহাঁই গোহাঁই, বৰগোহাঁই, বৰপাত্ৰগোহাঁই, ৰাজমাও এইসকল এফলীয়া হৈছিল; আৰু ৰজা, সৎৰাম, গুৱাহাটীৰ বদন বৰফুকন আনফলীয়া হৈছিল। বুৰঞ্জীয়ে কয়, কাপ্তান বলেছলি ছহাবেও কৈ গৈছে যে চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱ এজন দুৰ্ব্বল মনৰ ৰজা আছিল-- a weakling prince.

 ৰাজমাও দেউতা – আহোমৰ দিনত আমাৰ অসমৰ প্ৰত্যেকজন বিষয়ায়ে ৰাজনীতিজ্ঞ আছিল; আৰু সেইদৰে আমাৰ ডাঙৰীয়ানী সকলেও ৰাজনীতি জানিছিল। বিশেষকৈ আমাৰ আহোম ডাঙৰীয়ানী সকল ডাঙৰীয়াসকলৰ সোঁহাত বাওঁহাতৰ দৰে আছিল। বুৰঞ্জীত ইয়াৰ অসংখ্য প্ৰমাণ পোৱা যায়। আহোম ডাঙৰীয়ানীসকলে দেশৰ অৰ্থে প্ৰাণ দিবলৈকো পিছ নুহুহকিছিল। ৰাণী জয়মতী, ৰমণী গাভৰু এইসকলে দেশৰ নিমিত্তে কি কৰিছিল তাক বুৰঞ্জী পঢ়োতা মানুহ মাত্ৰেই জানে। প্ৰত্যেক ৰাজমেলতে আহোম ডাঙৰীয়ানীয়ে [ ৫০ ] অলপ নহয় অলপ নিজৰ প্ৰভাৱ পেলাইছিল। আমাৰ বৰ্তমান চন্দ্ৰকান্ত ৺সিংহ স্বৰ্গদেৱৰ মাতৃও সেইদৰে এজন ৰাজনীতিজ্ঞা ৰাণী আছিল। ৰাজমাৱে ৺পূৰ্ণানন্দ বুঢ়াগোহাঁইক খাটি-লুটি আন আন ফৈদৰ যোগ্য কোৱঁৰ থকাতো চন্দ্ৰকান্তক ৰজা পতাইছিল! ইয়াৰ উপৰিও ৰাজমাৱে বেছকৈ জানিছিল যে পূৰ্ণানন্দ বুঢ়াগোহাঁই অখণ্ড প্ৰতাপী। তেওঁ নিজৰ মানুহকে বৰগোহাঁই আৰু বৰপাত্ৰগোহাঁই পাতি লৈছিল; এনেকুৱা স্থলত বুঢ়াগোহাঁই অসন্তুষ্ট হলে যে ই দুজনা ডাঙৰীয়াক তেওঁ হাতত লৈ তৎক্ষণাৎ ৰজাকো ভাঙ্গিব পাৰে এই কথা জানিছিল ইত্যাদি কাৰণে ৰাজমাও দেউতাই সততে ৰজাক বুঢ়াগোহাঁই বিৰুদ্ধে চাবলৈ হকা-বধা কৰিছিল; কিন্তু মদগৰ্ব্বী যৌৱনগৰ্ব্বী ৰজাই সেই উপদেশ ভাল নাপাইছিল। তেওঁ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পয়োভৰত মনে মনে নিতে উত্তেজিত হৈছিল। মাকে বঢ়িয়াকৈ জানিছিল যে কেচাবুদ্ধিৰ দুৰ্বল মনৰ ৰজাই কেনেবাকৈ অনৰ্থ ঘটাব; সেইবাবে ৰাজমাও দেউতাই সদায় বুঢ়াগোহাঁইক পুতেকৰ শত সহস্ৰ দোষ ক্ষমা কৰিবলৈ গোহাৰি ৰাখিছিল; আৰু বুঢ়াগোহাঁই ডাঙৰীয়াই ৰাজমাৱৰ গোহাৰি সততে ৰক্ষা কৰি চলিছিল।

 মহামতি পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়া- ডাঙৰীয়াৰ বিষয়ে আৰু বেছি বহলাই কবৰ সকাম নাই। মুঠতে ইমানকে কব পাৰি যে ডাঙৰীয়া এজন বৰ বিচক্ষণ ৰাজনীতিজ্ঞ, বুদ্ধিমান, পৰাক্ৰমী, ধনে-জনে ভৰপূৰ মন্ত্ৰী আছিল। তেওঁ ৰাজমাৱব কথা অনুসৰি চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱক মৰম আৰু শ্ৰদ্ধাৰ চকুৰে চাইছিল; কিন্তু কব নোৱাৰি কি কাৰণত ৰজাই তেওঁক বেয়া পাইছিল আৰু তাৰ লগে লগে সৎৰাম আৰু গুৱাহাটীৰ বদন বৰফুকনো তেওঁৰে বিৰোধী হৈছিল। সম্ভৱতঃ তেওঁক বেছি পৰাক্ৰমী দেখিয়ে ইসকলে হিংসা কৰিছিল। [ ৫১ ] বদন বৰফুকন তেওঁৰ বিয়ৈৱেক হৈও কিয় তেওঁৰ বিপক্ষ হৈছিল এই বিষয়ে পিছত কোৱা হব। আমি এইটোও নকৈ নোৱাৰো যে বৰফুকনৰ ফলীয়া আৰু নিৰপেক্ষসকলৰ ভিতৰতে কেৱে কেৱে কৈছিল যে বুঢ়াগোহাঁইৰ দোষতহে অসমলৈ মান আহিবলৈ পালে।

 বদন বৰফুকন আহোমৰ ভাটী ৰাজ্য খণ্ডক এজন বৰফুকনে ৰজাৰ প্ৰতিনিধি হৈ চলাইছিল। এই বৰফুকনজন বাজনীতিজ্ঞ, বাহুবলী, যোদ্ধা আৰু বীৰ তেজৰ মানুহ হোৱাৰ আৱশ্যক আছিল। কিয়নো ভাটীৰ ফালৰপৰাই আহোম ৰাজ্য আক্ৰমিত হবৰ সদা-সৰ্ব্বদা সম্ভৱ আছিল। কোচ ৰজাই আৰু মোগলে এইফালৰপৰাই অসম কেইবাবাৰো আক্ৰমণ কৰিছিল; এই কথা সকলোৰে জনাজাত। লাচিতৰ নিচিনা বৰফুকন দৰাচলতে আহোমৰ বীৰত্বৰ আৰু বুদ্ধিৰ গৌৰবৰ আদৰ্শ আছিল। কিন্তু শেহৰ বৰফুকন বদনচন্দ্ৰই অসমলৈ মান আনি আহোম ৰাজ্য যে ধ্বংস কৰিলেই অসমীয়া ৰাইজৰ দুখ-দুৰ্গতিৰ সীমা নোহোৱা কৰিছিল।

 বুৰঞ্জীত আছে যে বদন বৰফুকনে কামৰূপীয়া প্ৰজাবিলাকক বৰ উৎপীড়ন কৰিছিল। কিন্তু কিয় উৎপীড়ন কৰিছিল এই বিষয়ে বুৰঞ্জীত একো নাই। কিন্তু আমি কামৰূপৰ জনশ্ৰুতিৰ মতে, আৰু দুই এখন অলিখিত বুৰঞ্জীৰপৰাও জানিছো যে এই উৎপীড়নৰ মূলত বদন বৰফুকনৰ, স্বাৰ্থপৰতা আৰু লোভ। বদন বৰফুকনে কামৰূপীয়া প্ৰজাসকলক বিজিত বুলি ভাবি সদায় ঘৃণাৰ চকুৰে চাইছিল। আৰু তাৰ লগে লগে কামৰূপীয়াৰ ধন-সোণ লুটি খাইও হেপাহ নপলাই কামৰূপীয়াক সদায় উঠোতে ‘ঢেকেৰি’, বহোঁতে ‘ঢেকেৰি’, এনেকুৱা বাক্যৰেহে সম্বোধন কৰিছিল। বিষয় বাসনাবিলাকতো পাৰেমানে তেওঁৰ লগত নিয়া অহমীয়াসকলকহে নিযুক্ত কৰিছিল। এই বিষয়াসকলেও কামৰূপীয়াক লুটি-পুটি যে খাইছিল তাৰ উপৰিও ‘ঢেকেৰি’ ‘ডেকেৰি’ বুলি বাক্যবাণেৰে পীড়া কৰিব নেৰিছিল। [ ৫২ ] হঁতৰ লগ ধৰিলে। শান্তিৰামে পদুমীৰ মনৰ ভাৱ বুজিব নোৱাৰি কিং কৰ্তব্য-বিমূঢ় হ’ল। পদুমীক যাবৰ পৰত মাত্ৰ ইয়াকে কলে— “পদুমি! তুমি মোক যেনে তেনেকৈ আকৌ এদিন নৈৰ ঘাটত লগ ধৰিবা।” পদুমীয়ে একো উত্তৰ নিদি লৰি-ঢাপলি সমনীয়াসকলৰ লগলাগি ঘৰ পালেগৈ। আমাৰ শান্তিৰামেও আমন-জিমকৈ ঘৰ পাই ওৰে নিশা ঢাৰিপাটীত পৰি ছাটি-ফুটিকৈ কটালে।

ৰঙ্গিলী-সৎৰাম

 সৎৰাম— হেৰ ৰঙ্গিলি! তই দেখোন আজিকালি আমাৰ ঘৰলৈ আগৰ দৰে সঘনে নাহ। ইয়াৰ কাৰণ কি?

 ৰঙ্গিলী— অহাযোৱা কৰিলেনো কি লাভ হব?

 সৎৰাম— অ’ তই লাভ নেদেখিলে কলৈকো নাযাৱ?

 ৰঙ্গিলী— লাভ নোহোৱা ঠাইলৈ নাযাম তো। তই জানো আজিকালি আমাৰ ঘৰলৈ আগৰ দৰে আহ?

 সৎৰাম— মোৰ পাই! ৰজাৰ লগতে দুভাগখিনি সময় কটাব লাগে, সেইদেখি আন ঠাইলৈ অহাযোৱা কৰিবলৈ সৰহ সময় নাপাওঁ।

 ৰঙ্গিলী— এৰা পাই! তই যেতিয়াই ৰজাৰ লগৰীয়া আমাৰ নিচিনা দুখীয়ালৈ কি কেৰেপ, কৰিবি। ৰজাৰ লগত ৰাজভোগ খাবলৈ পাৱ, ধুনীয়া ধুনীয়া লিগিৰীয়ে সৈতে চুপতি কৰিবলৈ পাৱ, সেই দেখি আমাৰ লেখিয়ালৈ তোৰ কি গয় আছে। সেইদেখি পাই। আমিও যেতিয়া দুখীয়া মানুহ তেতিয়া তোৰ নিচিনা ডাঙৰৰ নো ওচৰ চাপো কেনেকৈ? [ ৫৩ ]  সৎৰাম—ৰঙ্গিলি! তই আৰু ঠাট্টা কৰিবলৈ নেৰ! আছে যদি তামোল এখনকে দে।

 ৰঙ্গিলী— “হৎঁ নে এইখন। এতিয়া পাই যাওঁ গৈ দেই!

 সৎৰাম— নহয় ৰঙ্গিলি, অলপ পৰ ৰবি। আৰু এটা কথা সোধো।

 ৰঙ্গিলী— বাৰু কি কথা সোধ সোধ। মোৰ যাবলৈ পলম হৈছে। আনবিলাক গলেই।

 সৎৰাম— ৰঙ্গিলি! তই মোক ৰজাৰ লগ হোৱাত বেয়া পাইছনে কি?

 ৰঙ্গিলী— এ পাই! আমাৰ নিচিনা দুখীয়া নিছলাৰ বেয়া পোৱা বা ভালপোৱাৰ পৰানো কি লাভ লোকচান আছে?

 সৎৰাম— যা-অ’ ৰঙ্গিলি! তই আৰু পেংলাই কৰিবলৈহে ধৰিলি। সঁচাকৈ কচোন তই বেয়া পাইছনে ভাল পাইছ?

 ৰঙ্গিলী— সঁচাকৈ কবলৈ হলে পাই! বেয়াও পোৱা নাই ভালো পোৱা নাই। ৰজা-ৰাজোৱালৰ লগৰীয়া হলে যেনে সম্পদ তেনে বিপদো আছে। যি কি নহওক মই পাই, এইটো ডাঠি কব পাৰো যে তই অলপতে এখন ডাঙৰ বিষয় পাবি। তেতিয়া আৰু তোক কোনে পাব। তেতিয়াতো তই আৰু আমাৰ নিচিনা দুখীয়া আৰু সৰু মানুহৰ লগত বিহু নাচিবলৈকো আহিব নোৱাৰিবি। তেতিয়া আৰু পাই। তোৰ ওচৰকে চাপিব নোৱাৰিম। কেনেবাকৈ ওচৰ চাপিব পাৰিলেও তোক তেতিয়া “আপুনি” “দেউতা” এনেকৈহে মাতিব লাগিব।

 সৎৰাম— (মিচিকিয়াই হাঁহি) ৰঙ্গিলি, তোক আৰু কথাৰে বলে নোৱাৰোঁ।

 ৰঙ্গিলী— বলে নোৱাৰিবি তো। মোৰ নামেই হৈছে ৰঙ্গিলী। [ ৫৪ ]  শান্তিৰামৰ মহাক মাহীয়েক এমাহৰ মূৰত বন্দীশালৰপৰা ওলাই মাটিবৃত্তি সকলো হেৰুৱাই তেওঁলোকে নৈ পাৰ হৈ গৈ আউনীআটী সত্ৰৰ ওচত গৃহস্থি ভকত হৈ ৰলগৈ।

 আৰু পদুমীৰ ঘৰত? পদুমীৰ ঘৰত পদুমীৰ মাক-বাপেকে দিনে-নিশাই পদুমীক বুজাবলৈ ধৰিলে। শান্তিৰামক পাহৰিবলৈ কলে। বুজালে যে পিতৃ-মাতৃৰ মনত কষ্ট দিয়াটো তেওঁৰ উচিত হোৱা নাই। জীয়াৰী হলে মাক-বাপেকৰ হাকে-বচনে চলিব লাগে। মাক বাপেকে যালৈকে দিয়ে, তালৈকে যাব লাগে। পদুমীয়ে কিন্তু সদায় সেই একেবাৰ কথাকে নেৰিলে। তেওঁৰ কথা এই যে, তেওঁ শান্তিৰামত বাজে আন কালৈকে নাযায়। মাক-বাপেকৰ উচিত যে যুঢ়াগোহাঁইক ধৰি ৰামৰ অপৰাধ ক্ষমা কৰাই তেওঁক বিচাৰি আনি তেওঁতে বিয়া দিব লাগে। পদুমীৰ মন মাক বাপেকে আন কি লগ-সমনীয়া গাভৰুসকলেও এফেৰাকে ভঙ্গাব নোৱাৰিলে। তোলন কাকতীয়ে খঙতে জীয়েকক নাক কাটা বেশ্যা বুনি শাও দিলে যে, ‘তাইৰ কোনো কালতে সুখ নহব; পদুমীয়ে সেই শাও খাইও আমুৰি কৰিবলৈ নেৰিলে। গালি-মাত পাৰি হায়ৰাণ হৈ তোলন কাকতীয়ে অৱশেষত শান্তিৰামক বিচাৰিও পঠিয়ালে। কিন্তু কেৱে কতো নগা পাহাড়ৰ ফালে শান্তিৰামক নাপালে।

 ইফালে হৰিদাসে মণিৰাম মেধিৰ সম্পত্তিৰপৰা খৰচ ভগন লৈ, তোলন কাকতীৰপৰা যোৰণত দিয়া অলঙ্কাৰ-পাতি ওলটাই লৈ আন ঠাইত এজনী ছোৱালী, খুজি-বাচি বিয়া কৰালে।

⸻০⸻

[ ৫৫ ]

চত্বাবিংশৎ অধ্যায়
⸻:০:⸻
বদন বৰফুকন

 মহেশ্বৰ পৰ্ব্বতীয়া ফুকন নাৱেৰে ভটিয়াই গৈ পোৱাৰ আগেয়ে সৎৰাম আৰু তাৰ তিনদিনৰ পিছত শান্তিৰামে গৈ বদনৰ লগ ধৰিলে। সৎৰামে বৰফুকনক জীয়েকৰ চিঠিখন দিলে। চিঠি লিখা আছিল:-

 পৰম পূজনীয় শ্ৰীলশ্ৰীযুক্ত দেউতা ঈশ্বৰৰ

     শ্ৰীশ্ৰীচৰণ কমলেষু:-

 “আমাৰ উজনিত বৰ হুলস্থুল লাগিছে, শহুৰ দেউতাই ই দুজনা ডাঙৰীয়াৰ সৈতে গোট-পিত খাই সৎৰাম চাৰিঙ্গীয়া ফুকনক ৰজাৰ গাৰ ওচৰৰেপৰা বল কৰি উনাই আজোৰাই আনি; তেওঁৰ চুলি কাটি মুৰত ঘোল ঢলাই, গা চুণেৰে ছাটি নগা পাহাড়লৈ খেদিলে। স্বৰ্গদেৱৰ কাবৌ-কোকালিতহে প্ৰাণে নামাৰিলে। এই মেলতে চাৰিঙ্গীয়া বৰুৱা আৰু আন আনো ধৰা পৰিছে। আপোনাৰো নাম বিদ্ৰোহীৰ শাৰীত পৰিছে। আপোনাক ধৰাই আনিবলৈ মহেশ্বৰ পৰ্ব্বতীয়া ফুকনক পঠিয়াইছে। আপনি নিজক ৰক্ষা কৰক। আই দেউতাৰ শ্ৰশ্ৰীচৰণত মোৰ দণ্ডবৎ জনাব। নমৰি জীয়াই আছোঁ।

        আপোনাৰ হতভাগিনী

          পিজৌ-” [ ৫৬ ]  জীয়েকৰ এই চিঠি পাই বদন বৰফুকনে তৎক্ষণাৎ তিনি চাৰিখান ডাঙৰ নাও সজাই বয়ে-বস্তুৱে, সপৰিবাৰে আৰু লগত সৎৰাম, শান্তিৰাম উভয়কে লৈ নাৱেৰে ভটিয়াই ভটিয়াই দুই তিনি মাহে কলিকতা পালেগৈ। তাত লৰ্ড অমিহাষ্ট’ক দেখা কৰি কলে, অসম ৰাজ্যত বৰ হুলস্থুল, প্ৰায় অৰাজকতাৰ দৰে হৈছে। ৰজা লৰা মানুহ। পূৰ্ণানন্দ বুঢ়াগোহঁয়ে অত্যাচাৰ কৰি প্ৰজা ধ্বংস কৰিব লাগিছে। কোম্পানী বাহাদুৰে যেন অসম দেশখান বুঢ়াগোহাঁইৰ হাতৰপৰা কাঢ়ি লৈ দেশত শান্তি স্থাপন কৰে। গবৰ্ণৰ জেনেৰেল লৰ্ত আমহাষ্টে সেই সময়ত Non-intervention Policy অৰ্থাৎ “আমি কাৰো গোলমালত হাত নিদিও” এই নীতিৰ বশবৰ্তী হৈ বদন বৰফুকনক সহায় কৰিবলৈ মান্তি নহল। তেতিয়া বদন বৰফুকনে আন একো উপায় নাপাই তাত থকা মান ৰজাৰ কটকী এজনেৰে সৈতে চিনা-জনা হৈ তেওঁৰ লগতে সাগৰেদি মানদেশলৈ গল। তাই গৈ মানৰ ৰজাক বুজালে যে তেওঁৰ ভাই ৰজাৰ দেশখান ছাৰেখাৰে গল। বঢ়াগোহাঁয়ে তেওঁৰ ভাই ৰজা চন্দ্ৰকান্ত সিংহক ভাঙি নিজে ৰজা হৈ দেশত অত্যাচাৰ কৰি প্ৰজা ধ্বংস কৰিব লাগিছে। তেওঁৰ উচিত ভাই ৰজাৰ দেশখনক উদ্ধাৰ কৰা। মান ৰজাই আমাৰ কামৰূপ উৎপীড়ক বদন বৰফুকনৰ কথা সত্য মানি ১৮১৮ খৃষ্টাব্দত বদনৰ লগত আঠহেজাৰ মান সেনা দি পঠিয়ালে। বাটত দাতি কাষৰীয়া দোৱনীয়া, ফাকিয়াল, ইত্যাদি আৰু আঠহেজাৰ মানুহ এই সৈন্যৰ লগ হোৱাত, ১৬ ষোল হেজাৰ সৈন্যেৰে সৈতে বদনে লগত সৎৰাম, শান্তিৰামক লৈ পাটকাই পৰ্ব্বত শ্ৰেণীৰ মাজেদি, চুৎকা, হুকং এই বাটেৰে প্ৰায় এমাহে আহি নামৰূপ পাই তাতে ছাউনি কৰিলে।

⸻⸻

[ ৫৭ ]

একচত্বাবিংশৎ অধ্যায়
⸻:ᐤ:⸻
মানৰ ৰণ

 বুঢ়াগোহাঁয়ে ভূতৰ পুতেকৰ খবৰ দমন কৰি ভাবিছিল তেওঁ নিষ্কণ্টক হল। কিন্তু মহেশ্বৰ পৰ্ব্বতীয়া ফুকনে বদনক নাপাই এনেয়ে উলটি অহা দেখি অলপ শঙ্কিতো হৈছিল। যদিও তেওঁ মোৱামৰীয়া বিদ্ৰোহৰ দিনৰেপৰা বৰ পৰিশ্ৰম কৰি আৰু এতিয়া ভূতৰ পুতেক সত্ৰাৰ খবৰ দমন কৰি ভৰি আছিল, আৰু তাৰ বাবে গা অলপ অসুস্থও আছিল, তথাপি তেওঁ কৰ্তব্যৰ অনুৰোধত শৃঙ্খলা আৰু শান্তিস্থাপন কৰিবলৈ আহো-পুৰুষাৰ্থ কৰিছিল। তেওঁ সপোনতে ভবা নাছিল যে বদনে ইমান ঘূৰি-পকি আজি আঠ মাহৰ মূৰত আকৌ এটা ধুমুহা সৃজন কৰিব। তেওঁ যেতিয়া শুনিলো যে বদন বৰফুকনে অসংখ্য মান সৈন্য লৈ নামৰূপ পালেহি, তেতিয়া তেওঁৰ মূৰত আকাশ ভাগি চৰগ পৰাৰ দৰে হল। মান অহা বাতৰি পাই তেওঁ লৰালৰিকৈ তেওঁৰ হাউলিৰ চাৰিওফালে এটা কোঠ মৰালে আৰু সেই কোঠৰ ভিতৰত তেওঁৰ ফৈদৰ লৰা তিৰোতা প্ৰায় সকলেটিকে সুমাই ললে। তোলন কাকতিৰ পৰিবাৰ আদিকো তাতে স্থান দিলে। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱ নিবিঘ্নে নিজৰ কাৰেঙতে সোমাই ৰল। লৰা-তিৰোতা এইদৰে থৈ বুঢ়াগোহাঁয়ে পুতেকসকলৰ সহায়ত ওচৰ-সামৰৰ যিমান ডেকা আৰু আদহীয়া বয়সৰ মানুহ পালে সেই সকলোকে গোটালে। সেইসকলৰ ভিতৰত [ ৫৮ ] তোলন কাকতী, জয়ৰাম, মনাই, নৰহৰি ইত্যাদি আমাৰ জনাজাত সকলোটি আছিল। সিফালে ৰঙ্গিলীকে আদি কৰি প্ৰায় ডেৰকুৰি দুকুৰি গাভৰুও যুজত আহত হোৱা সকলক পতিপাল কৰিবলৈ দলবদ্ধ হল। বুঢ়াগোহাঁয়ে এই অলপ সময়ৰ ভিতৰতে এইদৰে চাৰি জোৰ মাথোন ৰণুৱা গোটাই সেইসকলৰ ওপৰত তেওঁৰ বৰপুত্ৰ ৰুচিনাথ গোহাইদেউক সেনাপতি পাতি মানেৰে সৈতে নাম ৰূপতে যুজ দিবলৈ পঠিয়াই দি ইফালে আৰু সৈন্য গোটোৱাৰ চেষ্টাত ৰল। উত্তৰ ফালৰ গাওঁবিলাকলৈ যিমান পাৰে মানুহ গোটাবলৈ চাওদাং পঠিয়ালে।

 সিফালে মানৰ দলত বদন বৰফুকন আৰু মান সেনাপতি মিঙ্গিমাহা তিলোৱাই সৈন্য চলাইছিল। সৎৰাম আৰু শান্তিৰামে তেওঁলোকক সহায় কৰিছিল। নামৰূপ আৰু ৰংপুৰৰ মাজতে তয়া-ময়া ৰণ লাগিল। ৰুচিনাথ গোহাঁইদেউৰ সৈন্য যদিও মান সৈন্যৰ তুলনাত নিচেই তাকৰ (তেওঁৰ ৪০০০ মানৰ ১৮০০০) তথাপি গোহাঁইদেৱে প্ৰবল পৰাক্ৰমৰে এদিন যুজিলে। গোহাঁইদেৱে নিজে ঘোৰাৰ ওপৰত উঠি মুকলি তৰোৱাল হাতত লৈ যিমান পাৰে মান সেনা বধিলে। তেওঁ অতি পুৰুষাৰ্থ কৰি কোনো ৰকমে এটা বৰটোপ টনাই নিয়াইছিল। সেইটোৰ দ্বাৰাই আহোম হিলৈদাৰীসকলে ভালেমান মান সৈন্য বধিলে। কিন্তু লৰালৰিকৈ আনিবলগীয়া হোৱাত আৰু আগৰেপৰা সাজু হৈ থাকিব নোৱাৰা বাবে হিলৈৰ খাৰ ঢুকাল। পাঁচ, ছয় জাই মৰাৰ পিছতেই হিলৈ বন্ধ হল। দুয়ো দলৰে প্ৰধান অস্ত্ৰ আছিল ধেনু, কাড়, বৰ্ষা, ষাঠি, জোঙ আৰু তাৰোৱাল।

 যুজি থাকোতে থাকোতে ৰুচিনাথ গোহাইদেৱ আৰু সৎৰাম সমুখা-সমুখি হল, উভয়ৰে তৰোৱালে তৰোৱালে তয়াময় ৰণ লাগিল। [ ৫৯ ] গোহাঁইদেৱে ঘোৰাৰ পিঠিত, সৎৰাম মাটিত। তথাপি সৎৰাম পিছ নুহুহকিল। সৎৰামৰ অন্তৰত ৰুচিনাথলৈ ভয়ানক ক্ৰোধ। সংৰামে কেবাবেলি ও গোহাঁইদেউৰ ঠেঙত তৰোৱালৰ কোব মাৰিছিল; কিন্তু গোহাঁইদেৱে সু-কৌশলে তৰোৱল পাতি সেই কোব আগুৰিছিল। অৱশেহত আন আন মান সৈন্যে গোহাঁইদেউক খেদি আহি বেঢ়ি ধৰিবলৈ অহাৰ আগেয়ে গোহাঁইদেৱে নিজৰ পিতৃ-পিতামহৰ বীৰত্বলে সুৱৰি সৎৰামক একে কোবে দোচোৱা কৰি সেই ঠাইৰপৰা ঘোৰা মেলাই দিলে। সেইদৰে শান্তিৰামৰ গাতো কাড় এপাত লাগি বেচেৰা শান্তিৰাম ৰণ-থলিত পৰি গল। ইফালে অসমীয়াৰ দলতো নৰহৰি, তোলনকে আদি কৰি প্ৰায় ৩৫০০ ৰণুৱা মৰিল। মানৰ প্ৰায় ৫৬ হেজাৰ সৈন্য মৰিল। অসমীয়াৰ জয়ৰাম, মনাইকে আদি কৰি মুঠেই পাঁচ 'শ সৈন্য ৰল। মানে যেতিয়া উঠানি মাৰি সেই সকললৈ খেদি আহিল, তেতিয়া আৰু ঠাৱৰিব নোৱাৰি সেই চাৰি পাঁচ শ অসমীয়া যেয়ে যিফালে পালে পলাল। ৰুচিনাথ গোহাইদেৱে যদিও সৎৰামৰ লগত যুজ কৰোতে ভৰিত দুঠাইত আঘাত পাইছিল তথাপি ঘৰমুখে ঘোৰা চেকুৰাই গল। মানে ৰংপুৰৰ ফাললৈ প্ৰায় তিনি চাৰি মাইল মান গৈ সেই দিনা তাতে ৰল। তাৰ পিছদিনা ১৫ মাইল বাট খোজ কাঢ়ি গৈ ৰংপুৰ নগৰৰ সীমাত, জয়সাগৰ পুখুৰীৰ কাষত কোঠ মাৰি বহি তাৰ পিছ দিনা বদনে চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱলৈ কটকী পঠিয়াই জনালে যে স্বৰ্গদেৱে কোনো ভয় কৰিব নালাগে। মাত্ৰ বুঢ়াগোহাঁইক সপৰিবাৰে তেওঁৰ ওচৰত সমৰ্পণ কৰিলেই সকলো লেঠা ছিগিব। ৰজাই কিংকৰ্তব্যবিমূঢ় হৈ কটকীক এই মাত্ৰ কৈ পঠিয়ালে যে তেওঁ একো কৰিব নোৱাৰে। তেওঁ এই ৰাজ্যত নামমাত্ৰহে ৰজা বৰফুকনেই বুঢ়াগোহাঁইৰ সম্পৰ্কে যি ইচ্ছা তাকে কৰক। [ ৬০ ] ইফালে সৈন্য-সামন্ত গোটোৱা পৰিশ্ৰমত আৰু নানা চিন্তাত মহামতি পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ গা অসুখ হল। আগেৰ মোৱামৰীয়া বিদ্ৰোহৰ সময়তে দেশৰ অনেক বলী বলী ৰণুৱা নষ্ট হৈছল। তাতে আকৌ ভূতৰ পুতেকৰ খবৰতে কিছু মানুহ নষ্ট হল। এইবিলাক কাৰণতে আৰু আগৰেপৰা মান আহি দেশ আক্ৰমণ কৰি এনেকুৱা কোনো কথা নজনাৰ বাবে বুঢ়াগোহঁয়ে মানে সৈতে ভালকৈ যুজিবলৈ সৈন্য গোটাব নোৱাৰিলে। মনৰ দুখত তেওঁৰ শৰীৰ আৰু অসুস্থ হল।


দ্বাচত্বাৰিংশ অধ্যায়

বুঢ়াগোহাঁইৰ পৰিণাম

 ৰুচিনাথ গোহাইদেৱে ৰণ এৰিয়েই নিশা নিশাটো ঘোৰা চলাই দি নগৰ পাই বুঢ়াগোহাঁই, ৰজা, ৰাজমাও সকলোটিকে যুজৰ বাতৰি দিলে। ৰাজমাওৰ সতে ৰজা, বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰগোহাঁই এটাইবিলাক গোট খালে আৰু কি কৰা উচিত আলচিলে। ৰাজমাৱে কলে যে এটাইবিলাকেই মান আহি নগৰ পোৱাৰ আগেয়ে নাৱত উঠি পলোৱা উচিত। ৰজাই কিন্তু বৰফুকনৰপৰা ভিতৰ, খবৰ পাইছিল যে বৰফুকন আৰু মানে ৰজাৰ নোম এডালকে নলৰায় কেৱল পুৰ্ণানন্দ বুঢ়াগোহাঁইকহে এসেকা দিব। এই [ ৬১ ] কাৰণে ৰজাই ৰাজপাট এৰি পলাবলৈ সন্মত নহল। তেওঁ কলে যে তেওঁৰ যদি জীউটোও যায় তথাপি ৰাজপাট এৰি তেওঁ নপলায়। বুঢ়াগোহাঁই সপৰিবাৰে পলাব পাৰে। ৰজাৰ এই কথাত ৰাজমাৱে বেজাৰ পাই খঙ কৰি কলে:-“গোহাঁইদেৱে মোৰ পৰামৰ্শ এই দৰে দলিয়াই পেলাব নালাগিছিল। মই স্ত্ৰীমতি হলেও ৰজাৰহে মাক, ৰজাৰহে বিধৱা। গোহাঁইদেৱে যদি মৰিবলৈ ভয় নকৰে তেন্তে তেৱো একো ভয় নকৰে; কিন্তু বুঢ়াগোহাঁইদেৱে তেওঁৰ পুত্ৰ পৰিয়ালে সৈতে পলোৱা উচিত; নপলালে তেওঁৰ ৰক্ষা নাই।” বুঢ়াগোহাঁয়ে কলে:- “ৰাজমাও দেউতাই যি কৈছে সেইটো সঁচা মোৰ লৰতিৰোতা সকলোটিকে লৈ ৰুচিনাথ গোহাঁইদেউ নাৱেৰে পলাওক। মোৰ বংশ ৰক্ষা হব লাগে। কিন্তু মোৰ শৰীৰ কাতৰ। মোৰ উঠিব লৰিব পৰা শক্তি নোহোৱা হল। মই ৰজা আৰু ৰাইজৰ সেৱাতে এই শৰীৰ ক্ষয় কৰিলোঁ। মোৱামৰীয়া বিদ্ৰোহৰ দিনৰেপৰা মই জিৰণি নাপালো। এতিয়া মোৰ পলাবৰ ইচ্ছা নাই। মোৰ ইচ্ছা যে ময়ো এই কাৰেঙৰ তলাতল ঘৰৰ ভিতৰতে থাকো। মান আহি পালে মোৰ মৃত্যু হৈছে বুলি কব।” এইদবে কৈ বুঢ়াগোহাঁই ডাঙৰীয়াই কলে :--“ৰাজমাও দেউতা! মোলৈ এই কাৰেঙৰ ভিতৰতে শয্যা এখন পতোৱাওক। মই সৰহ বেলি বহি থাকিব নোৱাৰা হৈছো। মোৰ মূৰটো ঘূৰাইছে।” বুঢ়াগোহাঁইৰ এই কথাত ৰাজমাৱে নিজৰ খোটালিৰ ওচৰৰ খোটালিটোতে লিগিৰীহঁতৰ হতুৱাই শয্যা এখন পতাই গোহাঁইক ধৰাপৰিকৈ নি শুৱালে। বৰগোহাঁই, বৰপাত্ৰগোহাঁই উভয়ে নিজ নিজ ঘৰলৈ গল। ৰুচিনাথ গোহাঁইদেৱে নিজৰ হাউলিলৈ গৈ সকলোকে মান অহা বাতৰি শুনাই লৰালৰিকৈ নাও দুখান আনি তাত বয়-বস্তু যি অলপ পালে তাকে লৈ সপৰিবাৰে দিখৌয়েদি নিশাই [ ৬২ ] নাও মেলি দিলে। তেওঁৰ তোলত পদুমী, পদুমীৰ মাক আৰু কেতখিনি লিগিৰা-লিকচৌ ৰল। নাৱত সকলোটিকে নধৰিলে। পদুমীয়ে কচিনাথ গোহাঁইদেৱৰপৰা খবৰ পাইছিল যে তেওঁৰ পিতৃ তোলন কাকতী আৰু তেওঁৰ দুয়োটা ভায়েক ৰণত পৰিছিল। এই বাতৰি পাবৰেপৰা পদুমীৰ মাক মুৰ্চ্ছিত হৈ পৰিছিল; পদুমীয়ে নিজে কান্দি-কাটিও মাকৰ সেৱা-শুশ্ৰূষাত ৰৈছিল। পদুমীৰ মাকৰ আৰু সেই মূৰ্ছা নেভাগিল। মানে আহি পিছদিনা নগৰ আক্ৰমণ কৰাৰ অলপ আগতে আৰু ৰুচিনাথ গোহাঁইদেউ নিৰাপদে সপৰিবাৰে পলাই যোৱাৰ পিছত পদুমীৰ মাকে নাৰীতনু সামৰিছিল।

 ইফালে শয্যাত পৰিবৰেপৰা মহামতি পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ নৰীয়া শকত হবলৈ ধৰিলে। দাড়ক দাড়ে তেওঁৰ বেমাৰৰ গঢ় বদলিবলৈ ধৰিলে। ওৰে নিশা তেওঁৰ ছাটি-ফুটি আৰু সনে ঘনে মূৰ্ছা গৈছিল। পিছদিনা মানে আহি তেওঁৰ হাউলি ঘেৰাও কৰাৰ প্ৰায় এপৰৰ আগতে তেওঁৰ সুন্দৰ জ্ঞান আহিলত তেওঁ ৰজা, ৰাজমাও, ৰহদৈ লিগিৰী সকলোটিকে মতাই আনি কলে :--“ৰাজমাও দেউতা। স্বৰ্গদেৱ। মই ইহ জনমলৈ বিদায় ললোঁ। স্বৰ্গদেৱে নেজানে, স্বৰ্গদেৱ তেতিয়া সৰু মই বুঢ়াগোহাঁয়ে মোৰ ৰজাৰ হকে ৰাইজৰ হকে মোৱাৰীয়াৰ বিদ্ৰোহৰ দিনৰেপৰা হাড়ভঙ্গা পৰিশ্ৰম কৰি ৰাইজ আৰু ৰজাক ৰক্ষা কৰিছিলো। স্বৰ্গদেৱে সেই ভূতৰ পুতেকৰ লগ নলগা হলে আজি মোৰ আৰু মোৰ মৰমৰ জনমভূমি অসম দেশৰ এই দুৰ্গতি নহলহেঁতেন। মই দিব্য চকুৰে দেখিছো এই মানে অসম ধংস কৰিব।” এই বুলি কৈ বুঢ়াগোহাঁইদেৱে অলপ তম্ভিলে। ৰাজমাৱ নিজহাতে চামুচত কৰি জিভাৰ আগত, অলপ পানী দিলে, সেই পানী ঢোক গিলি বুঢ়াগোহাঁয়ে আকৌ সেহাই সেহাই কলে:[ ৬৩ ] “কিন্তু মই এইটোও দেখিছো যে মানৰ হাতত মোৰ সোণৰ অসম দেশ জুৰুল-জুপুৰা হোৱাৰ পিছত এই দেশ সাগৰৰ সিপাৰৰ প্ৰবল পৰাক্ৰমী বৃটিশ জাতিৰ তললৈ আহিব। বৃটিশৰ সুশাসনত অসম আকৌ গা কৰিব। কিন্তু ৰাজমাও দেউতা! দেশদ্ৰোহী বদন বৰফুকনলৈ সাৱধান হব। হে মাতৃ! মোক তোমাৰ চৰণত স্থান দিয়া?" এই বুলি কৈয়েই অসমৰ শেষ মন্ত্ৰী, মহামতি, স্বদেবশৎসল, পূৰ্ণানন্দ বুঢ়াগোহঁয়ে চকু মুদিলে। অসম-গৌৰৱ পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়া বৈকুণ্ঠি

ত্ৰিচত্বাবিংশ অধ্যায়
⸻০:০:০⸻
মানে সৈতে সন্ধি

ৰজাৰপৰা সেইদৰে বাতৰি পাই বদন বৰফুকনে মানে সৈতে ৰংপুৰ সোমালহি। ৰংপুৰ সোমায়েই বদনে বুঢ়াগোহাঁইৰ হাউলি আক্ৰমন কৰি কেৱল কেতখিনি লিগিৰী-লিকচৌ পালে। মানহঁত সেই লিগিৰী-লিক্‌চৌৰ ওপৰতে অলপ-অচৰপ অত্যাচাৰ কৰিবলৈ নেৰিলে। মিঙ্গিমাহা সেনাপতিয়ে পদুমী গাভৰুক এটাইতকৈ ধুনীয়া দেখি “এইজনী মোৰ হল” বুলি ধৰোৱালে। পদুমী শোকে-দুখে মুৰ্চ্ছিত হল। মিঙ্গিমাহাই পদুমীৰ ভালকৈ শুশ্ৰূষা কৰোৱাই মূৰ্ছা ভঙ্গ কৰালে? বুঢ়াগোহাঁইক সমৰ্পণ কৰক বুলি বৰফুকনে ৰজালৈ খবৰ পঠিয়ালে? কাৰেঙৰ ভিতৰৰপৰ খবৰ আহিল যে বুঢ়াগোহাই ইহলোকত নাই। [ ৬৪ ] বদনে তেতিয়া লগত চাৰি পাঁচোটা মান সৈন্য লৈ ৰাজকাৰেঙৰ ভিতৰলৈ সোমাই ৰজাৰ সৈতে দেখা কৰি ৰজাক জনালে যে তেওঁ মানক ভাৰ-ভেটি দি বঢ়াই বুজাই ওলটাই পঠাব।” দেশদ্ৰোহী বুঢ়াগোহাই মৰিল, আপদ খাণ্ডিল। ৰজাই মানে সৈতে যেনেকৈ সন্ধি কৰিলে আগলৈকো ভাল হব সেইটো কৰিবলৈ বৰফুকনৰ গাতে ভাৰ দিলে। বৰফুকনে তেতিয়া ৰূপ ২৪,০০০, সোণৰ মোহৰ ৮০০০ আৰু ৰজাৰ লিগিৰী হেমো গাভৰুক বুঢ়াগোহাঁইৰ তোলত ধৰা সেই লিগিৰী-লিকচৌৱে সৈতে বাৰ্ম্মা ৰজালৈ ধনে-সোণে বয়ে-বস্তুৱে পঠিয়ালে। মিঙ্গিমাহাই পদুমীক অনি বৰফুকনৰ আগত হাজিৰ কৰি কলে :- “ফুকন ভাঙৰীয়া। এই জী গাভৰু মোৰ নিজা হব। আপুনি তাইক বুজাই কওক।” তেতিয়া বৰফুকনে সুধিলে :-“হেৰ গাভৰুকনি, তোৰ নাম কি? তই কাৰ জীয়েক--কাৰ ঘৈণীয়েক?”

 পদুমী--- (কান্দি কান্দি) মই দেউতা! তোলন কাকতীৰ জীয়েক।

 বৰফুকন—অ! তই বুঢ়াগোহাঁইৰ ফৈদৰ। ভালেই হল। তই আজিৰপৰা মোৰ এই সখি মান সেনাপতিৰ তিৰোতা হলি তোৰ কপাল ভাল!

 পদুমী-- (কান্দি কান্দি) দেউতা ঈশ্বৰ! মই যে বিবাহিতা। মোৰ স্বামী জীয়াই থাকিব পায়।

 বৰফুকন--কোননো তোৰ গিৰিয়েৰ?

 পদুমী-দেউতা ঈশ্বৰ! স্বৰ্গদেৱৰ লগৰীয়া চাৰিয়া ফুকনৰ সখি শান্তিৰাম মোৰ স্বামী।

 বৰফুকন—অ গাভৰু! তোকনো আৰু মই কি কম? তোৰ স্বামী শান্তিৰাম ৰণত মৰিছে। অৱশ্যে তেওঁ জীয়াই থকা হলে মই [ ৬৫ ] সেনাপতি সখিক আন এজনী গাভৰু দি তোক ৰাখিলোহেঁতেন। কিন্তু কি কৰিবি তোৰ কপাল! তই বিধবা।

 পদুমী—কি দেউতা! মই বিধবা! সচাকৈয়ে মই বিধবা?

 বৰফুকন--হেৰ গাভৰুজনি। মইনো বৰফুকনটো হৈয়ো মিছা কৈছোনে? সত্য সত্যে তিনি সত্যে তই বিধবা। মই নিজ চকুৰেই দেখিছো শান্তিৰাম ৰণত পৰিছে--বিশেষ তোৰ দেউতাৰ তৰোৱালৰ কোবতে সি পৰিল।

 বৰফুকনে এইদৰে কলতে পদুমী আকৌ মুৰ্চ্ছিতা হল। মিঙ্গিমাহাই আকৌ মানুহ-দুনুহ লগাই আলফুল কৰি পদুমীক ভোলাই নিজৰ বহালৈ নিয়ালে। তাত সেৱা-যত্ন কৰি আকৌ পদুমীক সজ্ঞান কৰিলে। ইয়াৰ পিছত হেনো আইদেউক এখনি দোলাত কৰি পদুমীক আন এখন দোলাত কৰি লৈ মানহঁতে ধনে-সোণে বয়ে-বস্তুৱে নিজৰ দেশলৈ গল। মিঙ্গিমাহাই ধীৰে ধীৰে অতি যত্ন কৰি পদুমীৰ মন বুজি, তাইক অকপটচিত্তে ভাল পাই সুস্থ কৰি তাইৰ মন ঘুৰাই তাইক তাৰ তিৰোতা কৰি ললে। পদুমীৰ শেষত কি হল পাঠকসকলে আমি লিখা ‘মনোমতী’ উপন্যাসত পাব।

 মানহঁতক বিদায় দি বদন বৰফুকন এইবাৰ দেশৰ গৰাকী হৈ অসম ৰাজ্য চলাব ধৰিলে। বদন বৰফুকনৰ শেষ পৰিণাম কি হল পাঠকসকলে বুৰঞ্জী পঢ়িলেও পাব আৰু আমি লিখা “নিৰ্ম্মল ভকত” আৰু “ৰহদৈ লিগিৰী” নামৰ উপন্যাসতো পাব।

⸻⸻⸻

[ ৬৬ ] চতুচত্বাবিংশ অধ্যায়

ৰঙ্গিলী নামৰূপত মানৰ ৰণত আহত হোৱা অসমীয়া সৈন্যক শুশ্ৰূষা কৰিবলৈ, ৰণৰ গতিবিধি চাবলৈ, ৰঙ্গিলীকে প্ৰমুখ্য কৰি প্ৰায় দুকুৰি আঢ়ৈ কুৰিজনী গাভৰু আৰু চাওডাং মানুহ গৈছিল। ৰণ হৈ যোৱাৰ পিছত মানহঁত আগবাঢ়ি ৰংপুৰৰ ফাললৈ যোৱাত গাৱত লুকাই থকা এইবিলাক ডেকা-গাভৰুৱে নিশা পূৰ্ণিমাৰ জোনৰ পোহৰত আহত হোৱা অসমীয়া ৰনুৱাবিলাকক চাই ফুৰিছিল। ৰঙ্গিলীয়ে চাই ফুৰোতে ফুৰোত সৎৰামৰ শৱটো দেখিলে। চিনি পালে। সেই মুহুৰ্ত্তেই এইজনী, প্ৰেমৰ পুতলীয়ে পাৰেমানে কান্দিলে। বাপেকৰো মৃত শৱটো দেখিলে। এইবিলাক দেখি তেওঁৰ মনটো সংসাৰলৈ একেবাৰে উদাশ হল। যদিও শোকত বিহ্বলা তথাপিও অলপ আঁতৰত শৰ মাজৰপৰা ৰঙ্গিলীয়ে এজন সৈন্যৰ “কোন কত আছ। এটুপি পানী দিয়া, এটুপি পানী দিয়া” এনেকুৱা এটা কৰুণ কাতৰ মাত শুনি সেই ফাললৈ গল। ওচৰ পাই দেখে যে সেইজনা তেওঁৰ চিনাকি একে গাৱঁৰে, তাইব লগৰীয়া শান্তিৰাম। ৰঙ্গিলীয়ে লোটাৰপৰা শান্তিৰামৰ মুখত পানী এটুপি দিলে। শান্তিৰামে সেই পানী ঢোক গিলি অলপ সৰ্থি কলে :--“উঃ ৰাম?” ইয়াৰ পিছতে ৰঙ্গিলীৰ আৰু এফেৰা শুশ্ৰূষা আৰু যত্নত শান্তিৰাম উঠি বহিল। [ ৬৭ ] ৰঙ্গিলীয়ে দেখিলে যে শান্তিৰামৰ সোঁ কাষলতিৰ তলত এপাত কাঁড় লাগি আছে। ৰঙ্গিলীয়ে তৎক্ষনাৎ আন আন চাওডাংবিলাকক মাতি আনি শান্তিৰামক আৰু আন আন কেজনমান আহত সৈন্যক আলকুল কৰি দাঙি গাঁৱলৈ নিয়ালে। তালৈ নি আহতসকলক অলপ অলপ ফটিকা, আৰু কুকুৰাৰ কণী খুৱাই সবল কৰি লৈ সিহঁতৰ ক্ষত ঠাইবিলাকত দৰব-জাতি লগালে। শান্তিৰামৰ কাঁড়পাত বৰ যতনেৰে কাঢ়ি উলিয়ালে। তেজ বৰকৈ ববলৈ নৌ পাওঁতেই তৎক্ষণাৎ বটা বন-দৰব বান্ধি তেজ ৰাখিলে। ৰঙ্গিলী আৰু আন আন গাভৰুসকলৰ যতনত প্ৰায়বিলাকেই আৰোগ্য হল। শান্তিৰামে প্ৰায় কুৰি দিনমানৰ মূৰত উঠি-মেলি ফুৰিব পৰা হলত ৰংপুৰৰ ফালে গল। তাত বৰফুকনক দেখা কৰি পদুমীৰ কথা সুধিলে। সত্য কথা কোৱাৰ ধনুৰ্দ্ধৰ বৰফুকনে শান্তিৰামক কলে যে পদুমী মৰিছে। যদিও বৰফুকনে এই বুজনি দিলে তথাপি শান্তিৰাৰ মনে কলে “পদুমী মৰা নাই।” শান্তিৰামে গাঁৱলৈ গৈ দেখিলে গাওঁ প্ৰায় শূন্য। নিজৰ ঘৰলৈ গৈ দেখিলে তাতে নিজৰ শূন্য ঘৰ পৰি আছে। বাপেকৰ বিষয়ে আৰ-তাৰ মুখে শুনিলে তেওঁ হেনো আউনিআটী সত্ৰৰ ওচৰতে মাজুলীত আছেগৈ। শান্তিৰামে বাপেকক দেখা কৰিবলৈ কোনোৰকমে ব্ৰহ্মপুত্ৰ পাৰ হৈ আউনীআটী পালেগৈ। তাত গৈ শুনিলে যে তেওঁৰ পিতৃ জহনি বেমাৰত, আজি দুমাহ হৈছে, পৰলোকলৈ গৈছে। মাহীয়েকক দেখিলে যে মাহীয়েক স্বামী শোকত সিমান কাতৰ নহৈ তেওঁৰ স্বামীৰ বন্ধু দুই চাৰিজন উদাসীন ভকতৰ যত্নত ধান-চাউল, কাপোৰ-কানি পাই অন্নবস্তুৰ দুখ নোহোৱাকৈ খাই-বই আছে। সংসাৰত চাৰিউপিনে শূন্য দেখি “দেশ এৰি যতে পাওঁ ততে মৰোগৈ” বুলি শান্তিৰামে [ ৬৮ ] উত্তৰ পাৰে পাৰে নাৰায়ণপুৰৰ বাটেদি খুজি-মাগি খাই বৰপেটা পালেগৈ। তাত মহাপুৰুষ গুৰুৰ ধৰ্ম্মত শৰণ লৈ বৃন্দাবনলৈ বুলি ধীৰে ধীৰে খোজ লওঁতে বৰনগৰ পাই সেই কালৰ সেই অঞ্চলৰ বুজৰবৰুৱা চণ্ডীবৰ বৰুৱাক দেখা কৰিলে। চণ্ডী বৰুৱাই শান্তিৰামৰ বুদ্ধি ব্যৱহাৰ আৰু গীত গাব পৰা শক্তি মোহিত হৈ তেওঁক বৃন্দাবনলৈ কিছু কালৰ নিমিত্তে যাবলৈ নিদি নিজৰ লগতে বৰ আদৰ-যত্ন কৰি ৰাখিলে। শান্তিৰামেও প্ৰায় পাচ বছৰ কাল চণ্ডীবৰুৱাৰ আশ্ৰয়ত সুখেৰে কটালে। এনেতে মান শেহ বাৰ আহি বৰনগৰ আৰু চণ্ডীবৰুৱাক কি কৰিলে, শান্তিৰামৰ কি পৰিণাম হল এই সমস্ত পাঠক-পাঠিকাসকলে আমাৰ মনোমতী উপন্যাসত পাব।

কিন্তু ইফালে ৰঙ্গিলীৰ কি হল? পাঠক! শান্তিৰাম ভাল হৈ গুচি যোৱাৰ প্ৰায় এসপ্তাহ মানৰ মূৰত যেতিয়া প্ৰায় সকলোবিলাক আহত হোৱা অসমীয়া মানুহে আৰোগ্য লভিলে⸺তেতিয়া ৰঙ্গিলীৰ পতিপ্ৰাণা মাতৃও সেই গাৱঁতে বৈকুণ্ঠী হোৱাৰ পিছত ৰঙ্গিলী গাভৰু যে কলৈ গল⸺কি কৰিলে কেৱে কব নোৱাৰিলে। [ ৬৯ ]

সামৰণি
:*:

 পাঠক! আজি ভালেমান বছৰ হল বৃন্দাবনৰপৰা তীৰ্থ কৰি অহা এজন বুঢ়া ভগীয়া অসমীয়া বৈষ্ণৱৰ মুখে শুনিছিলো বৃন্দাবনত হেনো প্ৰায় চাৰিকুৰি বছৰীয়া এজন অসমীয়া বৈষ্ণবী আছে। যেই সেই মানুহে হেনো হঠাতে সেই বৈষ্ণবীজনীক লগ নাপায়। তেওঁ আগৰ কৰ মানুহ, কি কথা, কি বতৰা একোকে নকয়। তেওঁ চাৰিকুৰি বছৰ বয়সীয়া হলেও দেখাত হেনো তেওঁক দুকুৰি বছৰীয়া এজনা তেজঃপুঞ্জ কলেবৰৰ মাইকী যেনহে দেখি। তেওঁ বৃন্দাবনত এক নিভুত কুঞ্জৰ মাজত এটি হেনো কুটীৰ নিৰ্ম্মান কৰি আছিল। কিন্তু তেওঁ হেনো সদায় সেই কুটীৰতো নেথাকিছিল। বৃন্দাবনলৈ যোৱা আতুৰত পৰা যাত্ৰীক হেনো বেমাৰ-আজাৰে সেই বৈষবীজনাই শুশ্ৰূষা কৰি ফুৰিছিল। নিতৌ মদনমোহনৰ মন্দিৰলৈ আহিছিল, তাত প্ৰায় দুপৰমান বেলিলৈকে চকু মুদি নিবিষ্ট মনেৰে ধ্যানত থাকিছিল। খোৱাৰ বিষয়ত নিজে কেতিয়াও চাউল সিজাই নেখাইছিল; মনমোহনৰ ভোগৰ যি পাইছিল তাকে মাজে মাজে খাই প্ৰাণ ধাৰণ কৰিছিল। আনকি অনেক সময়ত তেওঁ নিৰালম্ব ব্ৰতেৰে অনাহাৰেও আছিল। তেওঁ নিজৰ কুটীৰতো এটি সুন্দৰ কৃষ্ণমূৰ্ত্তি সাজি তাতে প্ৰায় সততে ধ্যানাবিষ্ট হৈ ৰৈছিল। মানুহ-দুনুহ গলেও কথা-বতৰা নাপাতিছিল, কিন্তু অতুৰত পৰি কোনোবা তেওঁৰ কাষলৈ গলেই তেওঁৰ তৎক্ষনাৎ ধ্যান ভাঙিছিল আৰু তেওঁ সেই আতুৰক যথাসম্ভৱ শুশ্ৰূষা কৰিছিল। ৰোগীৰ [ ৭০ ] ৰোগ চিকিৎসা কৰি ৰোৰ্গীক ভাল কৰিছিল। অনেকেই হেনো বৃন্দাবনত এ বৈষ্ণৱীজনাক প্ৰেমময়ী বাবাৰ অৱতাৰ যেন ভাবি ভক্তিও কৰিছিল। বৃন্দাবনৰ পাণ্ডাসকলে আন কি দূৰ-দূৰান্তৰপৰা বৃন্দাবনলৈ অহা ডাঙৰ ডাঙৰ যোগী ঋষিসকলেও এওঁক শ্ৰদ্ধাভক্তি কৰিছিল। আমাৰ অসমীয়া তীৰ্থযাত্ৰী বৈষ্ণৱজনে হেনো এই মহাবৈষ্ণবীৰ গুণ আৰু কথা শুনি বিচবি বিচাৰি এওঁৰ কুটীৰলৈ গৈছিল আৰু নিজকে অসমীয়া বুলি কৈ হেনো বৈষ্ণবী মাতৃৰে সৈতে কথা-বতৰা পাতিছিল। বৈষ্ণবজনাই হেনো মানৰ প্ৰথম আক্ৰমণ আৰু সন্ধি হবৰেপৰা অসমত কি কি ঘটনা হৈছিল সমস্ত সুধি পুচি লৈছিল। শেহত হেনো বৈষ্ণৱজনৰ কাতৰ উক্তি এৰাব নোৱাৰি তেওঁ পৰিচয় দিছিল যে তেওঁ আগৰ অসমীয়া মানুহেই। তেওঁৰ সব ৰংপুৰত********** তেওঁৰ হেনো পিতৃ-মাতৃয়ে দিয়া****************************** হেনো সুধিছিল—“মা**************************************** এইদৰে কেলেই**************************************** অসমত মোৰ**************************************** [ ৭১ ] তেওঁৰ বয়স চাৰিকুৰি বছৰ হৈছিল। তেওঁ হেনো ভালেমান বছৰ জীয়াই থাকিব। তেওঁৰ দুকুৰি বছৰ বয়স হলে হেনো তেওঁ আৰু বৃন্দাবনত নেথাকিব, উত্তৰা খণ্ডত অৰ্থাৎ হিমালয়ৰ কোনো নিভৃত ঠাইত গৈ যোগত বহিব। এইদৰে কথা-বতৰা হৈ হেনো আমাৰ অসমীয়া বৈষ্ণৱ জনক সেই মহাবৈষ্ণবীয়ে বিদায় দিছিল। পাঠক-পাঠিকাসকল! এতিয়াও এই মহাপ্ৰাণ, মহাসতী, কৃষ্ণৰ আচল গোপী এই বৈষ্ণবী মাতৃজনা জীয়াই আছেনে নাই আমি কব নোৱাৰো। যদি যোগ সঁচা হয়, ভক্তিৰ বল সঁচা হয়, যদি যোগ বলেবে মানুহ দীৰ্ঘজীবী হব পাৰে তেন্তে এই মহাবৈষ্ণবী হয়তো বৃন্দাবনতে গুপ্তভাৱে, নহয় হিমালয়ৰ গতি ওখ ঠাহত সিদ্ধাশ্ৰমত--এতিয়াও জীয়াই আছে।


Flag of India.svg এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০১৯ চনত ১ জানুৱাৰী ১৯৫৯ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব।)